নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৭ বিশ্ববিদ্যালয়ত নতুন উপাচার্য নিযুক্তি

🔹 ৰাজভৱনৰ পৰা আনুষ্ঠানিক অধিসূচনা জাৰি

বিশেষ বাৰ্তা, ১৫ জুলাই : ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এক গুৰুত্বপূর্ণ তথা সুখবৰ৷ সাতখনকৈ বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বাবে আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হৈছে৷ ৰাজভৱনৰ পৰা জাৰি কৰা এই অধিসূচনা অনুসৰি মাধৱ পাটগিৰিক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে, গণেশ চন্দ্র ৱাৰীক কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে, নিৰঞ্জন ৰয়ক গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে, জ্যোতিপ্রসাদ শইকীয়াক জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে, তাৰিণী চন্দ্র ডেকাক বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে, মুকুল চন্দ্র বৰাক নর্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে আৰু হিতেশ ডেকাক নগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে নিযুক্তি দিয়া হৈছে৷

You might also like