ইতিহাস সৃষ্টি আয়াৰৰ, IPLত তেনে ৰেকৰ্ডৰ প্ৰথম অধিনায়ক হিচাপে পৰিগণিত
ইতিহাস সৃষ্টি আয়াৰৰ, IPLত তেনে ৰেকৰ্ডৰ প্ৰথম অধিনায়ক হিচাপে পৰিগণিত
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মে’ : শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত থকা পঞ্জাৱ কিংছ দলটোৱে আই পি এল ২০২৫ প্লে অফত নিজৰ স্থান নিশ্চিত কৰিছে। আয়াৰে যোৱা বছৰ নিজৰ অধিনায়কত্বৰ অধীনত কে কে আৰক চেম্পিয়ন কৰিছিল, এইবাৰ তেওঁ পঞ্জাব কিংছক নেতৃত্ব দিছে। এইবাৰ দলটোৱে আশা কৰিছে যে তেওঁলোকে প্ৰথম খিতাপ দখল কৰিব পাৰিব।
দেওবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ ১২সংখ্যক লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি পঞ্জাবে ২১৯ ৰান সংগ্ৰহ কৰে, উত্তৰত ৰাজস্থানে মাত্ৰ ২০৯ ৰানহে কৰিব পাৰে। পঞ্জাবে ১০ ৰানত জয়লাভ কৰে। দেওবাৰে খেলা দ্বিতীয়খন মেচত গুজৰাট টাইটানছে দিল্লীক ১০ উইকেটত পৰাস্ত কৰে, তাৰ পিছত গুজৰাট, পঞ্জাব আৰু বাংগালুৰুৰ প্লে অফৰ টিকটো নিশ্চিত হয়।
শ্ৰেয়াছ আয়াৰে নিজৰ অধিনায়কত্বত ৩টা ভিন্ন দলক প্লে অফলৈ লৈ যোৱা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হৈছে আই পি এলৰ ইতিহাসত। যোৱা বছৰ তেওঁ কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰিছিল। ইয়াৰ পূৰ্বে আয়াৰে দিল্লী কেপিটেলছক ফাইনেললৈ লৈ গৈছিল।
দেওবাৰে খেলখনৰ পূৰ্বে শ্ৰেয়াছ আয়েৰে আঙুলিত আঘাত পাইছিল, যাৰ বাবে তেওঁ ফিল্ডিং কৰিব পৰা নাছিল। অৱশ্যে বেটিং কৰি থাকোঁতে তেওঁ ৩০ ৰান সংগ্ৰহ কৰে। প্লে অফৰ মেচসমূহৰ বাবে তেওঁ সম্পূৰ্ণ ফিট হ’ব বুলি আশা কৰা হৈছে যদিও দলটোৱে এতিয়াও লীগ পৰ্যায়ত আৰু ২খন মেচ খেলিব লাগিব।
এইবাৰ পাঞ্জাব কিংছক বৰ ভাল লাগিছে, বহু ক্ল’জ মেচত জয়লাভ কৰিছে। পঞ্জাব কিংছৰ মালিক প্ৰীতি জিন্টাও এই বিষয়ে অতি সুখী, তেওঁ কৈছে যে আগতে আমি যিবোৰ মেচত জয়ী হৈছিলো সেইবোৰত পৰাস্ত হৈছিলো কিন্তু এইবাৰ আমি যিবোৰ মেচত পৰাস্ত হৈছিলো সেইবোৰত জয়ী হৈছো।
এতিয়া শ্ৰেয়াছ আয়াৰ আৰু দলটোৱে শীৰ্ষ ২ ত প্ৰৱেশ কৰিবলৈ বিচাৰিব কাৰণ সেই ২টা দলে ফাইনেল খেলাৰ ২টা সুযোগ পায়। আনহাতে ইয়াৰ বিপৰীতে বাকী ২টা দলে ফাইনেলত প্ৰৱেশ কৰিবলৈ একেৰাহে ২খন মেচত জয়ী হব লাগিব। বৰ্তমান পঞ্জাবে ১২খন মেচৰ অন্তত ১৭ পইণ্ট লাভ কৰিছে, ইয়াৰ নেট ৰান ৰেট হৈছে ০.৩৮৯। ইয়াৰ পৰৱৰ্তী ২খন মেচ হ’ব দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে।