নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ মে’ত অসমৰ পৰা হজযাত্রী লৈ উৰিব প্রথমখন বিমান

সম্প্রীতি ৰক্ষা কৰি এইবাৰ হজযাত্রীয়ে ডিঙিত গামোচা লৈ যাব হজযাত্রালৈ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : তিনি মে’ত অসমৰ পৰা হজযাত্রী লৈ প্রথমখন বিমান উৰা মাৰিব মক্কা–মদিনালৈ৷ উত্তৰ–পূবৰ ৫ ৰাজ্যৰ মুঠ ২,৭৮২গৰাকী হজযাত্রী এইবাৰ মক্কালৈ যাত্রা কৰিব৷ এই কথা সদৰী কৰিলে উত্তৰ–পূব হজযাত্রী অভ্যর্থনা সমিতিয়ে৷

সংবাদ মেল আয়োজন কৰি সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে প্রকাশ কৰা অনুসৰি মক্কালৈ যাবলগা হজযাত্রীসকলৰ ভিতৰত ১,৯২৭জন পুৰুষ আৰু ৮৫৫গৰাকী মহিলা৷ তিনি মে’ত প্রথমটো দল গুৱাহাটীৰ বিমানবন্দৰৰ পৰা হজলৈ বুলি ৰাওনা হোৱাৰ পিছত পৰৱর্তী সময়ত প্রতিদিনেই প্রতিখন বিমানত ৩২১গৰাকীকৈ হজযাত্রীয়ে যাত্রা কৰিব৷

অধ্যক্ষগৰাকীয়ে প্রকাশ কৰা মতে, অসমৰ পৰা ২,৭৪২গৰাকী, মেঘালয়ৰ পৰা ২৬গৰাকী আৰু মিজোৰামৰ পৰা এগৰাকী হজযাত্রী মদিনালৈ যাত্রা কৰিব৷ ইয়াৰে গুৱাহাটী বিমানবন্দৰৰ পৰা ১,৭২৮গৰাকী, কলকাতা বিমানবন্দৰৰ পৰা ৮১৯গৰাকী, মুম্বাই বিমানবন্দৰৰ পৰা ২২১গৰাকী, দিল্লী বিমানবন্দৰৰ পৰা ১২গৰাকী আৰু হায়দৰাবাদ বিমানবন্দৰৰ পৰা দুগৰাকী হজযাত্রী মক্কালৈ যাব৷

এই সমগ্র প্রক্রিয়াটো পৰিদর্শন কৰিব ১৭গৰাকী পৰিদর্শকে৷ ইফালে পেহেলগামৰ ঘটনাক লৈ যথেষ্ট সৰৱ হোৱা আজি অভ্যর্থনা সমিতিয়ে পাকিস্তানক সমর্থন কৰা লোকক গ্রেপ্তাৰ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়৷ তদুপৰি পাকিস্তানী সমর্থকক কঠোৰ শাস্তি দিয়াৰ লগতে সন্ত্রাসবাদীক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷

পেহেলগাম কাণ্ডক নিন্দা কৰি হজযাত্রী অভ্যর্থনা সমিতিয়ে স্পষ্ট কৰি দিয়ে যে এনে ঘটনাক ল যাতে কোনোৱে সাম্প্রদায়িক বিষবাষ্প বিয়পাব নোৱাৰে, তাৰ প্রতি চৰকাৰ সচেষ্ট হোৱা প্রয়োজন৷ অধ্যক্ষ নেকিবুৰ জামানে কয় যে হজযাত্রাৰ এই সময়ছোৱাত সম্প্রীতিৰ চিনস্বৰূপে প্রতিগৰাকী হজযাত্রীয়ে ডিঙিত একোখনকৈ গামোচা পিন্ধি যাব৷

ইয়াৰ দ্বাৰা মদিনাত গামোচাখন দেখিলেই উক্ত হজযাত্রীগৰাকী অসমৰ বুলি চিনাক্ত কৰাত যথেষ্ট সুবিধা হ’ব৷ তেওঁলোক য’তেই যেনেকৈ নাথাকক কিয়, গামোচাখন দেখিলেই অসমৰ বুলি চিনাক্ত কৰিব পৰা যাব৷

You might also like