নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডত দ্বিশতক : কেৱল ৩জন ভাৰতীয়ই গঢ়িছে এই কৃতিত্ব, গিলো অন্তৰ্ভুক্ত

ভাৰতৰ বাকী দুই কিংবদন্তি খেলুৱৈয়ে ইংলেণ্ডৰ কঠিন পিটছত এই কৃতিত্ব অৰ্জন কৰিছে। তেওঁলোক হল সুনীল গাভাস্কাৰ আৰু ৰাহুল দ্ৰাবিড়

ইংলেণ্ডত দ্বিশতক : ইংলেণ্ডৰ ছীম আৰু ছুইং পিটছত থিয় হৈ ভাল বেটিং কৰা যেনেকৈ এটা যুদ্ধ জিকাৰ সমান, ঠিক তেনেকৈ সেই পিটছত কোনোবাই দ্বিশতক কৰে, তেন্তে সেইটো নিঃসন্দেহে ঐতিহাসিক সফলতা হিচাপে গণ্য হয়।

ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এতিয়ালৈকে কেৱল ৩জন বেটছমেনে ইংলেণ্ডৰ মাটিত টেষ্ট ক্ৰিকেটত দ্বিশতক অৰ্জন কছে। এই বিশেষ তালিকাত শেহতীয়াকৈ অন্তৰ্ভুক্ত হৈছে ভাৰতীয় টেষ্ট অধিনায়ক শুভমান গিল, যিয়ে এজবাষ্টনৰ দ্বিতীয় টেষ্টত ২৬৯ ৰান কৰি এক অনন্য কৃতিত্ব অৰ্জন কৰিছে।

ইয়াৰ আগেয়ে ভাৰতৰ বাকী দুই কিংবদন্তি খেলুৱৈয়ে ইংলেণ্ডৰ কঠিন পিটছত এই কৃতিত্ব অৰ্জন কৰিছে। তেওঁলোক হল সুনীল গাভাস্কাৰ আৰু ৰাহুল দ্ৰাবিড়।

সুনীল গাভাস্কাৰ

ভাৰতীয় ক্ৰিকেটৰ এজন অগ্ৰণী নাম সুনীল গাভাস্কাৰ আছিল ইংলেণ্ডত দ্বিশতক কৰা প্ৰথম ভাৰতীয় খেলুৱৈ।

  • বৰ্ষ : ১৯৭৯

  • মেচ : অভেল টেষ্ট

  • চতুৰ্থ ইনিংছত ৪৪৩ বলত ২১টা বাউণ্ডাৰীৰে ২২১ ৰান

এই ইনিংছটো ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ চতুৰ্থ ইনিংছৰ অন্যতম বুলি বিবেচিত হয়।

ৰাহুল দ্রাবিড়

“দ্য ৱাল” নামেৰে জনাজাত ৰাহুল দ্রাবিড়ে ২০০২ চনত ইংলেণ্ডৰ বিৰুদ্ধে এক শান্ত, ধৈৰ্যশীল আৰু ইতিহাস গঢ়া ইনিংছ উপহাৰ দিয়াছিল।

  • বৰ্ষ : ২০০২

  • অভেল টেষ্টত ৪৬৮ বলত ২৮টা বাউণ্ডাৰীৰে ২১৭ ৰান

  • প্ৰায় ১১ ঘণ্টা ক্রিজত থিয় হৈ থাকি তেণ্ডুলকাৰ, সৌৰভ আৰু লক্ষ্মণৰ সৈতে দীঘল যুটি গঠন কৰে।

  • যদিও বৰষুণৰ বাবে মেচখন ড্ৰ হয়, তথাপি এই ইনিংছটো ইংলেণ্ডত ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এটা মহৎ অধ্যায় হিচাপে বিবেচিত হয়।

শুভমন গিল

  • বৰ্ষ : ২০২৫

  • মেচ : এজবাষ্টন টেষ্ট

  • দ্বিতীয় দিনা ৩৮৭ বলত ২৬৯ ৰান

  • বিশেষত্ব:

    • এই ইনিংছটো গিলৰ টেষ্টত প্ৰথম দ্বিশতক।

    • গিলৰ ২৬৯ ৰান ইংলেণ্ডত কোনো ভাৰতীয় বেটছমানে কৰা সৰ্বোচ্চ স্ক’ৰ।

    • মহম্মদ আজহাৰউদ্দিনৰ ১৯৯০ চনৰ ১৭৯ ৰানৰ ৰেকৰ্ড ভাঙিছে।

জাডেজাৰ সৈতে ২০৩ ৰান আৰু ৱাশ্বিংটন সুন্দৰৰ সৈতে ইনিংছ ৫০০ পাৰ কৰা গিলৰ ইনিংছটোৱে ভাৰতীয় দলক এক সুৰক্ষিত অৱস্থালৈ লৈ গৈছে।

ইংলেণ্ডৰ কঠিন পৰিস্থিতিত দ্বিশতক কৰা মানে হৈছে অসাধাৰণ মানসিক দৃঢ়তা আৰু কৌশলিক দক্ষতা। সুনীল গাভাসকাৰ, ৰাহুল দ্রাবিড় আৰু এতিয়া শুভমন গিল— এই তিনিগৰাকীয়ে ভাৰতীয় ক্ৰিকেটৰ নাম ইংলেণ্ডৰ ঘৰৰ মাটিত উজ্জ্বলকৈ লিখাইছে।

গিলৰ এই ইনিংছ ভৱিষ্যতৰ বাবে অনুপ্ৰেৰণা স্বৰূপ হব বুলি ক্ৰিকেট বিশ্লেষকসকলে মত দিছে।

Niyomiya Barta Desk, Date of Published, 4 July, 2025

You might also like