নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’নাল্ড ট্রাম্পে ক’ৰোনাক আখ্যা দিলে ‘চাইনিজ ভাইৰাছ’

নিয়মীয়া বার্তা, ১৯ মার্চঃ ক’ৰোনা ভাইৰাছৰ বিশ্বজুৰি বিস্তাৰৰ বাবে চীন জগৰীয়া বুলি বিভিন্ন সময়ত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে অভিযোগ কৰি আহিছে৷ শেহতীয়াকৈ ট্রাম্পে মন্তব্য কৰিছে যে ক’ৰোনা হৈছে ‘চাইনীছ ভাইৰাছ’৷ ক’ৰোনাৰ এই নামহে উপযুক্ত বুলিও ট্রাম্পে উল্লেখ কৰিছে৷

উল্লেখনীয় যে ৱুহানলৈ মার্কিন সেনাই ক’ৰোনা ভাইৰাছৰ বিস্তাৰ ঘটাইছে বুলি চীনৰ বিদেশ মন্ত্রালয়ে সঘনে মিছা অভিযোগ কৰি আহিছে বুলিও উল্লেখ কৰে ট্রাম্পে৷ বিশ্বজুৰি এই মাৰাত্মক ভাইৰাছবিধে বিস্তাৰ লাভ কৰাৰ বিষয়টোক লৈ পুনৰ চীনবিৰোধী স্থিতি স্পষ্ট কৰিছে ট্রাম্পে৷ চীনৰ সকলো অভিযোগ অগ্রাহ্য কৰি এই ভাইৰাছবিধক চাইনিজ ভাইৰাছ বুলি ট্রাম্পে অভিহিত কৰাৰ লগে লগে বিশ্বৰ সংবাদ মাধ্যমত বিষয়টোৱে চর্চা লাভ কৰিছে৷

লক্ষণীয়ভাৱে ট্রাম্পৰ এই মন্তব্যৰ পিছতে তীব্র বিষোদগাৰ প্রকাশ কৰিছে বেইজিং প্রশাসনে৷ চীনৰ ৱুহানৰ পৰাহে বিশ্বজুৰি ভাইৰাছবিধৰ বিস্তাৰ ঘটা বুলি ট্রাম্পে ঘোষণা কৰাৰ উপৰি এয়া চীনৰেই সৃষ্টি বুলিও মন্তব্য কৰিছে৷

You might also like