নিয়মীয়া বাৰ্তা, ১৭ মে’ : নাজিৰা সমজিলাৰ অন্তৰ্গত নাজিৰা নগৰৰ সমীপৰ ৰজাপুল গাঁৱৰ নিৱাসী তথা নিৰ্বাচিত পঞ্চায়ত সদস্যা কুঞ্জ বৰগোহাঞিৰ আকস্মিক মৃত্যু ঘটিছে।
উল্লেখযোগ্য যে যোৱা পঞ্চায়ত নিৰ্বাচনৰ দুদিনমানৰ পুৰ্বে উচ্চৰক্তচাপত আক্ৰান্ত হোৱা পঞ্চায়ত সদস্যাগৰাকী দলীয় কামকাজত ব্যস্ত থকা সময়তে পুনৰ অসুস্থ হৈ পৰে আৰু আকস্মিকভাবে মৃত্যুক আকোঁৱালি লয়।
স্মতব্য যে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত মহিলাগৰাকীয়ে বৰবৰুৱা গাওঁ পঞ্চায়তৰ ২নম্বৰ ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱত্তীৰ্ণ হৈ জয়লাভ কৰিছিল।
দলটোৰ নিষ্ঠাবান কৰ্মীগৰাকীৰ মৃত্যুত দলীয় নেতা-কৰ্মীৰ মাজত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত স্বামী, দুই পুত্ৰ সহ বহু আত্মীয়ক ইহ সংসাৰত এৰি গৈছে।