হেডিংলে টেষ্ট-ত পৰাজয় ৰোধ ব্যৰ্থ ভাৰতীয় বাহিনী, দিশহাৰা বলাৰ, সফল Bazball Plan
হেডিংলে টেষ্ট -ত পৰাজয় ৰোধ ব্যৰ্থ ভাৰতীয় বাহিনী, দিশহাৰা বলাৰ, সফল Bazball Plan
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ–চক্রৰ প্রথমখন টেষ্টতে পৰাজয়ৰ সন্মুখীন হ’ল শুভমন গিল নেতৃত্বাধীন টীম ইণ্ডিয়া৷ ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ প্রথমখন টেষ্টত যুঁজ দি হাৰিল ভাৰতীয় দলটো৷
হেডিংলেত অনুষ্ঠিত টেষ্টখনত গিল বাহিনীয়ে ৫ উইকেটত পৰাজয় স্বীকাৰ কৰে৷ টেষ্টখনত বিজয় সাব্যস্ত কৰি ইংৰাজ বাহিনীয়ে শৃংখলাটোত ১–০ত গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছে৷ টেষ্টখনত বেন ষ্ট’কছ বাহিনীৰ জয়ৰ মূলতে হ’ল অ’পেনাৰ বেন ডাকেটৰ দুর্দান্ত শতকৰ লগতে আনগৰাকী অ’পেনাৰ জেক ক্র’লে আৰু জ’ ৰুটৰ অর্ধশতক৷
ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ৩৭১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ইংৰাজ বাহিনীয়ে চতুর্থ দিনা কোনো উইকেট নেহেৰুৱাকৈ কৰা ২১ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি আজি পঞ্চম তথা অন্তিম দিনা চাহ বিৰতিৰ পিছতেই ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷
আগদিনাৰ অপৰাজিত বেটাৰদ্বয় ক্র’লে আৰু ডাকেটে আজি সুন্দৰ বেটিং প্রদর্শন দাঙি ধৰে আৰু প্রথম উইকেটৰ যুটিত ১৮৮ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তুলিছিল৷ ক্র’লেই ৬৫ ৰানত পেভিলিয়নমুখী হয় যদিও ডাকেটে সুন্দৰ বেটিং প্রদর্শন দাঙি ধৰি শতক অর্জন কৰাই নহয়, দলটোৰ জয়ত মুখ্য ভূমিকা পালন কৰে৷
ডাকেটে ১৭০টা বলত ২১টা চাৰি আৰু ১টা ছয়েৰে ১৪৯ ৰান কৰে৷ ক্র’লে আউট হোৱাৰ কিছু সময়ৰ পিছত অ’লি প’পক হেৰুৱাই ইংলেণ্ডে কিছু চাপত পৰিছিল যদিও ডাকেটে ৰুটৰ সৈতে লগ লাগি দলৰ বিপর্যয় ৰোধ কৰে৷ প’পে মাত্র ৮ ৰান কৰি পেভিলিয়নমুখী হয়৷
ডাকেট আৰু ৰুটে তৃতীয় উইকেটত ৪৭ ৰান কৰে৷ ডাকেট আৰু হেৰী ব্রুক মাত্র দুটা বলৰ ব্যৱধানত আউট হোৱাত দলটো পুনৰ চাপত পৰিছিল যদিও ৰুটে অধিনায়ক বেন ষ্ট’কছৰ সৈতে পঞ্চম উইকেটত ৪৯ আৰু জেমি স্মিথৰ সৈতে ষষ্ঠ উইকেটত অপৰাজিতভাৱে ৭১ ৰান কৰি দলৰ জয় নিশ্চিত কৰে৷ অধিনায়ক ষ্ট’কছে ৩৩ ৰান কৰি বিদায় লয় যদিও ৰুটে ৫৩ ৰান আৰু জেমি স্মিথে ৪৪ ৰান কৰি অপৰাজিত হৈ থাকে৷
টীম ইণ্ডিয়াৰ হৈ প্রসিদ্ধ কৃষ্ণ আৰু শ্বার্দুল ঠাকুৰ উভয়ে দুটাকৈ উইকেট লাভ কৰাৰ লগতে ৰবীন্দ্র জাদেজাই এটা উইকেট লাভ কৰে৷ উল্লেখ্য যে যশস্বী জয়ছোৱাল, শুভমন গিল আৰু ঋষভ পণ্টৰ শতকৰ সহায়ত ভাৰতে ৪৭১ ৰানত প্রথম ইনিংছ সামৰাৰ প্রত্যুত্তৰত অ’লি প’পৰ শতকৰ সহায়ত ইংলেণ্ডে ৪৬৫ ৰানত প্রথম ইনিংছ সামৰিছিল৷ ইফালে, লোকেশ ৰাহুল আৰু ঋষভ পণ্টৰ শতকৰ সহায়ত ভাৰতে ৩৬৪ ৰান কৰি দ্বিতীয় ইনিংছ সামৰিছিল৷
ইফালে ব্ৰেণ্ডন মেককুলাম ইংৰাজ বাহিনীৰ প্ৰশিক্ষক হোৱাৰে পৰা যি বেজ বল ধাৰণা লৈ আধুনিক টেষ্টক নতুন গতি দি বিভিন্ন খেল জিকি আহিছে, তথা হাইস্কৰিং টেষ্টকো অনায়াসে নিজৰ ফালে লৈ গৈছে, সেই ক্ষেত্ৰত হেডিংলে টেষ্টতো তাৰেই পুনৰাবৃত্তি ঘটিল।
Niyomiya Barta Desk, Date of Published – 25-06-2025