বাক্সা জিলাৰ শালবাৰীত সংখ্যালঘু যুৱকৰ ৰূপত দেখা গ’ল বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মক। শালবাৰীৰ কমলাবাৰী ষ্টেডিয়ামত অনুষ্ঠিত বাক্সা জিলা ভিত্তিত বডোলেণ্ড চি ই এম কাপত অন্য ৰূপত ৰাকেশ ব্ৰহ্ম।
বিটিআত এজনো সংখ্যালঘুৰ প্ৰতিনিধি নহোৱা বাবে সংখ্যালঘুৰ টুপি পিন্ধি অনুষ্ঠানত অংশগ্ৰহণ কৰা বুলি জানিবলৈ দি জোনাব মৌলানা সকলক উদ্দেশ্যি এইখিনি সময়ত ইউ পি পি এলৰ বাহিৰে মুছলমানসকলক ভাল পোৱা কোনো দল নাই বুলি সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই।
ৰাকেশ ব্ৰহ্মই লগতে কংগ্ৰেছ, এ আই ইউ ডি এফ দলক সমালোচনা কৰি বহু বিস্ফোৰক মন্তব্য প্ৰদান কৰে। হাগ্ৰামা মহিলাৰী সন্দৰ্ভত প্ৰশ্ন নকৰিবলৈ সাংবাদিকক অনুৰোধ জনায় ৰাকেশ ব্ৰহ্মই। হাগ্ৰামা মহিলাৰী আৰু নাই, হাগ্ৰামা মহিলাৰী মদ খাই ঘুৰি ফুৰে, হাগ্ৰামা মহিলাৰী কমন চেঞ্চ নোহোৱা মানুহ বুলি মন্তব্য কৰাৰ লগতে ৰাকেশ ব্ৰহ্মই কয় বিজেপি আমাৰ মাজৰেই দল। বিজেপি আমাৰ লগত আছে।
বিটিচি চৰকাৰত প্ৰমোদ বড়ো আৰু অসম চৰকাৰত ড°হিমন্ত বিশ্ব শৰ্মা। হাগ্ৰামা নাই। হাগ্ৰামা এটা মুৰ্খ মানুহ। হাগ্ৰামাৰ দিন গুছি গ’ল। ৰাতি মদ খাই ক’ত ঘুৰি থাকে সেইবিলাকৰ লগত নাই সি আৰু নাই। বেয়া বেয়া কথা কয়।
সিদিনা মুছলমান সকলক দাড়ি জ্বলাই দিম বুলি কৈছে। সৌ সিদিনা দলীয় কৰ্মীক ছেণ্ডেলৰ মালা পিন্ধাম বুলি কৈছে। হাগ্ৰামাক আমি পাহৰি যাব খুজিছোঁ। বিটিআৰবাসী ৰাইজে হাগ্ৰামাক পাহৰি গৈছে কেৱল সংবাদমাধ্যমে হাগ্ৰামাৰ কথা উলিয়াই থাকে। ইয়াত হাগ্ৰামা বুলি নাছিল আৰু নাই। অতিত মনত পৰিলে অলপ দুখ লাগে বুলি মন্তব্য প্ৰদান কৰে ৰাকেশ ৰহ্মই।
নিয়মীয়া বাৰ্তা, আনন্দ বজাৰঃ Date of Published, 5 July