নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণ্ঠশিল্পী পংকজ বৰদলৈ আৰু নাই …

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ অসমৰ সংগীত জগতলৈ অনবদ্য বৰঙনি আগবঢ়োৱা তেজপুৰৰ বিশিষ্ট কণ্ঠশিল্পী পংকজ বৰদলৈৰ আজি পুৱা মৃত্যু ঘটে । শুকুৰবাৰে পুৱা তেজপুৰৰ টাইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা সংগীত শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ তেজপুৰৰ লগতে অসমৰ সাংস্কৃতিকজগতখনত শোঁকৰ ছাঁ পৰিছে ।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা প্রয়াত অজিত সিংহ পৰিচালিত ‘ইন্দ্রধনু’ শীর্ষক শ্রব্য কেছেটত বিষ্ণুপ্রসাদ ৰাভাৰ ‘পৰ জনমৰ শুভ লগনত’ শীর্ষক গীতটো প্রথমবাৰৰ বাবে কণ্ঠদান কৰি এই গীতটোৰ একক কণ্ঠশিল্পী হিচাপে আজিও ৰাজ্যবাসীৰ সমাদৰ লাভ কৰি আছে কণ্ঠশিল্পী পংকজ বৰদলৈ ৷

জুবিন গাৰ্গৰ সৈতে কণ্ঠশিল্পী পংকজ বৰদলৈ

ইপিনে কণ্ঠশিল্পী পংকজ বৰদলৈয়ে শেহতীয়াকৈ জুবিন গাৰ্গ পৰিচালিত কাঞ্চনজংঘা ছবিখনত অভিনয়েৰে দৰ্শকৰ মাজত সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছিল ।

উল্লেখযোগ্য যে ১৯৬০ চনৰ ২৪ ডিচেম্বৰত জন্মগ্রহণ কৰা পংকজ বৰদলৈয়ে প্রাথমিক বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তেই ৬ বছৰ বয়সত তেজপুৰৰ নিকটৱর্তী ৰূপাজুলি চাহ বাগিচাৰ এক অনুষ্ঠানত ‘বৰষা ঋতুক ভাল পাওঁ মই প্রতিশ্রুতি আছে তাত’ শীর্ষক গীত পৰিৱেশন কৰি অসমবাসীৰ সন্মুখত যেন নিজৰ প্রতিভাৰ উমান দিছিল৷ পিতৃৰ কর্মসূত্রে সেই বাগিচাতেই ডাঙৰ-দীঘল হোৱা পংকজ বৰদলৈয়ে পৰৱর্তী সময়ত নিজৰ কণ্ঠৰ যাদুৰে অসমীয়া সংগীত ক্ষেত্রখনত নিজকে প্রতিষ্ঠিত কৰি প্রথম অৱস্থাত বহু টোকাৰি গীত, বিহুগীত, বনগীত, পার্বতিপ্রসাদ বৰুৱাৰ গীত আদিৰে ৰাইজৰ হূদয় জিনাৰ পাছত জ্যোতিপ্রসাদ আগৰৱালাৰ গীত আৰু বিষ্ণুপ্রসাদ ৰাভাৰ গীতসমূহত কণ্ঠ নিগৰাই এক অনন্য মাত্রা প্রদান কৰিছিল৷

You might also like