দিল্লীক হৰুৱাই প্লে-অফৰ দিশে বেংগালুৰু
🔹 ক্রুনাল–কোহলিৰ অর্ধশতক : শীর্ষ স্থানলৈ ৰজত বাহিনী
নিউজ ডেস্ক, ২৮ এপ্রিল : ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু-এ চলিত আইপিএলৰ প্লে-অফত প্রৱেশৰ আশা সজীৱ কৰি তুলিছে৷ বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত বেংগালুৰুৱে ঘৰুৱা দল দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷
বেংগালুৰুৱে এতিয়ালৈকে ১০খন মেচৰ ৭খনত জয় আৰু ৩খনত পৰাস্ত হৈ ১৪ পইণ্ট সংগ্রহ কৰিছে৷ বিপৰীতে দিল্লী কেপিটেলছে ৯খন মেচৰ পৰা ১২ পইণ্ট সংগ্রহ কৰি চতুর্থ স্থানত আছে৷ মেচখনত দিল্লীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৬৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও বিৰাট কোহলি আৰু ক্রুনাল পাণ্ডিয়াৰ দুর্দান্ত অর্ধশতকৰ সহায়ত আৰচিবিয়ে ১৮.৩ অভাৰত ৪টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ কোহলিয়ে ৫১ ৰান কৰি আউট হয় যদিও ক্রনালে ৭৩ ৰান কৰি অপৰাজিত হৈ থাকে৷ দলীয় স্ক’ৰ ২৬ ৰানতে তিনিটা উইকেট হেৰুৱাই বিপদত পৰিছিল দলটো৷ কোহলি আৰু ক্রুনালে চতুর্থ উইকেটত ১১৯ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰে৷ টিম ডেভিদে ৫টা বলত অপৰাজিত ১৯ ৰান কৰি দলক জয়ৰ সোৱাদ দিয়ে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি ভুৱনেশ্বৰ কুমাৰ আৰু জ’ছ হেজলউডৰ মনোৰম বলিঙৰ সন্মুখত দিল্লী কেপিটেলছে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬২ ৰান সংগ্রহ কৰে৷ দলটোৰ তাৰকা খেলুৱৈ লোকেশ ৰাহুলৰ বাহিৰে বাকীসকল বেটাৰে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ ৰাহুলে সর্বাধিক ৪১ ৰানৰ অৱদান আগবঢ়ায়৷ ট্রিষ্টান ষ্টাবছে ১৮টা বলত ৩৪ ৰান কৰাৰ লগতে অ’পেনাৰদ্বয় অভিষেক প’ৰেলে ২৮ আৰু ফাফ ডু প্লেছিছে ২২ ৰানৰ অৰিহণা আগবঢ়ায়৷ কৰুণ নায়াৰে মাত্র ৪ ৰান কৰি পেভিলিয়নমুখী হয়৷ আনহাতে, অধিনায়ক অক্ষৰ পেটেলে ১৫, ইমপেক্ট প্লেয়াৰ আশুতোষ শর্মাই মাত্র ২ ৰান কৰে৷ ভিপ্রাজ নিগমে ৬টা বলত ১২ ৰান কৰে৷ আৰচিবিৰ হৈ ভুবনেশ্বৰে সর্বাধিক ৩টা, হেজলউডে ২টা, যশ দয়াল আৰু ক্রুণাল পাণ্ডিয়াই ১টাকৈ উইকেট লয়৷