নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ নতুন সুৰ প্ৰকাশন পৰিষদৰ ২০২৫ বৰ্ষৰ সাহিত্যজ্যোতি-কথা-বৈভৱ বঁটা ঘোষণা

সাহিত্য চৰ্চাৰ জৰিয়তে সৃজনীশীল পৰিৱেশ সৃষ্টি, সমাজ-জীৱনলৈ সৃষ্টিশীলতাৰ জাগৰণ অনা আৰু সুস্থ জীৱনবোধৰ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘ সময়জুৰি কাম কৰি অহা উত্তৰ লখিমপুৰৰ গ্ৰন্থ-আলোচনী প্ৰকাশৰ অগ্ৰণী অনুষ্ঠান ‘নতুন সুৰ প্ৰকাশন পৰিষদে’ বিগত ২০০৬ চনৰ পৰা অসমীয়া সাহিত্য-সংস্কৃতি-সংবাদক্ষেত্ৰলৈ ইতিবাচক অৱদান আগবঢ়োৱা ব্যক্তিবিশেষক ‘সাহিত্যজ্যোতি’ আৰু ‘কথা-বৈভৱ’ বঁটা প্ৰদানেৰে সন্মানিত কৰি আহিছে৷

২০২৫ বৰ্ষৰ ‘সাহিত্যজ্যোতি’ বঁটাৰ বাবে ‘নতুন সুৰ প্ৰকাশন পৰিষদে’ নিৰ্বাচন কৰিছে বিশিষ্ট সাহিত্যিক অৰুণাচল প্ৰদেশৰ ইটানগৰত কৰ্মৰত অজন্তাক৷ ‘স্পৰ্শ’, ‘প্ৰান্তিকৰ গল্প’, ‘যাযাবৰী যাত্ৰাৰ প্ৰেম’ [অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত], অৰুণাভ ছাৰ [উপন্যাস – বনলতা],  বৰফৰ ঘৰ, সুগন্ধি পৰীৰ কাহিনী, [শিশু উপন্যাস], অৰুণাচলৰ সাধু, ক্ৰেইট্‌, সংগোপনে[উপন্যাস]ৰ লগতে  সত্যই ঈশ্বৰ, মহানিষ্ক্ৰমণ ইত্যাদি অনুবাদ গ্ৰন্থৰ জৰিয়তে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷ অজন্তাৰ বহু গল্প ইংৰাজী, বাংলা, হিন্দী আদি ভাষালৈ অনুদিত হৈছে৷ উল্লেখ্য যে বিগত ২০২৪ বৰ্ষত বিশিষ্ট লেখক ড॰ নন্দ সিং বৰকলালৈ নতুন সুৰ প্ৰকাশন পৰিষদে ‘সাহিত্যজ্যোতি’ বঁটা আগবঢ়াইছিল৷

আনহাতে ‘কথা-বৈভৱ’ বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে বিশিষ্ট লেখক, সুবক্তা, বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ ময়ূৰ বৰাক৷ জাতীয় দায়দদ্ধতাসম্পন্ন লেখক ময়ূৰ বৰাই তেওঁৰ আলোকসন্ধনী দৃষ্টিভংগীৰে এতিয়ালৈকে ১৭ খনৰো অধিক  গ্ৰন্থ ৰচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে৷ ‘চিৰদিন অসমীয়া’, ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’, ‘পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ’, ‘অসমীয়াত্বৰ জ্যোতি’, ‘কোনে ঘূৰাই দিব আমাৰ অক্সিজেন’, ‘ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম’ আদি বহু চৰ্চিত গ্ৰন্থৰ লেখক ময়ূৰ বৰালৈ নতুন সুৰ প্ৰকাশন পৰিষদে ২০২৫ বৰ্ষৰ ‘কথা বৈভৱ বঁটা প্ৰদান সিদ্ধান্ত গ্ৰহণ কৰিছে৷

দেশে-বিদেশে অসম আৰু অসমীয়াৰ গৰিমাৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ময়ূৰ বৰাই কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ স্থানীয় বেংক বিয়য়া হিচাপে ২৫ বছৰতকৈও অধিক কাল ভাৰত বিভিন্ন ঠাইত কাৰ্যনিৰ্বাহ কৰি ২০২১ চনত স্বেচ্চাই অৱসৰ গ্ৰহণ কৰে৷ স্মতব্য যে বিগত ২০২৪ বৰ্ষত নতুন সুৰ প্ৰকাশন পৰিষদে সাংবাদিক নিতুমণি শইকীয়াক ‘কথা-বৈভৱ’ বঁটা প্ৰদানেৰে সন্মানিত কৰিছিল৷

অহা ৫ জুলাইত উত্তৰ লখিমপুৰ নগৰস্থ চৰকাৰী পেঞ্চনাৰ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা এক বিশেষ অনুষ্ঠানত এই বৰ্ষৰ বঁটাপ্ৰাপ্ত দুয়োগৰাকী সাহিত্যিককে বঁটা প্ৰদানেৰে সন্মানিত কৰা হ’ব বুলি ‘নতুন সুৰ প্ৰকাশন পৰিষদ’ৰ সঞ্চালক জিতেন বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদ মহলক অৱগত কৰিছে৷ তাৰোপৰি উক্ত অনুষ্ঠানতে লখিমপুৰৰ এগৰাকী জ্যেষ্ঠ নাগৰিক ধৰ্মেশ্বৰ গগৈক নিঃস্বাৰ্থ সমাজসেৱা বঁটাৰে সন্মানিত কৰিব নতুন সুৰ প্ৰকাশন পৰিষদৰ সহযোগী অনুষ্ঠান “মঙ্গলবোধ জাগৰণ কেন্দ্ৰ“ই ৷

বিশেষ বাৰ্তা লখিমপুৰ : Date of Published, 2 July, 2025

You might also like