আমেৰিকান অভিনেত্রী ডেবি মাজাৰা ক’ৰোনাত আক্রান্ত
নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ আমেৰিকান অভিনেত্রী ডেবি মাজাৰা ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে ৷ বিশিষ্ট টেলিভিছন অভিনেত্রীগৰাকীয়ে দেওবাৰে ছ’চিয়েল মিডিয়া ইনষ্টাগ্রামযোগে সদৰী কৰিছে এই তথ্য ৷ অভিনেত্রীগৰাকীয়ে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছতেই এই ৰোগৰ লক্ষণবোৰ সন্দর্ভতো বিভিন্ন তথ্য ইনষ্টাগ্রামৰ যোগেদি নিজৰ অনুৰাগীসকলক জনাইছে ৷ লক্ষণীয়ভাৱে এমাহ পূর্বে অভিনেত্রীগৰাকীৰ স্বামী আৰু দুই কন্যা সাধাৰণ জ্বৰত আক্রান্ত হৈছিল বুলিও একেটা পোষ্টত উল্লেখ কৰিছে মাজাৰে ৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ বা ক’ৰোনাত সংক্রমিত হ’বলৈ তেনেধৰণৰ কোনো ব্যক্তিৰ সংস্পর্শলৈ অহা নাছিল মাজাৰ৷ আনকি শেহতীয়াকৈ বিদেশ ভ্রমণো কৰা নাছিল অভিনেত্রী মাজাৰে৷ গতিকে ক’ৰোনা ভাইৰাছত অভিনেত্রীগৰাকী কেনেদৰে আক্রান্ত হ’ল তাক লৈ সৃষ্টি হৈছে কৌতূহল৷ স্মর্তব্য যে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা বিশ্বৰ বহু অভিনেতা–ভিনেত্রী, সংগীত শিল্পী তথা ৰাজনীতিক আক্রান্ত হৈছে৷ অৱশ্যে গৰিষ্ঠসংখ্যক ৰাজনীতিক তথা চেলিব্রিটী এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ পিছত হাস্পতালত আৰোগ্য হৈছে৷ কিছুদিন পূর্বে অস্কাৰ বিজয়ী অভিনেতা টম হেংকছ আৰু তেওঁৰ পত্নী ৰীতা উইলছনো ক’ৰোনাত আক্রান্ত হৈছিল ৷