নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ জুলাই, আহাৰ মাহৰ ১৭ তাৰিখ
বুধবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ উত্তৰ ফাল্গুনী, যাত্রাঃ নাই

মেষঃ এই ৰাশিৰ জাতক–জাতিকাই ফুৰা–চকাৰ ক্ষেত্রত সাৱধান থাকিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ বিদ্যার্থীসকলৰ বাবে ভাল, প্রেমত শুভ৷ শুভ ৰং ৰঙা৷

বৃষঃ আজি যাত্রা নকৰাই ভাল৷ সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ শিৱৰ আৰাধনা কৰিব আজি৷ প্রেমত শুভ৷

মিথুনঃ ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল–তেলৰ প্রদীপ জ্বলাই শনিৰ আৰাধনা কৰিব৷ ব্যৱসায়ত ভাল, বিদ্যার্থীৰ বৰ ভাল দেখা নাযায়৷ শুভ ৰং নীলা৷

কর্কটঃ আজি মনৰ ইচ্ছা পূর্ণ হোৱাৰ যোগ৷ প্রেমত শুভ৷ বিদ্যার্থীসকলে যত্ন কৰা উচিত৷ ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ৷ শুভ ৰং নীলা৷

সিংহঃ বিদ্যার্থীৰ কাৰণে শুভ৷ সামাজিক কামত ব্যস্ততা দেখা যায়৷ চাকৰিৰ ক্ষেত্রত অশান্তি৷ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব৷ শুভ সংখ্যা ৭৷ শুভ ৰং হালধীয়া৷

কন্যাঃ খৰচ বৃদ্ধি৷ ব্যৱসায়ৰ ক্ষেত্রত কিছু জটিলতা থাকিব৷ বিদ্যার্থীৰ কাৰণে শুভ৷ দিনটো মনোকষ্টত ভুগিব লাগিব৷ শুভ ৰং বগা৷

তুলাঃ বিবাহৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ শুভ কর্ম কৰিলে ভাল ফল পাব৷ প্রেম–প্রণয়ত উন্নত৷ ভ্রমণত শুভ৷ শুভ ৰং সোণালী৷

বৃশ্চিকঃ সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব৷ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ দিনটো শুভ৷ শুভ ৰং আকাশী নীলা৷

ধনুঃ অনাদায়ী কিছু অর্থ আদায় হোৱাৰ যোগ দেখা যায়৷ বিভিন্ন ক্ষেত্রত সুযোগ আহিব৷ বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব৷ শুভ ৰং বগা৷

মকৰঃ নীলা কাপোৰ পৰিধান কৰি ওঁ ক্রং হ্রীং শ্রীং শনৈশ্বৰায় নমঃ এই মন্ত্র ৮বাৰ জপ কৰিব৷ ঘৰত অতিথিৰ আগমন৷ শুভ ৰং সেউজীয়া৷

কুম্ভঃ প্রেমত শুভ৷ দূৰ ভ্রমণ৷ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ নতুন কর্মত হাত দিব পাৰিব৷ দিনটো শুভ৷ শুভ ৰং ৰঙা৷

মীনঃ নিৰামিষ ব্রত পালন কৰিব৷ বিদ্যার্থীৰ ভাল, প্রেম আৰু দাম্পত্যত ভালেই দেখা যায়৷ পিতৃৰ অসুখৰ চিন্তা৷ শুভ ৰং বগা৷

You might also like