নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ পৰকীয়া প্ৰেমত কৰুণ মৃত্যু আৰক্ষী জোৱান স্বামীৰ

🔹 চৰাইদেউত দহ মাহৰ অন্তত আৰক্ষীয়ে খান্দি উলিয়ালে মৃতদেহ
নিয়মীয়া বাৰ্তা , চৰাইদেউ, ১৪ জুন : পৰকীয়া প্ৰেমৰ বাবে একাংশ ছলনাময়ী বিবাহিতা নাৰীয়ে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰাৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰাৰ সময়তে চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰহদৈ আলি নিমাইগড় হাবি গাঁৱৰ এগৰাকী আৰক্ষী জোৱানে পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনা আজি দহ মাহৰ অন্তত পোহৰলৈ আহিছে৷ ঘটনাৰ বিৱৰণী মতে, ৰহদৈ আলি নিমাইগড় হাবি গাঁৱৰ আৰক্ষী জোৱান ৰবিৰুল হুছেইন বিগত দহ মাহ ধৰি ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল৷
জানিব পৰা মতে, মানকাচাৰৰ ২৬ এপিবিএন (আই আৰ)ৰ হাবিলদাৰ ৰবিৰুল হুছেইনে ডেৰ মাহৰ ছুটী লৈ নিজ বাসগৃহলৈ আহি বিগত ২০২৪ বৰ্ষৰ ২৭ জুলাইত ছুটী শেষ হোৱা সূত্ৰে মানকাচাৰৰ কৰ্মস্থলীলৈ বুলি ৰাওনা হৈছিল৷ কিন্তু যাত্ৰা পথতে লোকজন ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে৷ এই সন্দৰ্ভত আৰক্ষী বেটেলিয়নৰ হাবিলদাৰগৰাকীৰ দ্বিতীয়া পত্নী বেবী বেগমে স্বামী নিৰুদ্দেশ হোৱা বুলি আৰক্ষীক অৱগত কৰি সমগ্ৰ ঘটনা বিপথে পৰিচালিত কৰিব বিচাৰে ৷ কিন্তু চৰাইদেউ জিলা আৰক্ষীয়ে  তদন্ত কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হৈ বেবী বেগমৰ লগতে তেওঁৰ দুই পুত্ৰ ক্ৰমে ৰিদুল হুছেইন আৰু মাফুচ হুছেইনক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে যদিও সন্ধানহীন হৈ থকা লোকজনৰ মৃতদেহৰ সন্ধান আৰক্ষীয়ে উলিয়াব পৰা নাছিল৷
চৰাইদেউ জিলা আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত চলাই থকা অৱস্থাত হাবিলদাৰগৰাকীৰ নিজা ডাম্পাৰ বাহন এখনৰ চালক তথা একে গাঁৱৰে বাসিন্দা মুকিব আলী দীৰ্ঘদিন ধৰি সন্ধানহীন হৈ থকাৰ তথ্য লাভ কৰে৷ অৱশেষত এই মুকিব আলীৰ সন্ধানত অনুসন্ধান চলাই আৰক্ষীয়ে তেওঁ চেন্নাইত থকাৰ তথ্য লাভ কৰে৷ সেই সূত্ৰে মুকিব আলীক চৰাইদেউৰ পৰা যোৱা আৰক্ষীয়ে চেন্নাইত আটক কৰি কালি লৈ অহাৰ পাছত জেৰা চলোৱাত অৱশেষত সন্ধানহীন হৈ থকা আৰক্ষী হাবিলদাৰগৰাকীৰ মৃতদেহ আজি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত মুকিবে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আজি আৰক্ষীয়ে মুকিবৰ ঘৰৰ পাছফালে থকা শৌচালয়ৰ কাষত গাঁত খান্দি পুতি থোৱা অৱস্থাত সন্ধানহীন হৈ থকা হাবিলদাৰগৰাকীৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰে৷ আৰক্ষী জোৱানজনক হত্যা কৰিয়েই মুকিব আলীয়ে চেন্নাইলৈ পলায়ন কৰিছিল বুলি  জানিব পৰা গৈছে ৷ মৃত হাবিলদাৰগৰাকীৰ দ্বিতীয়া পত্নী বেবী বেগমৰ সৈতে থকা পৰকীয়া প্ৰেমৰ বাবে ধৃত আটায়ে পৰিকল্পনা কৰি এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰে বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰিছে৷ চাঞ্চল্যকৰ এই ঘটনাত স্থানীয় বিভিন্ন মহলত চেপা উত্তেজনা বিৰাজ কৰিছে৷
You might also like