নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি   ২২ মে’, জেঠ মাহৰ  ৭ তাৰিখ

বৃহস্পতিবাৰ : তিথি– কৃষ্ণা নৱমী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : মধ্যম

মেষ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান৷ পাৰিবাৰিক সমস্যা থাকিব৷ ৰঙা শুভ ৰং৷ ১ সংখ্যা শুভ৷

বৃষ : কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবা মতে সকলো দিশেই ভাল ফল নাপাব৷ ভ্রমণাদিত অন্যমনস্ক নহ’ব৷ নীলা ৰং শুভ৷ ৬ শুভ সংখ্যা৷

মিথুন : আজি কিছু ফৰকাল৷ বিদ্যার্থীৰ বাবেও বেয়া নহ’ব৷ তথাপি কোনো আপোন মানুহৰ সৈতে মানসিক দ্বন্দ্বৰ সৃষ্টি হ’লেও ক্ষতিকাৰক নহ’ব৷ প্রেম–প্রণয়ত শুভ৷ পাতল সেউজীয়া শুভ ৰং৷ শুভ সংখ্যা ৩৷

কর্কট : কামত উৎসাহ পাব৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব৷ দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তা নাই৷ নিজে সক্রিয় ভূমিকা ল’লে অসম্পূর্ণ বিষয়ত অগ্রগতি ল’ব৷ সোণালী শুভ ৰং৷ শুভ সংখ্যা ৫৷

সিংহ : অলপ সতর্ক হৈ চলক৷ নতুন কাম–কাজৰ আৰম্ভণিত আহুকাল থাকিব৷ বন্ধু–বান্ধৱৰ পৰাও ভাল সহানুভূতি নাপাব৷ শৰীৰৰ দুর্বলতা থাকিব৷ বিদ্যাত মধ্যম৷ ৰঙা শুভ ৰং৷ ৯ শুভ সংখ্যা৷

কন্যা : সাৱধানে কামত আগবাঢ়ক৷ শৰীৰৰ প্রতি একেবাৰে অৱজ্ঞা নকৰিব৷ দাম্পত্যত নিজৰ আৱেগ–অনুভূতিক ৰুক্ষ কৰি নুতুলিব৷ সন্তানৰ ভালেই৷ পঢ়া–শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব৷ বগা ৰং শুভ৷ ৩ শুভ সংখ্যা৷

তুলা : সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব৷ পৰিৱর্তনীয় মনোভাবে ভ্রমণৰ উদ্যোগী হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল পাব৷ প্রেম–প্রীতিত ভালেই দেখা যায়৷ সেউজীয়া শুভ ৰং৷ ৯ শুভ সংখ্যা৷

বৃশ্চিক : কিছু পৰিমাণে মনটো ফৰকাল থাকিব৷ কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্রশংসা পাব৷ ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক৷ হালধীয়া শুভ ৰং, ৮ শুভ সংখ্যা৷

ধনু : ব্যৱসায়ৰ ক্ষেত্রত নজৰ ৰাখিব৷ কিন্তু দাম্পত্যত শাৰীৰিক দুশ্চিন্তা আৰু কর্মক্ষেত্রত বাধা আহিব পাৰে৷ বিদ্যাত শুভ৷ প্রেম–প্রণয়ত আনন্দ৷ ৰঙা শুভ ৰং৷ ৩ শুভ সংখ্যা৷

মকৰ : আর্থিক দিশত খৰচৰ মাত্রা অত্যধিক হ’ব যদিও ব্যৱসায়–বাণিজ্যত আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যাত পাৰিবাৰিক বাধা আহিব পাৰে৷ ক’লা শুভ ৰং৷ ৪ শুভ সংখ্যা৷

কুম্ভ : অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা৷ আর্থিক দিশত বন্ধুৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷ বিদ্যাত সফলতা পাব৷ প্রেম–প্রণয়ত আৱেগ বৃদ্ধি পাব৷ নীলা শুভ ৰং৷ ৪ শুভ সংখ্যা৷

মীন : শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই৷ নানা শুভ সংবাদ আৰু আনন্দৰ মাজেৰে দিনটো পাৰ হ’ব৷ চাকৰিয়ালৰ কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ বন্ধুবর্গৰ পৰা প্রতাৰিত হ’ব পাৰে৷ নীলা শুভ ৰং৷ ৫ শুভ সংখ্যা৷

You might also like