নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা প্রাইড ইষ্টৰ মনোৰঞ্জনধর্মী চেনেল ‘ৰং’ত ‘আদি অনাদি’ ‘মন আকাশৰ তৰা’–‘ৰামধেনু’ৰ সম্প্রচাৰ

তিনিওখন ধাৰাবাহিকৰ পৰিকল্পনা চিএমডি ৰিণিকি ভূঞা শর্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ এপ্ৰিলঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট্ছ প্রাইভেট লিমিটেডৰ মনোৰঞ্জনধর্মী চেলেন ৰং–এ ব’হাগৰ আগমনত দর্শকৰ বাবে লৈ আহিছে তিনিখনকৈ উন্নতমানৰ নতুন ধাৰাবাহিক৷ আজিৰে পৰা ৰঙত সম্প্রচাৰ হ’বলগীয়া ধাৰাবাহিক তিনিখন হ’ল– ‘আদি অনাদি’, ‘মন আকাশৰ তৰা’ আৰু প্রতি সপ্তাহতে একোটিকৈ নতুন কাহিনীৰ ধাৰাবাহিক শৃংখল ‘ৰামধেনু’৷ আদি অনাদি ধাৰাবাহিকখনৰ মূল কাহিনীৰ আধাৰ হৈছে প্রেম৷ মানুহৰ জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন প্রেম আহি আন্দোলিত কৰে মন আকাশ৷ তাৰ মাজৰ পৰা সঠিক প্রেমৰ নির্বাচন কৰিব পাৰিলেই জীৱনটো হৈ পৰে মোহনীয়৷ প্রেমৰ মূল্যায়ন সঠিক নহ’লে জীৱনৰ ছন্দপতন হ’ব পাৰে৷ অন্তৰৰ নিভৃত কোণৰ পৰা বিচাৰি থকা সঠিক প্রেমানুভূতিয়ে যন্ত্রণাৰ ৰূপ লৈ অবুজ দুখৰ বেদনাই জীৱনক কৰি তোলে অসহনীয়৷ আদি অনাদি ধাৰাবাহিকৰ মুখ্য চৰিত্র ৰ’দালিয়ে বাৰু পালেনে জীৱনৰ প্রকৃত প্রেমৰ সন্ধান? বয়সৰ বিভিন্ন স্তৰত সলনি হৈ থকা ৰ’দালিৰ প্রেমৰ ধাৰণাই তেওঁৰ জীৱনটোক কোনটো পথেৰে লৈ যাব? জীৱনৰ শেষত ৰ’দালিৰ উপলব্ধি, পোৱা– নোপোৱাৰ হিচাপ আৰু জীয়াই থকাৰ তাডনাই কি অৱস্থাত উপনীত কৰাবগৈ? এনে কিছুমান সত্য উপলব্ধিৰে ৰচিত হৈছে ‘আদি অনাদি’ৰ কাহিনী৷ প্রাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ মূল কাহিনীৰ আধাৰত এই ধাৰাবাহিকখনৰ চিত্রনাট্য আৰু সংলাপ ৰচনা কৰিছে ডিম্পী সাউদে৷ ধাৰাবাহিকখনৰ পৰিচালনা ধ্রৱজ্যোতি কাশ্যপৰ৷ চিত্রগ্রহণ মণ্টু দাসৰ৷ আৱহ সংগীত পৰাগ প্রিয়ম নাথৰ৷ শীর্ষ গীতৰ কথা–সুৰ গিতার্থ গিৰিণৰ৷ কণ্ঠদান পাপৰি গগৈ আৰু শীর্ষ গীতৰ সংগীত ব্যৱস্থাপনা পলাশ গগৈৰ৷ এটি সুন্দৰ কাহিনী আৰু উন্নতমানৰ পৰিচালনাৰে নির্মিত এই ধাৰাবাহিকখনত অভিনয় কৰিছে হীৰা নেওগ, প্রাঞ্জনা দত্ত, দ্বিপন ভড়ালী, কুইন শিৱম, অর্ণৱ পৰাশৰ, অনাবিল মহন্ত আদি বহুকেইজন ন–পুৰণি শিল্পীয়ে৷ ৰং চেনেলত কাইলৈৰ পৰা সম্প্রচাৰ হ’বলগীয়া আন এখন নতুন ধাৰাবাহিক হ’ল ‘মন আকাশৰ তৰা’৷ মানুহৰ মনৰ আকাশত থকা বিভিন্ন তৰাবোৰৰ মাজৰ কিছুমান তৰা বৰ উজ্জ্বল আৰু কিছুমান তৰা অনুজ্জ্বল৷ তাৰ মাজতে কোনোবাটো পপীয়া তৰা হৈ আকাশৰ পৰা খহি পৰে৷ মাক–দেউতাকৰ মৰমৰ জীয়ৰী, প্রাণ চঞ্চলা তথা শিক্ষিতা এজনী ছোৱালী ঘটনা ক্রমে আহি জীৱনৰ কৰুণ বাস্তৱৰ মুখামুখি হ’ব লগা হয়৷ এটা সময়ত তাই হৈ পৰে এজনী নিঃসংগ আৰু গম্ভীৰ মাতৃ৷ যি মাতৃয়ে হাজাৰ চেষ্টা কৰিও, নিজৰ সকলোখিনি ত্যাগ কৰিও নিজৰ সন্তানক নিজৰ মতে গঢ় দিয়াত অক্ষম হৈ পৰিল৷ মাতৃত্বৰ বিফলতাই তেওঁৰ জীৱনক লৈ গ’ল এসাগৰ দুখৰ মাজলৈ৷ অনুজ্জ্বল হৈ পৰিল তাইৰ মনৰ আকাশত তিৰ্বিৰাই থকা একমাত্র তৰাটি৷ তাৰ পাছতো কিন্তু তাইৰ জীৱন থমকি নৰয়৷ নিজস্ব গতিৰে গৈ থকা জীৱনৰ ঘাত– প্রতিঘাতৰ এখনি জিয়া ছবি হ’ল এই ধাৰাবাহিক ‘মন আকাশৰ তৰা’৷ ধাৰাবাহিকখনৰ কাহিনী চিম্পল গগৈৰ৷ চিত্রনাট্য–সংলাপ জিতু চেতিয়া আৰু কাজল প্রিয়াৰ৷ মন আকাশৰ তৰাক বলিষ্ঠ পৰিচালনাৰে প্রাণৱন্ত কৰি তুলিছে চিম্পল গগৈয়ে৷ চিত্রগ্রহণ চনু ডেকাৰ৷ শীর্ষগীত দীক্ষু শর্মাৰ৷ বিভিন্ন চৰিত্রত অভিনয় কৰিছে মণি বৰদলৈ, ভগৱৎ প্রিতম, অমিত বৰা, ৰুহি আমিন বৰা আদি বিভিন্ন ন–পুৰণি শিল্পীয়ে৷ ৰং চেনেলৰ এইবাৰৰ বলিষ্ঠ পদক্ষেপ হৈছে বিভিন্ন কাহিনীৰ আধাৰত নির্মিত এখনি ধাৰাবাহিক শৃংখল ‘ৰামধেনু’৷ প্রতিষ্ঠিত গল্পকাৰসকলৰ উপৰি নৱপ্রজন্মৰ বহুকেইজন কাহিনীকাৰৰ একোটা বলিষ্ঠ কাহিনীৰে এই শৃংখলত পৰিৱেশিত হ’ব ছটাকৈ খণ্ডৰ একোখন চুটি ধাৰাবাহিক৷ অসমৰ নৱপ্রজন্মৰ পৰিচালকসকলক এখন বহল মঞ্চ দি দর্শকক তেওঁলোকৰ কর্মৰাজিৰ সৈতে পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে ৰং চেনেলে এই ‘ৰামধেনু’ শৃংখলৰ পৰিকল্পনা কৰিছে৷ অসমৰ বহুকেইজন উদীয়মান পৰিচালকৰ কর্মদক্ষতা ‘ৰামধেনু’ৰ জৰিয়তে প্রকাশ পাইছে৷ সেইসকল হ’ল – কল্যাণজ্যোতি বৰা, কল্পজ্যোতি দাস, অমৰজ্যোতি বৰা, জিতু শইকীয়া, ৰাজাচৰণ সিং, বিক্রম ৰাজখোৱা আদিকে ধৰি প্রায় একুৰি নতুন পৰিচালক৷ সেইদৰে, বহুকেইজন চিত্রনাট্যকাৰৰ সুস্থ তথা বলিষ্ঠ চিন্তাৰে এই শৃংখলৰ চিত্রনাট্য ৰচনা কৰা হৈছে৷ চলচ্চিত্র আৰু দূৰদর্শনৰ প্রায়খিনি জনপ্রিয় শিল্পীয়েই ‘ৰামধেনু’ৰ অভিনয়ৰ লগত জডিত হৈ পৰিছে৷ এই শৃংখলটিৰ শীর্ষ গীতৰ কথা–সুৰ আৰু সংগীত পৰীক্ষিত কলিতাৰ৷ কণ্ঠ সুবাসনা দত্তৰ৷ সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৭.৩০, ৯ আৰু ৯.৩০ বজাত ৰং চেনেলত সম্প্রচাৰ হ’বলগীয়া এই তিনিওখন ধাৰাবাহিকৰ পৰিকল্পনা প্রাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ৷ প্রমো এডিটৰ ৰমেন বৰা, প্রমোচন কল্যাণজ্যোতি বৰা আৰু ধ্রুৱজ্যোতি বৈশ্যৰ, অনুষ্ঠান মুৰব্বী ভাস্কৰজ্যোতি শর্মা৷ বলিষ্ঠ অভিনয়, সুদক্ষ পৰিচালনা আৰু উচ্চমানৰ নির্মাণ শৈলীৰে নির্মিত এই তিনিওখন ধাৰাবাহিক দর্শকৰ প্রথম পছন্দৰ ধাৰাবাহিক হিচাপে পৰিগণিত হ’ব বুলি ৰং চেনেল পৰিয়ালৰ সদস্যসকল একান্ত আশাবাদী৷ যোৱা পোন্ধৰ বছৰে দর্শকক নির্মল মনোৰঞ্জন দি অহা ৰং চেনেল দর্শকৰ আপোন হৈ থাকিবলৈ সদা প্রতিশ্রুতিবদ্ধ৷ এই ব’হাগৰ বতৰত চেনেলটোৱে দর্শকৰ আশীর্বাদ, মৰম আৰু শুভেচ্ছা কামনা কৰিছে৷

You might also like