নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ, পেহেলগামৰ বৰ্বৰতাক গৰিহণা

পঞ্চায়তীৰাজ ব্যৱস্থাই তৃণমূল পৰ্যায়ৰপৰাই ৰাজ্য তথা দেশক শক্তিশালী কৰে

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ অভিযান তুংগত তুলিছে শাসকীয় দল বিজেপিয়ে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰে পৰা আৰম্ভ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। বুধবাৰে সোণোৱালে ঢকুৱাখনা সমষ্টিৰ বাটমাৰীৰ পশ্চিম মাছখোৱা ৰাজহুৱা ভৱনত অনুস্থিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বিশাল জনসভাত তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয় -গাঁৱত বাসকৰা সকলো লোককে  আস্থা আৰু বিশ্বাসত লৈ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰাৰ বাবেই পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তীৰাজ ব্যৱস্থাই তৃণমূল পৰ্যায়ৰপৰাই ৰাজ্য তথা দেশক শক্তিশালী কৰে।পঞ্চায়ত শক্তিশালী হ’লেহে ৰাজ্য শক্তিশালী হ’ব আৰু ৰাজ্য শক্তিশালী হ’লেহে ৰাষ্ট্ৰ শক্তিশালী হ’ব।বৰ্তমান বি জে পি চৰকাৰে ৰাইজৰ উন্নয়নৰ হকে কৰা কামৰ খতিয়ান দাঙি ধৰি সোণোৱালে শাসন ব্যৱস্থা স্বচ্ছ আৰু নিকা হ’লেই গ্ৰাম্য অঞ্চলৰ ৰাইজৰ সামাজিক ন্যায় আৰু অৰ্থনৈতিক উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰি  কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা আঁচনিসমুহৰ ওপৰত বক্তব্য ৰাখি  সভাত কংগ্ৰেছ দলৰ প্ৰতি তীক্ষ্ণ বাক্যবান নিক্ষেপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  কয়- ৬০ বছৰে ৰাজত্ব কৰা কংগ্ৰেছ চৰকাৰৰ দিনত সকলোকে আস্থা আৰু বিশ্বাসত লৈ  সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰাৰ নীতিও নাছিল , নেতাও নাছিল, পৰিকল্পনাও নাছিল আৰু সু-শাসনৰ ব্যৱস্থাও নাছিল। বৰ্তমান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস’ নীতিৰে যিদৰে সৰ্বস্তৰৰ লোকৰে কল্যাণ সাধন কৰি আৰু সকলোকে লগত লৈ দেশখনে আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আত্মবিশ্বাসেৰে আগবাঢ়িছে বুলি মন্তব্য কৰে।ইয়াৰ আগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পেহেলগামত সন্ত্ৰাসবাদীৰ নাৰকীয় আক্ৰমণৰ বলি হোৱা নাগৰিকসকলৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাই।ভাৰতীয় জনতা পাৰ্টি,অসম গণ পৰিষদ ,,সন্মিলিত গণশক্তি,অসমৰ ঢকুৱাখনা জিলাৰ উদ্যোগত আৰু ঘিলামৰা মণ্ডলৰ সহযোগত অনুস্থিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত পঞ্চায়তীৰাজ ব্যৱস্থাক এখন বিকশিত ভাৰত গঢ়াৰ হকে সবল ৰূপত আগুৱাই নিয়াৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।নিৰ্বাচনী প্ৰচাৰ সভাখনত ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি  স্বৰূপ কোঁৱৰ, অগপৰ ৰাজ্যিক সাধাৰণ সম্পাদক তোলন কোঁৱৰ, ঢকুৱাখনা জিলা বিজেপি সমিতিৰ প্ৰাক্তন সভাপতি প্ৰদীপ চমুৱা, বিজেপি, অগপ আৰু সন্মিলিত গণশক্তি অসমৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
#কাশ্মীৰৰ পেহেলগামৰ বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
কাশ্মীৰৰ পেহেলগামৰ বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সুন্দৰ বৰফৰ দৃশ্য উপভোগ কৰিবলৈহে গৈছিল দেশ-বিদেশৰ লোকসকলে, নিৰীহ পৰ্যটকৰ কোনো দোষ নাছিল। আগন্তুক দিনত এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ ভাৰত চৰকাৰে দায়ৱদ্ধতাৰে ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰিব বুলি মন্তব্য কৰি সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় -মোদী চৰকাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তৎপৰতাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
প্ৰেৰক পুলকজ্যোতি বৰা
You might also like