নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত স্মৃতি মান্ধানাৰ চিটী ক্রিকেট একাডেমী মুকলি

🔹 মুখ্য প্রশিক্ষক অসমৰ প্রাক্তন ক্রিকেটাৰ ডন ভাগৱতী

নিউজ ডেস্ক, ১৯ এপ্রিল : ভাৰতীয় মহিলা ক্রিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্রিটেহনৰ প্রখ্যাত প্রশিক্ষক তথা অসমৰ প্রাক্তন ক্রিকেটাৰ ডন (অংশুমান) ভাগৱতীৰ সৈতে মিলি ডুবাই আন্তঃৰাষ্ট্রীয় একাডেমী আল বর্ষাত ‘চিটী ক্রিকেট একাডেমী’ নামেৰে এক আন্তর্জাতিক প্রশিক্ষণ কেন্দ্র মুকলি কৰিছে৷ কালি ক্রিকেট প্রেডিক্টাই আয়োজন কৰা এখন সংবাদ মেলত মান্ধানাই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ তেওঁৰ নিৰীক্ষণতে পৰিচালিত হ’ব লগা কেন্দ্রটো ডুবাইৰ প্রথমটো অত্যাধুনিক ক্রিকেট একাডেমী হ’ব৷ সকলো বয়সৰ ল’ৰা–ছোৱালীৰ বাবে মুকলি কৰা এই একাডেমীত ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ তথা ডনৰ পত্নীও মেণ্টৰৰূপে থাকিব৷ সংবাদ মেলত স্মৃতিয়ে কয়– ‘এই একাডেমী কেৱল প্রশিক্ষণ দিয়াৰ বাবেই মুকলি কৰা হোৱা নাই৷ বিশ্বৰ যুৱ ক্রিকেটাৰসকলক ডাঙৰ সপোন দেখিবলৈ, কেৰিয়াৰক লৈ গভীৰভাৱে চিন্তা কৰিবলৈ আৰু পেছাদাৰী খেলুৱৈ হিচাপে প্রতিষ্ঠা কৰিবলৈ উৎসাহিত কৰাৰ মূল লক্ষ্য লোৱা হৈছে৷ ডন আৰু তেওঁৰ পৰিয়ালে মোক সদায় নিজৰ এজনৰ দৰে আদৰণি জনাইছে৷ আমাৰ লক্ষ্য যুৱক–যুৱতীসকলৰ আকাংক্ষিত মানসিকতাক উৎসাহ যোগোৱা আৰু অভিজাত পর্যায়ৰ ক্রিকেটৰ প্রত্যাহ্বানসমূহক দৃঢ়তাৰে প্রত্যাহ্বান জনোৱা৷’ ইফালে, ডুবাইৰ এখন একাডেমীত জড়িত হ’বলৈ পাই গৌৰৱ অনুভৱ কৰা প্রশিক্ষক ডনে মান্ধানাৰ সময়োপযোগী দায়বদ্ধতাক প্রশংসা কৰি কয়– ‘স্মৃতিয়ে ক্রিকেটৰ উচ্চতম পর্যায়ৰ নিষ্ঠা আৰু সততাক মূর্ত কৰি তুলিছে৷ এতিয়া তেওঁ সেইখিনিয়ে ওভতাই দিয়াৰ ইচ্ছা কৰিছে৷ মই বিশ্বাস কৰোঁ যে চিটী ক্রিকেট একাডেমীয়ে আগন্তুক প্রজন্মৰ বাবে সুযোগ অধিক সমৃদ্ধ কৰিব৷’ একাডেমীৰ লক্ষ্য হৈছে গাঁথনিগত প্রশিক্ষণ কার্যসূচী, বর্তমান আৰু পূর্বৰ খেলুৱৈক মেণ্টৰ হিচাপে জড়িত কৰা আৰু ব্রিটেহন তথা ভাৰতৰ অংশীদাৰ একাডেমীৰ সৈতে বিনিময় কার্যসূচীৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় এক্সপ’জাৰ প্রদান কৰা৷ ক্রিকেট প্রেডিক্টাই এই পদক্ষেপৰ কৌশলগত অংশীদাৰ হিচাপে কাম কৰি গৌৰৱ অনুভৱ কৰিছে৷ উল্লেখ্য যে ডনৰ দুটা দশকৰ অভিজাত প্রশিক্ষকৰ অভিজ্ঞতাৰ সৈতে আন্তঃৰাষ্ট্রীয় ক্ষেত্রৰ পৰা স্মৃতিৰ সমসাময়িক অন্তর্দৃষ্টিৰ সংমিশ্রণে এই একাডেমীখনক যুৱ প্রতিভাৰ বাবে এক অনন্য কেন্দ্রলৈ ৰূপান্তৰিত কৰিব৷

You might also like