নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ কার্যবাহী সম্পাদক অমল দাসলৈ শশী শর্মা সোঁৱৰণী প্রজ্ঞা বঁটা

🔹 ১০ জুনত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রদান কৰা হ’ব এই বঁটা

নিয়মীয়া বার্তা, বাঁহজানী, ৩ জুন : নলবাৰী জিলাৰ বাঁহজানীৰ পূব–উত্তৰ অঞ্চলৰ তেৰখন গাঁৱৰ অনুষ্ঠান গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ অধীনৰ তথা প্রসিদ্ধ সাহিত্যিক, চিন্তাবিদ শশী শর্মাৰ অন্যতম প্রচেষ্টাত ৰাইজৰ সহযোগত স্থাপিত দীনেশ মিশ্র সোঁৱৰণী কেন্দ্রীয় গ্রাম্য পুথিভঁৰাল উপ–সমিতিয়ে কালি তিনি গুৰুত্বপূর্ণ বঁটাপ্রাপকৰ নাম ঘোষণা কৰে৷ উল্লেখ্য যে অসমৰ সংবাদ জগতলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট সাংবাদিক অমল দাস, সাহিত্য, শৈক্ষিক, বৌদ্ধিক দিশত আগবঢ়োৱা অৱদানৰ বাবে ড০ সুশান্ত কুমাৰ কাশ্যপ, অশ্বিনী শর্মাক প্রদান কৰিব লগা এই বঁটা তিনিটা অহা ১০ জুনত হ’ব লগা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রদান কৰা হ’ব৷ এক বিবৃতিত গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ সভাপতি ৰবীন মিশ্র, কার্যকৰী সভাপতি প্রভাস চক্রৱর্তী, সাধাৰণ সম্পাদক প্রণৱপ্রাণ বাচ্যস, যুটীয়া সম্পাদক মনোৰাম কলিতা, পুথিভঁৰাল উপ–সমিতিৰ সভাপতি খনীন্দ্র শর্মা, সম্পাদক তথা সাংবাদিক প্রাঞ্জল শর্মা, সহঃ সম্পাদক ৰূপম তালুকদাৰে ঘোষণা কৰা মতে পুথিভঁৰাল প্রতিষ্ঠাপক তথা অসমৰ এগৰাকী পুৰোধা সাহিত্যিক, জনতাৰ সেৱক শশী শর্মাৰ নামত প্রদান কৰিব লগা বঁটা ‘শশী শর্মা সোঁৱৰণী প্রজ্ঞা বঁটা’ প্রদান কৰা হ’ব বিশিষ্ট সাংবাদিক, ‘নিয়মীয়া বার্তা’ কাকতৰ কার্যবাহী সম্পাদক অমল দাসক৷ ‘দীনেশ মিশ্র সোঁৱৰণী প্রজ্ঞা বঁটা’ প্রদান কৰা হ’ব ঔপন্যাসিক, শিক্ষাবিদ ড০ সুশান্ত কুমাৰ কাশ্যপক আৰু পুথিভঁৰালৰ অন্যতম কর্মকর্তা কামিনী শর্মা শাস্ত্রীৰ নামত প্রদান কৰিব লগা বঁটা ‘কামিনী শর্মা শাস্ত্রী সোঁৱৰণী সমাজসেৱক বঁটা’ সাহিত্যিক অশ্বিনী কুমাৰ শর্মাক প্রদান কৰা হ’ব৷

You might also like