নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাৰ বামুন দংৰাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

নিয়মীয়া বাৰ্তা, ৩০ জুন : বৰপেটা জিলাৰ বামুন দংৰা পশ্চিম সমাজ সেৱা সমিতিৰ উদ্যোগত আৰু মন্দিয়া আৰক্ষী সহযোগত বামুন দংৰা পশ্চিম সমাজ ঈদগাহ ময়দানত মাদক দ্ৰব্যৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত কৰে । সম্প্ৰতি সমাজত প্ৰচলিত মাৰাত্মক ড্ৰাগছ, মদ, ভাং ইত্যাদি মাদক দ্ৰব্যই তৰুণ প্ৰজন্মক কেনেদৰে ভয়াৱহভাৱে গ্ৰাস কৰিছে আৰু তাৰ ভয়াৱহতা সম্পৰ্কে নিখুঁত বিশ্লেষণেৰে উপস্হিত ৰাইজ তথা যুৱপ্ৰজন্মক সজাগ কৰাৰ প্ৰয়াস কৰে । লগতে প্ৰাণনাশী মাদক দ্ৰব্যৰ নিচাৰ পৰা যুৱ সমাজক নিজকে মুক্ত কৰি ৰাখিবলৈ উপস্থিত বক্তাসকলে আহ্বান জনোৱাৰ সমান্তৰালকৈ বিভিন্ন গঠনমূলক পৰামৰ্শ আগবঢ়ায়। বৰ্তমান সমাজত ঘাতকৰূপী নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন আৰু প্ৰতিৰোধ সন্দৰ্ভত সভাই আলোকপাত কৰাৰ উপৰি সমাজৰ অন্যান্য সামাজিক ব্যাধিৰ ওপৰতো ব্যাপক সজাগতা অনাৰ প্ৰয়াস কৰে । উল্লেখযোগ্য যে উক্ত অঞ্চলসমূহত একাংশই দীৰ্ঘদিনে মাদক দ্ৰব্য‌‌‌ সেৱন তথা বিক্ৰী কৰি সামাজিক পৰিৱেশ কলুষিত কৰি আহিছে । সেয়ে সমাজত হৈ থকা এনে অসামাজিক কাৰ্যকলাপত এতিয়া উদ্বিগ্ন হৈ সচেতন সমাজ, আৰক্ষী তথা বিভিন্ন দল-সংগঠনে পৰ্যায়ক্ৰমে নিচাখোৰ তথা মাদক দ্ৰব্য বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে । বামুন দংৰা পশ্চিম সমাজ ঈদগাহ ময়দান প্ৰাংগণত বামুন দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মতিয়াৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত উপস্থিত থাকে মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰণী দাস, চিকিৎসক আনোৱাৰ হুছেইন প্ৰমুখ্যে অঞ্চলটোৰ ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট বয়োজ্যেষ্ঠ  সমল ব্যক্তিসকলৰ লগতে স্থানীয় ৰাইজে উপস্হিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । সমাজ সমিতি তথা মন্দিয়া আৰক্ষীয়ে গ্ৰহণ কৰা এনে প্ৰশংসনীয় পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like