নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ এপ্রিললৈ বন্ধ থাকিব সকলো ক্রীড়া ইভেণ্ট, প্রশিক্ষণ কেন্দ্র

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰিবলৈ কেন্দ্রীয় চৰকাৰে আৰম্ভ কৰা সজাগতামূলক কার্যসূচীৰ অংশস্বৰূপে কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে বৃহস্পতিবাৰে এক নতুন নির্দেশনা জাৰি কৰে৷

এই অনুসৰি অহা ১৫ এপ্রিল পর্যন্ত দেশত ক্রীড়াৰ সৈতে জড়িত সকলো কার্যকলাপ বন্ধ থাকিব৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে প্রকাশ কৰে যে নতুন নির্দেশনা অনুসৰি ১৫ এপ্রিল পর্যন্ত প্রশিক্ষণ কেন্দ্রসমূহো বন্ধ থাকিব৷ ‘কোনো খেলুৱৈ অথবা কাৰিকৰী বিষয়ববীয়াই এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ যাতে প্রয়োজন নহয়, সেয়া আমি নিশ্চিত কৰিছোঁ৷ যিকোনো ধৰণৰ জনসমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ আনকি প্রশিক্ষণ কেন্দ্রসমূহত থকা হোষ্টেলো বন্ধ কৰি দিয়া হৈছে৷ অৱশ্যে অলিম্পিকৰ প্রস্তুতিত ব্যস্ত থকা এথলীটসকলৰ অনুশীলন প্রক্রিয়া অব্যাহত থাকিব৷ তেওঁলোকৰ অনুশীলন শিবিৰত বাহিৰৰ পৰা অহা ব্যক্তিৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে৷’– কিৰেণ ৰিজিজুৱে এইদৰে কয়৷

ইয়াৰ পূর্বে কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ে ক’ৰোনা ভাইৰাছৰ সম্প্রসাৰণ প্রতিৰোধ কৰিবলৈ অহা ৩১ মার্চ পর্যন্ত দেশত সকলো ধৰণৰ ক্রীড়া ইভেণ্ট বাতিল কৰিছিল৷

You might also like