নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত ফুটবল বিশ্বৰ ৩ তাৰকা

পুত্রসহ মালডিনী, প্রেয়সীৰ সৈতে ডাইবালা, ফেলাইনিৰ শৰীৰত মাৰাত্মক ভাইৰাছ

নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছে কঁপাইছে বিশ্বৰ ক্রীড়া ক্ষেত্র৷ ইতিমধ্যে ভাইৰাছৰ সংক্রমণৰ প্রভাৱত বিশ্বৰ ক্রীড়া জগত স্তব্ধ হোৱাৰ পিছত ফুটবল জগতৰ কেইবাগৰাকীও তাৰকা এই ভাইৰাছৰ কবলত পৰিছে ৷ ইয়াৰ ভিতৰত অন্যতম হ’ল জুভেণ্টাছ ষ্ট্রাইকাৰ পাওলো ডাইবালা, ইটালীৰ ডিফেণ্ডাৰ পাওলো মালডিনী আৰু মানচেষ্টাৰ ইউনাইটেডৰ প্রাক্তন মিডফিল্ডাৰ মাৰ’ৱানি ফেলাইনি  ৷ বিশ্ব ফুটবলৰ অন্যতম প্রতিভাৱান ষ্ট্রাইকাৰ ২৬ বছৰীয়া ডাইবালাই আজি টুইটাৰত নিজেই প্রকাশ কৰে যে তেওঁৰ লগতে তেওঁৰ প্রেয়সী অ’ৰিয়ানাৰ শৰীৰত ন’ভেল ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ অৱশ্যে সম্প্রতি তেওঁলোক সুস্থ অৱস্থাত আছে বুলি ফুটবলাৰগৰাকীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে ইটালীৰ আগশাৰীৰ ক্লাব জুভেণ্টাছৰ হৈ খেলা আর্জেণ্টিনাৰ ফুটবলাৰগৰাকীয়ে যোৱা ১১ মার্চৰ পৰা নিজ গৃহত স্বনির্বাসনত আছে৷ যোৱা সপ্তাহত তেওঁ শৰীৰত ক’ৰোনা ভাইৰাছৰ লক্ষণ অনুভৱ কৰাত পৰীক্ষাৰ সন্মুখীন হৈছিল৷ কালি এই পৰীক্ষাৰ ফলাফল পজিটিভ হোৱাত তাৰকা ফুটবলগৰাকী ক’ৰোনা ভাইৰাছত আক্রান্ত বুলি নিশ্চিত হয়৷ মন কৰিবলগীয়া যে ক’ৰোনা ভাইৰাছত আক্রান্ত ডাইবালা হ’ল জুভেণ্টাছৰ তৃতীয়গৰাকী ফুটবলাৰ৷ ইয়াৰ পূর্বে ডাইবালাৰ সতীর্থ ডেনিয়েল ৰুগানি আৰু ব্লেইছ মাটুইডি প্রাণঘাতী ক’ৰোনা ভাইৰাছৰ বলি হৈছিল ৷ ইফালে এচি মিলানৰ প্রাক্তন ডিফেণ্ডাৰ আৰু ইটালীৰ ফুটবল কিংবদন্তি পাওলো মালডিনী আৰু তেওঁৰ সন্তান ডেনিয়েলৰ শৰীৰতো ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷

ইটালিয়ান ক্লাবটোৰ অফিচিয়েল টুইটাৰ হেণ্ডলত দেওবাৰে এই তথ্য প্রকাশ পাইছে৷ ক্লাবটোৱে প্রকাশ কৰা অনুসৰি মালডিনী আৰু তেওঁৰ পুত্রক সম্প্রতি চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে৷ উল্লেখ্য যে এ চি মিলান ক্লাবৰ টেকনিকেল ডাইৰেক্টৰ হিচাপে নিয়োজিত মালডিনীৰ পুত্র ডেনিয়েলে সম্প্রতি ক্লাবটোৰ যুৱ দলৰ হৈ খেলি আছে৷ আনহাতে, মানচেষ্টাৰ ইউনাইটেডৰ প্রাক্তন মিডফিল্ডাৰ ফেলাইনিকো মাৰাত্মক ক’ৰোনা ভাইৰাছে আক্রমণ কৰিছে৷ ৩২ বছৰীয়া ফুটবলাৰগৰাকীৰ শৰীৰত ক’ৰোনাৰ সংক্রমণ ধৰা পৰা বুলি আজি প্রকাশ পাইছে৷ উল্লেখ্য যে সম্প্রতি চাইনিজ ছুপাৰ লীগত খেলি থকা তাৰকা ফুটবলাৰগৰাকী চীনৰ জিনান প্রদেশত থকাৰ সময়তে তেওঁৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ লক্ষণে দেখা দিছিল৷ চীনৰ পৰা বিশ্বজুৰি সংক্রমিত হোৱা মাৰাত্মক ক’ৰোনা ভাইৰাছে এই পর্যন্ত সমগ্র বিশ্বৰ প্রায় তিনি লাখৰো অধিক লোকক আক্রান্ত কৰিছে আৰু প্রায় ১৩ হাজাৰ লোকৰ প্রাণ কাঢ়ি নিছে৷ উল্লেখ্য যে যোৱা সপ্তাহত এই মহামাৰী ক’ৰোনা ভাইৰাছৰত আক্রান্ত হৈ স্পেইনৰ এটলেটিকো প’টাডা আলটাৰ দলটোৰ প্রশিক্ষক ২১ বছৰীয়া ফ্রান্সিকো গার্ছিয়াৰ মৃত্যু হৈছিল ৷

You might also like