নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত দিখাৰী নৈৰ বাঢ়নী পানীয়ে বুৰালে ১৫খনৰো অধিক গাঁও

চুবুৰীয়া ৰাজ্য অৰুণাচলত দি থকা নেৰানেপেৰা বৰষুণৰ ফলত দিখাৰী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত জামুগুৰী,উলুৱনী আদি কৰি ১৫খনৰো অধিক গাঁৱৰ ঘৰবাৰী, কৃষিভূমি, বাটপথ আদি৷

জানিব পৰা মতে আজি পুৱাৰে পৰা দিখাৰী নদীৰ বাঢ়নী পানীয়ে  ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং, ২নং, ৩নং জামুগুৰী, ১নং, ২নং উলুৱনী, উলুৱনী মাজগাঁও, উলুৱনী জয়পুৰ, বিঞ্চুপুৰ, লংকা, ১নং, ২নং, ৩নং মলান, নলাপাৰা, তাকাবাৰী, চিয়াৰী আদি পোন্ধৰখনৰো অধিক কৃষিজীৱি গাঁৱৰ ঘৰবাৰী,পথ,পথাৰ বুৰাই পেলুৱাত হাহাকাৰৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷

কিন্তু ইমানৰ পিছতে বানাক্ৰান্ত ৰাইজক জোনাই সমজিলা প্ৰশাসনে এবাৰো খবৰ নোলোৱাৰ অভিযোগ কৰিছে বানাক্ৰান্ত ৰাইজে।

নিয়মীয়া বাৰ্তা জোনাই : Date of Published, 3 July, 2025

You might also like