ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধত এছবিআইৰ বিশেষ পদক্ষেপ
বেংক চৌহদত নির্দিষ্ট দূৰত্বত অৱস্থানৰ আহ্বান–এটিএমৰ সন্মুখত জুম বন্ধাত নিষেধাজ্ঞা
নিয়মীয়া বার্তা, ২৩ মার্চঃ ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ–পূব মণ্ডলে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ প্রতি লক্ষ্য ৰাখি ইয়াৰ কর্মচাৰী গ্রাহক আৰু বেংক সেৱাৰ সৈতে জড়িত লোকসকলক সতর্কতা অৱলম্বনৰ বাবে আহ্বান জনাই কেতবোৰ ব্যৱস্থা গ্রহণ কৰিছে ৷ উত্তৰ–পূবৰ প্রতিটো বেংক শাখাত প্রৱেশ কৰাৰ পূর্বে চৰকাৰ প্রশাসনৰ নির্দেশনা অনুসৰি হাত ধোৱা আৰু ছেনিটাইজাৰৰ ব্যৱস্থা কৰিছে ৷ বেংক চৌহদত প্রৱেশ কৰা লোকসকলক নির্দিষ্ট দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে ৷ তদুপৰি মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা ৰক্ষা পৰিবলৈ পালন কৰিবলগীয়া যাৱতীয় নির্দেশনা বেংক কর্তৃপক্ষই আঁৰি থৈছে৷ আনহাতে, এছ বি আইৰ সমূহ এ টি এমৰ সন্মুখত ফলক আঁৰি সকলো গ্রাহকক ল’বলগীয়া সতর্কতামূলক ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে৷ তদুপৰি ধন উলিয়াবলৈ এ টি এমলৈ যোৱা লোকসকলক নির্দিষ্ট দূৰত্ব বজাই ৰাখি শাৰী পাতি এজনতকৈ অধিক লোক ভিতৰলৈ প্রৱেশত বাধা আৰোপ কৰিছে৷ একেদৰে এ টি এমকে ধৰি ইণ্টাৰনেট বেংকিং সেৱাৰ ক্ষেত্রতো গ্রাহকসকলক জুম বান্ধি থকাত বেংক কর্তৃপক্ষই নিষেধাজ্ঞা জাৰি কৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাত গ্রাহকসকলক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ৷