নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিহাৰত চাৰি ধৰ্ষণকাৰীক ফাঁচি; ন্যায় পালে নিৰ্ভয়াই

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ অৱশেষত নতুন দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা চাৰি দোষী বিনয় শর্মা , মুকেশ সিং , পৱন গুপ্তা আৰু অক্ষয় কুমাৰ সিংক আজি পুৱা ৫.৩০ বজাত ফাঁচিকাঠত ওলমোৱা হ’ল ।

চাৰি দোষীৰ এজনৰ ক্ষমাৰ আবেদন বাকী থকা বুলি ফাঁচি স্থগিত ৰাখিবলৈ তিনি নৰপিশাচ অক্ষয় কুমাৰ সিং, পৱন গুপ্তা আৰু বিনয় শর্মাই জনোৱা আবেদন বৃহস্পতিবাৰে দিল্লী আদালতৰ অতিৰিক্ত সত্র বিচাৰপতি ধর্মেন্দৰ ৰাণাই নাকচ কৰি পূর্বনির্ধাৰিত তাৰিখত ফাঁচিৰ হুকুম কার্যকৰী কৰিবলৈ নির্দেশ দিয়ে৷

উল্লেখ্য যে আইনী প্রক্রিয়াৰ সুযোগ লৈ ইতিপূর্বে চাৰি নৰপিশাচে ২২ জানুৱাৰী, ১ ফেব্রুৱাৰী আৰু ২ মার্চৰ ফাঁচিৰ হুকুম স্থগিত ৰাখিবলৈ সক্ষম হোৱাৰ পিছত ২০ মার্চৰ পুৱা ৫.৩০ বজাত হ’বলগীয়া ফাঁচিও স্থগিত ৰখাৰ বাবে বিভিন্ন পন্থা লৈছিল৷ কিন্তু চাৰি নৰপিশাচৰ কোনো আইনী প্রক্রিয়া বাকী নাই বুলি স্পষ্ট কৰি দি অতিৰিক্ত সত্র বিচাৰপতি ৰাণাই যোৱা ৫ মার্চত জাৰি কৰা মৃত্যু পৰোৱানা কার্যকৰী কৰাৰ নির্দেশ দিয়ে৷

উল্লেখ্য যে ২০১২ চনৰ ১৬ ডিচেম্বৰত দেশৰ ৰাজধানী দিল্লীত চলন্ত বাছত পেৰামেডিকেলৰ ছাত্রী এগৰাকীক ছয় নৰপিশাচে ধর্ষণ কৰি নিষ্ঠুৰ–নির্দয় নির্যাতন চলাইছিল৷ শিহৰণকাৰী এই ঘটনাৰ বলি হোৱা ছাত্রীগৰাকীক ‘নির্ভয়া’ নামকৰণেৰে গোচৰটি চলিছিল৷ ১৬ ডিচেম্বৰত মুমূর্ষু অৱস্থাত উদ্ধাৰ হোৱা নির্ভয়াক উন্নত চিকিৎসাৰ বাবে ছিংগাপুৰলৈ নিয়া হৈছিল যদিও তাতেই ২৬ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল৷ দেশৰ লগতে বিদেশতো উক্ত ঘটনাত জড়িতক ফাঁচি দিয়াৰ দাবীত প্রতিবাদ হৈছিল৷ ছয় দোষীৰ এজনে তিহাৰ কাৰাগাৰত আত্মহনন কৰাৰ বিপৰীতে এজনক নাবালক হিচাপে গণ্য কৰি শিশু অপৰাধী সংস্থাৰ গৃহত ৰাখি পিছলৈ মোকলাই দিয়া হৈছিল৷ বাকী চাৰি দোষীক আজি চূড়ান্ত শাস্তি মৃত্যুদণ্ড বিহা হয় ৷

You might also like