নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত স্ক’ৰপিঅ’ৰ খুন্দাত উভালিল বিদ্যুতৰ খুঁটা, ভাঙিল বাউণ্ডেৰী ৱাল

আজি পুৱাৰ ভাগতে নগৰবেৰা থানাৰ অন্তৰ্গত সৰু কালুবাৰী গাঁৱত এক শিঁহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হয়। গোৱালপাৰা শিমলীতোলা দিশৰ পৰা নগৰবেৰা অভিমুখে গৈ থকা এএছ০১-জিজি-৬১৪৩ নম্বৰৰ তীব্ৰবেগী বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে বিদ্যুতৰ খুটাত আৰু পাছলৈ এঘৰৰ বাউণ্ডাৰী দেৱালত খুন্দিয়ায়।

বিদ্যুতৰ খুটা উভালি পৰাৰ উপৰি দেৱালৰ কিছু অংশও ভাঙি চূৰ্ণাকৃত হয় । বাহনখনত কোনো লোক নাছিল আৰু চালকজনে চেগ বুজি পলায়ন কৰে। ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে আৰু খৱৰ পাই উপস্থিত হোৱা নগৰবেৰা থানাৰ এদল আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন থানালৈ নিয়াৰ দিহা কৰে। পুৱাৰ ভাগতেই সংঘটিত এই শিঁহৰণকাৰী দুৰ্ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পে গাঁওখনত।

নিয়মীয়া বাৰ্তা,নগৰবেৰা, Date of Published, 2 July, 2025

You might also like