🔹 শিক্ষা বিভাগৰ কঠোৰ নির্দেশনা
বিশেষ বাৰ্তা, ১০ এপ্রিল : নতুন শৈক্ষিক বর্ষ আৰম্ভ হোৱাৰ সময়তে কামৰূপ মহানগৰ জিলাৰ চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয়সমূহৰ শিক্ষকসকললৈ কেতবোৰ কঠোৰ নির্দেশনা জাৰি কৰা হৈছে৷ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক তথা জিলা প্রাথমিক শিক্ষা বিষয়া দীপিকা চৌধুৰীয়ে জাৰি কৰা এই নির্দেশনা অনুসৰি শিক্ষকসকলে পুৱা ৯ বজাৰ পূর্বেই বিদ্যালয়ত উপস্থিত হ’ব লাগিব৷ তেওঁলোকে নির্ধাৰিত সময়তহে বিদ্যালয় এৰিব পাৰিব৷ সেইদৰে শিক্ষকসকলে উপস্থিত হোৱা সময় আৰু বিদ্যালয় এৰাৰ সময় শিক্ষাসেতু এপত প্রদর্শিত হ’ব লাগিব৷ অর্থাৎ বাধ্যতামূলকভাৱে তেওঁলোকে শিক্ষাসেতু এপত বিদ্যালয়ত উপস্থিতিৰ সময় আৰু বিদ্যালয় এৰাৰ সময় অন্তর্ভুক্ত কৰিব লাগিব৷ নির্দেশনাত উল্লেখ কৰা অনুসৰি যদিহে কোনো শিক্ষকে একেৰাহে তিনি দিনৰ বাবে পলমকৈ উপস্থিত হয়, তেনেহ’লে তেওঁৰ এদিনৰ নৈমিত্তিক ছুটী কর্তন কৰা হ’ব৷ সংশ্লিষ্ট শিক্ষকগৰাকীৰ যদি ছুটী জমা নাথাকে, তেনেহ’লে তেওঁৰ এদিনৰ দৰমহা কর্তন কৰা হ’ব৷ প্রতিটো শ্রেণীৰ শিক্ষকসকলে প্রতিগৰাকী শিক্ষার্থীৰ উপস্থিতি লোৱাৰ ক্ষেত্রত দায়বদ্ধ হ’ব৷ তদুপৰি প্রতিদিনে শিক্ষার্থীৰ উপস্থিতি লোৱা বিষয়টো বিদ্যালয়ৰ মুৰব্বীয়ে পৰীক্ষা কৰিব লাগিব বুলিও নির্দেশনাটোত উল্লেখ কৰা হৈছে৷ অৱশ্যে নেটৱর্কৰ সমস্যাৰ বাবে শিক্ষাসেতু এপত শিক্ষার্থী আৰু শিক্ষকসকলে উপস্থিতি দিব নোৱাৰিলে সংশ্লিষ্ট হোৱাটছএপ গ্রুপত জিঅ’ টেগ গ্রুপ ফটো আপলোড কৰিবলৈ নির্দেশ দিয়া হৈছে৷ তদুপৰি নির্দেশনাটোত বিদ্যালয়সমূহ খোলা ৰখাৰ সময়ো নির্ধাৰণ কৰি দিয়া হৈছে৷ সেই অনুসৰি কামৰূপ মহানগৰ জিলাৰ সকলো প্রাথমিক বিদ্যালয় বিয়লি ২.০৫ বজা পর্যন্ত খোলা ৰাখিব লাগিব৷ মধ্য ইংৰাজী তথা এম ভি বিদ্যালয়সমূহ বিয়লি ৩.২৫ বজালৈ খোলা ৰাখিব লাগিব৷ সকলো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় বিয়লি ৩.২৫ বজালৈ খোলা ৰাখিব লাগিব বুলি নির্দেশনাটোত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শকগৰাকীয়ে উল্লেখ কৰিছে৷ আনহাতে, বিদ্যালয়সমূহৰ অনাশিক্ষক–কর্মচাৰী ১০ বজাৰ পূর্বে বিদ্যালয়ত উপস্থিত হ’ব লাগিব৷ তেওঁলোক বিয়লি ৪.৩০ বজা পর্যন্ত বিদ্যালয়সমূহত উপস্থিত থাকিব লাগিব৷ কোনোধৰণৰ কার্যালয়কেন্দ্রিক প্রতিবেদনৰ প্রয়োজন হ’লে তেওঁলোকে প্রদান কৰিব পাৰে৷ ইপিনে, সকলো স্নাতকোত্তৰ শিক্ষকে নৱম শ্রেণীৰ পৰা পাঠদান কৰিব লাগিব বুলিও নির্দেশনাত উল্লেখ কৰিছে৷ উক্ত সকলো নির্দেশনা কঠোৰভাৱে কার্যকৰী কৰাৰ ক্ষেত্রত প্রধান শিক্ষক দায়বদ্ধ হ’ব৷ স্নাতকোত্তৰ শিক্ষকসকলৰ উপস্থিতি তথা শ্রেণীৰ বিৱৰণৰ তালিকাৰ হার্ড কপী ভৱিষ্যৎ প্রয়োজনীয়তাৰ বাবে বিদ্যালয়সমূহত সংৰক্ষণ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰিছে৷