ভাৰতৰ অলিম্পিক আয়োজনৰ আশাত চেঁচাপানী
🔹 অলিম্পিকৰ নিবিদা প্রক্রিয়া স্থগিত ৰাখিলে আইঅ’চিৰ নতুন সভাপতিয়ে
নিউজ ডেস্ক, ২৮ জুন : ভাৰতৰ ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ আশাত পৰিল চেঁচাপানী৷ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে ২০৩৬ চনৰ অলিম্পিকৰ নিবিদা প্রক্রিয়া স্থগিত ৰাখিছে৷ আইঅ’চিৰ সভানেত্রী কির্ষ্টি কভেন্ট্ৰীয়ে ২০৩৬ চনৰ অলিম্পিক আয়োজক চহৰ নির্বাচন প্রক্রিয়াত স্থগিতাদেশ আৰু পর্যালোচনাৰ কথা ঘোষণা কৰিছে৷
২০৩৬ চনৰ গ্রীষ্মকালীন অলিম্পিকৰ বাবে নিবিদাকাৰীৰ ভিৰ কৰা ক্ষেত্রখনত ভাৰতে আগশাৰীৰ প্রতিদ্বন্দ্বীসকলৰ ভিতৰত স্থান লাভ কৰাৰ সময়তে আইঅ’চিয়ে এই পদক্ষেপ গ্রহণ কৰা কার্যই সকলোকে স্তম্ভিত কৰি তুলিছে৷ আইঅ’চিৰ প্রথম মহিলা আৰু প্রথম আফ্রিকান সভানেত্রী ক’ভেন্ট্ৰীয়ে ২৬ জুলাইত ল’জানত অনুষ্ঠিত আইঅ’চিৰ প্রথমখন কার্যবাহী ব’ৰ্ডৰ বৈঠকত নেতৃত্ব দিয়াৰ পিছত কয় যে আইঅ’চিৰ সদস্যসকলে অনুভৱ কৰে যে ২০৩৬ চনৰ অলিম্পিকৰ নিবিদাকাৰী প্রক্রিয়াটোৰ পুনৰ মূল্যায়নৰ প্রয়োজনীয়তা আছে৷ এই বিষয়ে চোৱাচিতা কৰিবলৈ এটা কর্মগোট গঠন কৰা হ’ব৷
আইঅ’চিৰ সভাপতিগৰাকীয়ে লগতে কয় যে কার্যবাহী ব’ৰ্ডৰ সদস্যসকলে বিশ্বাস কৰে যে ইতিমধ্যে নিশ্চিত কৰা ভৱিষ্যতৰ আয়োজক লছ এঞ্জেলছ (২০২৮ চনৰ গ্রীষ্মকালীন অলিম্পিক), ব্রীজবেন (২০৩২ চনৰ গ্রীষ্মকীলন অলিম্পিক) আৰু ফ্রেন্স আলপ্পছ (২০৩০ চনৰ শীতকালীন অলিম্পিক)ৰ অভিজ্ঞতা অধ্যয়ন কৰাটো গুৰুত্বপূর্ণ৷ গতিকে ভৱিষ্যতৰ অলিম্পিক আয়োজক নির্বাচন কৰাৰ উপযুক্ত সময় কেতিয়া আৰু ভৱিষ্যতৰ আয়োজক কেনেকৈ বাছনি কৰা উচিত সেই বিষয়েও বৈঠকত বহু আলোচনা কৰা হয়৷
অৱশ্যে ক’ভেন্ট্ৰীয়ে নিশ্চিত কৰিছে যে ক্রীড়া সচিব হৰিৰঞ্জন ৰাওৰ নেতৃত্বত ভাৰতৰ অলিম্পিক প্রতিনিধি দলটোৱে অনানুষ্ঠানিক আলোচনাৰ বাবে অহা মাহত ল’জান ভ্রমণ কৰাৰ কথা আছে৷ ক’ভেন্ট্ৰীয়ে নিশ্চিত কৰে যে তেওঁলোক হয়তো প্রথম আগ্রহী পক্ষ হ’ব পাৰে, যিয়ে দুটামান প্রশ্ণ সুধিব আৰু তেওঁলোকৰ পৰা ভালদৰে বুজিব পাৰিম৷ আমি কোনো অংশীদাৰীক অতিৰিক্ত বোজা দিবলৈ যোৱা নাই বুলি মন্তব্য কৰি আইঅ’চিৰ সভাপতিগৰাকীয়ে লগতে কয় যে শেহতীয়াকৈ আয়োজক কিছুমান চহৰে প্রস্তুতিৰ সময় কম হোৱাৰ বাবে উদ্বেগ প্রকাশ কৰাৰ সময়তে এই পর্যালোচনা কৰা হৈছে৷
উল্লেখ্য যে ভাৰতে ২০৩৬ চনৰ অলিম্পিকৰ বাবে নিবিদা দিব বিচাৰিছে৷ গুজৰাট চৰকাৰেও আন্তঃগাঁথনি পুনৰ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছে যাতে দেশৰ মাটিত অলিম্পিক অনুষ্ঠিত কৰিব পৰা যায়৷ ইফালে, অলিম্পিকৰ আয়োজনৰ সপোনত বিপর্যয় সৃষ্টি হোৱাৰ পিছতো ২০৩০ চনৰ কমনৱেলথ গেমছ ভাৰতত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ কানাডাৰ আলবার্টা প্রদেশে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ দায়িত্ব ত্যাগ কৰিছে বিপুল খৰচৰ বাবে৷ গুজৰাটৰ আহমেদাবাদত ২০৩০ চনৰ কমনৱেল গেমছ আয়োজনৰ বাবে আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰিছে ক্রীড়া মন্ত্রালয়ে৷ সূত্রই দাবী কৰিছে যে আহমেদাবাদত কমনৱেলথ গেমছ আয়োজনৰ পথ মোটামুটি স্পষ্ট৷ এই মুহূর্তত ভাৰতৰ সন্মুখত তেনে কোনো আয়োজক দেশ নাই৷