নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা-ত ছুনামি হ’ব, নভবা স্থানতো ফুলিব পদুম

🔹 কংগ্রেছৰ লগত হিন্দু–মুছলমান–খ্রীষ্টান কোনো নাথাকে : ড০ শর্মা

বিশেষ বাৰ্তা, ১৬ মে’ : যোৱা লোকসভা নির্বাচনৰ পাছত সদ্যসমাপ্ত পঞ্চায়ত নির্বাচনত লাভ কৰা অভূতপূর্ব সাফল্যই আসন্ন বিধানসভা নির্বাচনৰ বাবে শাসক দল বিজেপিক অধিক আত্মবিশ্বাসী কৰি তুলিছে৷ অহা বিধানসভা নির্বাচনত বিজেপিৰ ছুনামি হৈ যাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি বিলাসীপাৰাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়া যি দেখিছে সেইটো মাত্র আৰম্ভণি৷ অহা বিধানসভা নির্বাচনত ছুনামি হৈ যাব৷ নভবা স্থানতো বিজেপিৰ পদুম ফুলিব৷ কংগ্রেছৰ লগত হিন্দু–মুছলমান–খ্রীষ্টান কোনো নাথাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা চাৰি বছৰত আমাৰ চৰকাৰ আৰু কংগ্রেছৰ ১৫ বছৰৰ লগত যদি তুলনা কৰে, কাৰণটো তাতেই ওলাই আছে৷ অসমখন কংগ্রেছৰ দিনত কিমান অশান্ত আছিল৷ আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে৷ ৰাইজে এটাই বিচাৰে- দেশখন শান্তিত থাকক৷ দেশখনৰ উন্নতি হওক৷ সকলোৱে আগবাঢ়ি যাওক৷ কংগ্রেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ’ব সকলোৱে জানে৷ অসমৰ গাঁৱৰ হোজা মানুহ এজনো ৰাজনৈতিকভাৱে পৰিপক্ব৷ কাক ভোট দিব লাগে তেওঁলোকে জানে৷ সেই কাৰণে নির্বাচনত আমি ভালকৈয়ে জিকিছোঁ৷ দুটামান দিন পাছত কংগ্রেছে হিন্দুও নাপায়, মুছলমানো নাপায়৷ এইবাৰ পঞ্চায়ত নির্বাচনত আমি ১০০ শতাংশ মুছলমান থকা আঠখন জিলা পৰিষদৰ আসনত জিকিছোঁ৷ চৰকাৰৰ পৰা সকলোৱে কাম বিচাৰে৷ সকলোৱে জানে- কংগ্রেছে বিধানসভাত অৰুণোদয় আঁচনি বন্ধ কৰাৰ বাবে চৰকাৰক ধমকি দি থাকে৷ কোনেও নিবিচাৰে নিজৰ অৰুণোদয়টো বন্ধ হৈ যোৱাটো৷ হিন্দুৱে নিবিচাৰে, মুছলমানেও নিবিচাৰে৷ আনহাতে, গোৱালপাৰাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰ বিধানসভা নির্বাচনত আমি পূব গোৱালপাৰাৰ লগতে পশ্চিম গোৱালপাৰাতো জিকিম আৰু জলেশ্বৰতো যুঁজ দিম৷

You might also like