গৌৰৱ গগৈৰ পাকিস্তানী কানেকচন-ক লৈ সৰৱ শৃংখল চলিহা
গৌৰৱ গগৈৰ পত্নী আৰু সন্তানে ভাৰতীয় নাগৰিকত্ব নোলোৱাটো দেশৰ বাবে দুৰ্ভাগ্যজনক
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মে’ : গৌৰৱ গগৈৰ পাকিস্তানী কানেকচন-ক লৈ সৰৱ শৃংখল চলিহা। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক থকা বিষয়টোক লৈ এইবাৰ সৰৱ হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। গৌৰৱ গগৈৰ পাকিস্তানী কানেকচনক লৈ প্ৰশ্ন তুলিছে শৃংখল চলিহাই।
বিষয়টোক লৈ গৌৰৱ গগৈয়ে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে বুলি আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে শৃংখল চলিহাই। গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে নে যোৱা নাই এই কথাটো ক’বলৈ সাংসদগৰাকীয়ে কিয় সাহস কৰা নাই বুলি সাংবাদিকে শৃংখল চলিহাৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত তেওঁ কয় যে গৌৰৱ গগৈয়ে এই বিষয়টোক লৈ নিজৰ স্থিতি স্পষ্ট কৰিব লাগে। নহ’লে অসমৰ মানুহে, ভাৰতৰ মানুহে গৌৰৱ গগৈক সন্দেহৰ দৃষ্টিৰে চাব। সন্দেহৰ দৃষ্টিৰে ইতিমধ্যে চাইছেই।
তেওঁ কয় যে যোৰহাটৰ মানুহ, শিৱসাগৰৰ মানুহ, যদি কোনোৱা এজন সাংসদ পাকিস্তানৰ লগত সংযুক্ত হৈ থাকে নিশ্চয়কৈ আমি ক্ষোভিত হম। গৌৰৱ গগৈৰ পত্নী আৰু সন্তানে ভাৰতীয় নাগৰিকত্ব নোলোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া দেশৰ বাবে দুৰ্ভাগ্যজনক কথা বুলি বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে মন্তব্য কৰে।
আনহাতে, পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈয়ে মুখ থেকেছা খোৱাৰ কাৰণসমূহৰো তেওঁ ব্যাখ্যা দাঙি ধৰে। তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ মানুহখিনি সম্পৰ্কত নাই বুলি উল্লেখ কৰি কেবল মিডিয়াত ওলাই থাকিলে নহয় বুলি কংগ্ৰেছ নেতৃত্বতক সমালোচনা কৰে।
গৌৰৱ গগৈয়ে তৃণমূল পৰ্যায়ত গৈ মানুহখিনিক যদি লগ নকৰে, তেওঁক যিখিনি মানুহে জিকালে সেই মানুহখিনিক যদি লগ নকৰে, এবাৰো এটা ধন্যবাদ নজনায় নিশ্চয়কৈ মানুহ ক্ষুব্ধ হ’ব বুলি শৃংখল চহিলাই মন্তব্য কৰে। গৌৰৱ গগৈৰ প্ৰতি যে মানুহৰ আস্থা কমি আহিছে সেয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে দেখুৱাইছে বুলি তেওঁ মন্তব্য কৰে।
ইপিনে, বাংলাদেশ মূলৰ মানুহৰ প্ৰতি স’ততে দৰদ দেখুৱাই অহা শিৱসাগৰৰ বিধায়ক অখিল গগৈকো তীব্ৰ কটাক্ষ কৰে শৃংখল চলিহাই। অখিল গগৈৰ গণভিত্তি পূৰ্বতকৈ হ্ৰাস পাইছে বুলি উল্লেখ কৰি কয় যে এজন বিধায়কে যেতিয়া এটাও জিলা পৰিষদ জিকাব নোৱাৰে, তাৰ পৰা এটা কথাই প্ৰমাণ হয় যে আগতকৈ তেওঁৰ গণভিত্তি কমিছে। শিৱসাগৰৰ মানুহ জাতীয়তাবাদী মানুহ, বাংলাদেশীৰ পক্ষত থকা লোকক শিৱসাগৰৰ মানুহে বিশ্বাসত নলয়। বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ সংগ্ৰাম অব্যাহত থাকিব বুলি শৃংখল চলিহাই জানিবলৈ দিয়ে।
অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ লগ হোৱাটো বিচাৰে নে নাই বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে মই জাতীয়তাবাদী শক্তি লগ হোৱাটো বিচাৰো। জাতীয়তাবাদী এখন চৰকাৰ হোৱাটো বিচাৰো। তেওঁ পুনৰ কয় যে জাতীয়তাবাদবিলাক প্ৰকৃত জাতীয়তাবাদ হ’ব লাগিব। মাওবাদী মানুহে জাতীয়তাবাদ কৰিলে নহ’ব।
আজি ৰাজনৈতিকভাৱে বিধ্বস্ত হৈ গৈছে বদৰুদ্দিন আজমল। কিন্তু উজনি অসমত আকৌ এজন নতুন আজমল ওলাইছে। ছদ্মভেশী এজন আজমল ওলাইছে। উজনি অসম বাংলাদেশ কৰিবলৈ বীৰ লাচিত সেনাই নিদিয়ে। উজনি অসমৰ পৰা এজন আজমল ওলাইছে বুলিও পৰোক্ষভাৱে অখিল গগৈক তেওঁ কটাক্ষ কৰে। উজনি অসমত জাতীয়তাবাদৰ ধ্বজ্জা উৰিব বুলি কয় শৃংখল চলিহাই।