নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ গজত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান

🔹 ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা নিৰপেক্ষ স্থানত এছিয়া কাপ !

নিউজ ডেস্ক, ৩০ জুন : ভাৰত–পাকিস্তানৰ সামৰিক সংঘাতৰ পিছত ক্রিকেট খেলপথাৰত পুনৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে ভাৰত আৰু পাকিস্তানৰ৷ পেহেলগাম কাণ্ডৰ পিছত ক্রিকেট ব’ৰ্ড দুখনে দুয়োখন দেশলৈ দল প্রেৰণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে যদিও আগন্তুক এছিয়া কাপত দুয়োখন দেশে অংশ লোৱাটো প্রায় খাটাং হৈ পৰিছে৷ এছিয়ান ক্রিকেট কাউন্সিলে প্রতিযোগিতাখনৰ বাবে সম্ভাব্য সময় নির্ধাৰণ কৰিছে৷

পৰিকল্পনা অনুসৰি, ছেপ্টেম্বৰ মাহত এছিয়া কাপ অনুষ্ঠিত হোৱাটো খাটাং৷ এইবাৰৰ প্রতিযোগিতাখন টি-২০ ফৰমেটত খেলোৱা হ’ব৷ ভাৰত–পাকিস্তানৰ সম্পর্কৰ অৱনতি ঘটাৰ বাবে এছিয়া কাপ আয়োজনক লৈ অনিশ্চিয়তাৰ সৃষ্টি হৈছিল যদিও এছিয়ান ক্রিকেট কাউন্সিলে প্রতিযোগিতাখন বাতিল কৰিবলৈ অনিচ্ছুক৷ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, প্রতিযোগিতাখন ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷ পূর্বৰ সূচী অনুসৰি, প্রতিযোগিতাখন ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ভাৰত–পাকৰ সম্পর্কৰ অৱনতি ঘটাত প্রতিযোগিতাখন সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ প্রতিযোগিতাখন সন্দর্ভত জুলাই মাহৰ প্রথম সপ্তাহত এচিচিৰ বৈঠক অনুষ্ঠিত হ’ব আৰু ইয়াৰ পিছতেই প্রতিযোগিতাখনৰ সূচী ঘোষণা হ’ব৷

ভাৰত আৰু পাকিস্তানৰ উপৰি প্রতিযোগিতাখনত অংশগ্রহণ কৰিব আফগানিস্তান, শ্রীলংকা, বাংলাদেশ আৰু সংযুক্ত আৰব আমীৰশ্বাহীয়ে৷ জানিব পৰা মতে, এছিয়া কাপ সন্দর্ভত ভাৰত আৰু পাকিস্তানৰ ক্রিকেট ব’ৰ্ডৰ বিষয়াসকলৰ সৈতেও আলোচনা কৰা হৈছে৷ এছিয়া কাপত ভাগ ল’লেও টীম ইণ্ডিয়াই পাকিস্তানৰ সৈতে একেটা গ্রুপতে থাকিব বিচৰা নাই৷ অৱশ্যে নকআউট পর্যায়ত পাক দলৰ সৈতে খেলিবলৈ সাজু আছে ভাৰত৷ উল্লেখ্য যে বিগত এছিয়া কাপ হাইব্রিড মডেলত অনুষ্ঠিত হৈছিল৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে পাকিস্তানলৈ দল প্রেৰণ কৰা নাছিল৷ ভাৰতৰ খেলসমূহ শ্রীলংকাত অনুষ্ঠিত হৈছিল আৰু দুই চিৰন্তন প্রতিদ্বন্দ্বী দল দুটাই প্রতিযোগিতাখনত তিনিবাৰকৈ মুখামুখি হৈছিল৷ অৱশ্যে এইবাৰ তেনেকুৱা হোৱাৰ সম্ভাৱনা নাই৷ বিচিচিআইৰ একাংশ বিষয়াই পাকিস্তানৰ সৈতে কোনোধৰণৰ ক্রিকেট সম্পর্ক ৰাখিব বিচৰা নাই৷ ভাৰতীয় দলটোৰ প্রশিক্ষক গৌতম গম্ভীৰেও ব্যক্তিগতভাৱে পাকিস্তানৰ সৈতে ক্রিকেটৰ সম্পর্ক বজাই ৰখাৰ বিৰোধিতা কৰিছে৷ বিচিচিআয়ে দুয়োটা দলক একেটা গ্রুপত ৰখা আৰু একাধিক মেচ আয়োজন কৰাৰ বিৰোধিতা কৰাৰ অধিক সম্ভাৱনা আছে৷ প্রতিযোগিতাৰ স্বার্থত নকআউট পর্যায়ত মুখামুখি হ’লেহে ভাৰত–পাকিস্তানৰ মেচ হ’ব৷

উল্লেখ্য যে আইচিচি বা এচিচিৰ প্রতিযোগিতাত নিজ দেশত নেখেলিলেও দুয়োটা দলে নিৰপেক্ষ স্থানত খেলিব লাগিব৷ অন্যথা শাস্তিৰ সন্মুখীন হ’ব পাৰে৷ গতিকে, বিচিচিআইৰ একাংশ বিষয়াই ক্রিকেট খেলপথাৰত পাকিস্তানক এৰাই চলিব বিচাৰিলেও কঠিন হ’ব৷

You might also like