নিয়মীয়া বাৰ্তা, ১৭ জুনঃ শিৱসাগৰৰ আশ্বাস মহন্তই জাৰ্মানীৰ আন্তৰাষ্ট্রীয় সংস্থা GIZ-এ আয়োজন কৰা পৰীক্ষাত বিশ্বৰ প্রায় ৩,০০০ জন ছাত্র-ছাত্রীৰ মাজত উত্তীর্ণ হৈ জাৰ্মানীক প্ৰতিনিধিত্ব কৰি জাম্বিয়াত এক প্ৰকল্পত যোগদান কৰাৰ সুযোগ লাভ কৰিছে। অহা ১৫ আগষ্ট ২০২৫ তাৰিখে জাম্বিয়াৰ ৰাজধানী লুচাকলৈ যাত্ৰা কৰিব।
তেওঁৰ বিষয় Strenghning Good Financial Govornence in Zambia IV in LUSAKA হ’ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে জাৰ্মানীৰ বাৰ্লিনৰ Hertie School-ত পাব্লিক পলিচিৰ ওপৰত অধ্যয়ন কৰি থকা আশ্বাসে প্ৰফেচাৰ মাৰ্ক কেইচাৰ (Professor of Appllied quantative Method and former Ast Professor of University of Rochester ) ৰ লগত গৱেষণা সহযোগী হিচাপে কৰ্মৰত।
বাৰ্লিনৰ হার্টি স্কুলৰ চাউথ এছিয়া চ’চাইটিৰ সম্পাদক আশ্বাসে ইতিমধ্যে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰি পৃথিৱীৰ আৰু ভাৰতবৰ্ষৰ বিভিন্ন আর্থিক সমস্যা আৰু ইয়াৰ সমাধানৰ বাবে কাম কৰি আছে।
শিৱসাগৰ কোঁৱৰপুৰৰ শ্রী শ্রী বৰখাতপাৰ সত্ৰৰ নিবাসী অমৰজ্যোতি মহন্ত আৰু ৰুণা মহন্তৰ কনিষ্ঠ পুত্র আশ্বাসে সৰুৰে পৰাই ককাক লীলাকান্ত মহন্ত আৰু আইতাক ড০ নিৰুপমা মহন্তৰ ছত্ৰছায়াত সত্ৰীয়া নৃত্য, গীত, বাদ্য, অভিনয় আদিত বিশেষ পাৰদর্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
তদুপৰি নাট্যপীঠৰ অধ্যক্ষ প্রশান্ত শৰ্মাৰ অধীনত কেইবাখনো শিশু নাট, ভাওনাতো তেওঁ বলিষ্ঠ অভিনয় কৰিছে। বৰদেউতাক ভাস্কৰ জ্যোতি মহন্তৰ পৰিচালনাত ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত ছবি ‘যুগদ্রষ্টা’ পূৰ্ণাংগ নাটক ‘পাৰিজাত’ আদিতো আশ্বাসে মুখ্য চৰিত্ৰৰ লগতে সঞ্জীৱ সভাপণ্ডিতৰ শংকৰদেৱ, জিয়া জুৰিৰ সুবাস আদি চুটি ছবিতো তেওঁ অভিনয় কৰিছিল।
উল্লেখ্য যে, শিৱসাগৰৰ চফি মার্চি স্কুলত দশম শ্ৰেণীত পঢ়ি থকা সময়তে আশ্বাসে আমেৰিকাৰ নিউয়ৰ্ক চহৰত অৱস্থিত ৰাষ্ট্রসংঘত অনুষ্ঠিত কৰা Model United Nationsত Security Council শাখাৰ তৰ্ক প্রতিযোগিতাত শ্ৰেষ্ঠ প্রতিযোগীৰ সন্মান অৰ্জন কৰিছিল।
তদুপৰি চিংগাপুৰ, নতুন দিল্লী আদি ঠাইত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত বা চেমিনাৰত তেওঁ অংশগ্ৰহণ কৰিছিল। উল্লেখ্য, গুৱাহাটীৰ ৰয়েল গ্লবেল স্কুলে আশ্বাসক প্রায় ১০ লাখ টকাৰ এটা জলপানিৰে উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰিবলৈ সুবিধা দিছিল। অসমীয়া কবিতাৰ আবৃত্তিকাৰ, তাৰ্কিক, অমায়িক আশ্বাস মহন্তৰ এই কৃতিত্বত শিৱসাগৰীয়া ৰাইজে অভিনন্দন জনাইছে।
প্ৰেৰক প্ৰশান্ত বৰগোহাঁই