নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ২২ মাৰ্চত জনতা কাৰ্ফিউৰ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

  • ক’ৰনোা মহামাৰী গোটেই বিশ্বৰ মানৱ জাতিৰ বাবে সংকট
  • দেশবাসীক সজাগ হৈ থাকিবলৈ আহ্বান মোডীৰ
  • ১৩০ কোটি জনতাই কৰোনাক ৰোধ কৰিবলৈ নাগৰিক হিচাপে কৰ্তব্য পালন কৰিব লাগিব
  • নিজে সংক্ৰমণৰ পৰা বাচিব লাগিব আৰু আন জনকো সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব
  • এই মহামাৰীৰ পৰা বাচিবল ধৈৰ্য্য ধৰিব লাগিব প্ৰথমতে ভিৰৰ পৰা বাচিব লাগিব,
  • যিহেতু ইয়াৰ কোনো প্ৰতিষেধক নাই গতিকে জন সমাগমলৈ যাব নালাগে
  • লগতে জ্যেষ্ঠ নাগৰিক সকলে যাতে ঘৰৰ পৰা বাহিৰলৈ নাযায়।
  • অপ্ৰয়োজনত ঘৰৰ বাহিৰলৈ নাযাব
  • জনতাই নিজে কাৰ্ফিউ লগাব লাগিব
  • ২২ মাৰ্চৰ দিনা পুৱা ৭ বজাৰ পৰা ৯ বজালৈ সকলো দেশবাসীক জনতাৰ কাৰ্ফিউ লগাবলৈ আহ্বান।
  • সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান
  • এই প্ৰয়াসে দেশক সুৰক্ষিত কৰাৰ এক প্ৰতীক
  • ৰাজ্য চৰকাৰ সমূহৈও আহ্বান যাতে জনতা কাৰ্ফিউ সুকলমে কৰিব পাৰে
  • ক’ৰোনাৰ বাবে দেশৰ অৰ্থনীতিৰ ওপৰতো পৰিছে
  • যাৰ বাবে COVID 19 টাস্ক ফৰ্চ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ নেতৃত্বত গঠন কৰা হ’ব
  • আগন্তুক কিছুদিন কাৰ্যালয়লৈ নাযাব। মালিক পক্ষক দৰমহা কৰ্তন নকৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
  • কোনো অত্যৱশ্যকীয় সামগ্ৰীৰ নাতনি নহয় বুলি আশ্বাস প্ৰধানমন্ত্ৰীৰ
You might also like