মার্কিন সামগ্রীত ১২৫ শতাংশ প্রতিশুল্ক আৰোপ
🔹 আমেৰিকাৰ ‘শুল্ক বোমা’ৰ প্রত্যুত্তৰ চীনৰ
নিউজ ডেস্ক, ১২ এপ্রিল : চীন–আমেৰিকাৰ মাজত অব্যাহত শুল্ক যুদ্ধ৷ বিশ্বৰ অন্য দেশবোৰৰ ওপৰত আৰোপ কৰা শুল্ক আগন্তুক ৯০ দিনৰ বাবে স্থগিত ৰাখিলেও চীনৰ বিৰুদ্ধে অতিৰিক্ত শুল্ক আৰোপ অব্যাহত ৰাখিছে আমেৰিকাই৷ লক্ষণীয়ভাৱে চীনা পণ্যৰ ওপৰত আমেৰিকাই ১২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে চীনেও মার্কিন সামগ্রীৰ ওপৰত ১২৫ শতাংশ প্রতিশুল্ক আৰোপ কৰে৷ আমেৰিকাৰ এনে শুল্ক নীতিত শিৰনত নকৰে বুলি ঘোষণা কৰিছে চীনে৷ ইফালে, চীনে মার্কিন সামগ্রীৰ ওপৰত ১২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পাছত চীনা সামগ্রীৰ বিৰুদ্ধে আৰোপিত শুল্কৰ পৰিমাণ আমেৰিকাই ১৪৭ শতাংশলৈ বৃদ্ধি কৰিছে৷ অর্থাৎ শুল্ক যুদ্ধই নতুন মাত্রা লাভ কৰিছে বিশ্বৰ দুই মহাপৰাক্রমী দেশৰ মাজত৷ এই দুয়োখন দেশৰ মাজৰ পৰা এতিয়া বিশ্বজুৰি বাণিজ্যিক যুদ্ধৰ সূত্রপাত ঘটাৰ আশংকাই দেখা দিছে৷ চীনৰ বিত্ত মন্ত্রালয়ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে দেশখনৰ ওপৰত অস্বাভাৱিক হাৰত উচ্চ শুল্ক আৰোপৰ জৰিয়তে আমেৰিকাই আন্তর্জাতিক বাণিজ্যিক নিয়ম, অর্থনৈতিক আইনৰ গুৰুতৰ উলংঘা কৰিছে৷ গতিকে চীনেও ইয়াৰ প্রত্যুত্তৰ দিব৷ এই ঘোষণাৰ পাছতে চীনে মার্কিন সামগ্রীৰ ওপৰত ১২৫ শতাংশ প্রতিশুল্ক আৰোপ কৰে৷ লগে লগে যুযুধান হৈ পৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ ট্রাম্পৰ নির্দেশ অনুযায়ী চীনৰ এনে প্রত্যাহ্বানৰ পাছতে দেশখনৰ সামগ্রীৰ ওপৰত আৰোপিত শুল্কৰ হাৰ ১৪৭ শতাংশলৈ বৃদ্ধি কৰা হয়৷ ইফালে, এই শুল্ক যুদ্ধ চলি থকা সময়তে এইবাৰ ইউৰোপীয় সংঘৰ সহযোগিতা বিচাৰিলে চীনে৷ ইউৰোপীয় সংঘৰ সৈতে ঐক্যবদ্ধ হৈ আমেৰিকাৰ শুল্ক নীতিক প্রত্যাহ্বান জনোৱাৰ বার্তা দিলে ৰাষ্ট্রপতি ঝি জিনপিঙে৷ স্মর্তব্য যে পূর্বে চীনে এইক্ষেত্রত ভাৰতৰ সহযোগিতা বিচাৰিছিল যদিও ভাৰতৰ তৰফৰ পৰা কোনোধৰণৰ সঁহাৰি পোৱা নাছিল৷ ইয়াৰ পাছতে ট্রাম্পৰ শুল্ক যুদ্ধৰ বিৰুদ্ধে ইউৰোপৰ সহযোগিতা বিচাৰিলে জিনপিঙে৷ অৱশ্যে তাৎক্ষণিকভাৱে চীনা ৰাষ্ট্রপতিগৰাকীৰ বার্তাৰ প্রতি কোনোধৰণৰ ইতিবাচক সঁহাৰি প্রদর্শন কৰা নাই ইউৰোপীয় দেশসমূহে৷