নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুমুনীচকী ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকক প্রহাৰ

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ ক’ৰোনা ভাইৰাছক লৈ বিশ্বজুৰি আতংক সৃষ্টি কৰাৰ সময়তে কর্তব্যৰত এগৰাকী চিকিৎসকক চিকিৎসালয়তে একাংশ লোকে শাৰীৰিকভাৱে প্রহাৰ কৰা ঘটনাক লৈ দৰং জিলাত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ৷ জানিব পৰা মতে, দুমুনীচকী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক সিদ্ধার্থকৃষ্ণ ডেকাক কালি দিনৰ ভাগত মৰণোত্তৰ প্রমাণ–পত্র সম্পর্কীয় বিষয়ৰ পৰা সূত্রপাত হোৱা ঘটনাত খর্গহস্ত হৈ নিজৰ চৰকাৰী কক্ষতে প্রহাৰ কৰে দুমুনীচকীৰ কেইগৰাকীমান লোকে৷ আনকি উত্তেজিত একাংশ ৰাইজে চিকিৎসকগৰাকীক দীর্ঘ সময় ধৰি চিকিৎসালয়খনত আবদ্ধ কৰি ৰাখে যদিও পিছত ছিপাঝাৰ থানাৰ আৰক্ষী গৈ চিকিৎসকগৰাকীক উদ্ধাৰ কৰে৷ চিকিৎসকগৰাকীয়ে বুকুত সামান্য আঘাত পায় বুলিও আৰক্ষীয়ে প্রকাশ কৰে৷ ঘটনা সন্দর্ভত চিকিৎসক সিদ্ধার্থকৃষ্ণ ডেকাই ছিপাঝাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰ মর্মে চিকিৎসকগৰাকীয়ে শ্বাহ আলম, মমতাজ আলী আৰু বাহাৰুল ইছলাম নামৰ লোক তিনিগৰাকীক পোনপটীয়াকৈ অভিযুক্ত কৰে৷ লক্ষণীয় যে শ্বাহ আলম নামৰ যুৱকগৰাকীয়েই নিজৰ মাতৃৰ মৃত্যুৰ প্রমাণ–পত্র সম্পর্কীয় আবেদনত চিকিৎসকৰ স্বাক্ষৰ বিচাৰি উক্ত চিকিৎসকগৰাকীৰ কাষ চাপিছিল৷ চিকিৎসকগৰাকীৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ থানাত ১৯৩/২০২০ নম্বৰত এটি গোচৰ ৰুজু কৰি ইতিমধ্যে শ্বাহ আলমক গ্রেপ্তাৰ কৰিছে৷

ইপিনে সমগ্র ঘটনাটো সন্দর্ভত চিকিৎসকগৰাকীক অভিযুক্ত কৰি শ্বাহ আলমেও দাখিল কৰিছে এখন এজাহাৰ৷ শ্বাহ আলমৰ ভাষ্য মতে বিগত তিনি দিন ধৰি নিজৰ মাতৃৰ মৃত্যু সম্পর্কীয় প্রমাণ–পত্রৰ বাবে চিকিৎসকগৰাকীৰ কাষ চাপিছিল যদিও চিকিৎসক সিদ্ধার্থ কৃষ্ণ ডেকাই বাৰে বাৰে বিমুখ কৰাৰ লগতে দুর্ব্যৱহাৰ কৰে৷ লোকজনৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ছিপাঝাৰ থানাত ১৯৪/ ২০২০ নম্বৰত এটি গোচৰ ৰুজু কৰিছে৷ ইফালে, দুয়োপক্ষৰ ভিন্নধর্মী ভাষ্যই বিমোৰত পেলাইছে আৰক্ষীকো৷ আজি সন্ধিয়া দৰঙৰ খোদ আৰক্ষী অধীক্ষক অমৃত ভূঞাই নিজে ছিপাঝাৰলৈ আহি ঘটনাৰ বুজ লয়৷ আৰক্ষী অধীক্ষকগৰাকীৰ ভাষ্য মতে দুয়োখন এজাহাৰকে সমানে গুৰুত্ব দিছে আৰক্ষীয়ে৷ স্পর্শকাতৰ ঘটনাটো সন্দর্ভত তদন্তত দোষী কোন পোহৰলৈ আহিব যদিও কর্তব্যৰত অৱস্থাতে চিকিৎসকক প্রহাৰ কৰাটো এটা গুৰুতৰ আৰু জামিনবিহীন অপৰাধ বুলিও সদৰী কৰে আৰক্ষীয়ে৷

You might also like