ৰাজপুত্র, যুৱৰাজ আদি ৰূপকসমূহ
🔹 দিগন্ত বিশ্ব শর্মা
প্রত্যক্ষভাৱে নহয়, যেতিয়া গণতান্ত্রিক প্রমূল্যক কৌশলেৰে ভূ–লুণ্ঠিত কৰি বিশেষ ব্যক্তিয়ে আধিপত্য স্থাপন কৰে অথবা কৰিবলৈ প্রয়াস কৰে, তেতিয়াহ তেনে ব্যক্তিক গণতান্ত্রিক প্রমূল্যৰ বিষয়ে সোঁৱৰাই দিবলৈ ৰাজনৈতিক লেখাত ‘ৰাজপুত্র’, ‘যুৱৰাজ’ ইত্যাদি ৰূপক ব্যৱহূত হোৱা দেখিবলৈ পোৱা যায়৷ একোটা বৃহৎ ৰাজনৈতিক দল অথবা বিশাল সংগঠনত হাজাৰ হাজাৰ সাধাৰণ কর্মকর্তাই সেৱা আগবঢ়ায়৷ এওঁলোকৰ ভিতৰত গৰিষ্ঠসংখ্যকে আমৃত্যু প্রাথমিক পর্যায়তে নিযুক্ত হৈ থাকে৷ অনেকে আকৌ বছৰ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পাছতো আনকি জিলা পর্যায়ৰ দায়িত্বও লাভ কৰিবলৈ সক্ষম নহয়৷ সময়ত কত শতজন উপেক্ষিত হ’ব লগা হয়৷ জীৱনজোৰা সেৱা আগবঢ়োৱাৰ পাছতো শত শতজন সময়ত বিস্মৃত হয়৷ এনেধৰণৰ লাখ লাখ কর্মকর্তাৰ বাবে বিধায়ক, সাংসদ হোৱাটো অলীক কল্পনাবিলাস মাত্র, কোনোদিনে দেখা নোপোৱা সুদূৰৰ সাগৰ কেৱল ! এই কথা অনস্বীকার্য যে পদ, দায়িত্ব, বিধায়ক অথবা সাংসদ ইত্যাদিৰ সংখ্যা তেনেহ সীমিত৷ আধুনিক গণতন্ত্রত সততে মুষ্টিমেয় ভাগ্যৱানসকলৰ বাবেই এইবোৰ সংৰক্ষিত৷
প্রণিধানযোগ্য যে একে সময়তে এনেধৰণৰ লাখ লাখ কর্মকর্তাক কিদৰে ন্যায় প্রদান কৰিব পাৰি, কিদৰে তেওঁলোকক যথাযোগ্য স্বীকৃতি দান কৰিব পাৰি, কিদৰে তেওঁলোকক সততে উৎসাহী কৰি ৰাখিব পাৰি, সেইবোৰ বিষয়ে আধুনিক সংগঠনবিদসকলক প্রায়েই নীৰৱ হৈ থকা দেখিবলৈ পোৱা যায়৷ এনে নীৰৱতাই এদিন সংগঠনসমূহত যে বিৰাট সংকট, প্রচণ্ড ধুমুহাৰ সৃষ্টি কৰিবই, সেই বিষয়ে আমি ব্যক্তিগতভাৱে ষোল্ল অনাই নিশ্চিত! এই পটভূমিতেই সংগঠন একোটাৰ নেতাৰ ব্যক্তিগত আচৰণ আৰু নৈতিক দায়িত্বই বিশাল তাৎপর্য বহন কৰে৷ কোনো বিশেষ ব্যক্তিয়ে গণতান্ত্রিক ব্যৱস্থা এটাক কৌশলেৰে অথবা ক্ষমতাৰ অপব্যৱহাৰ কৰি যাতে ভূ–লুণ্ঠিত কৰিব নোৱাৰে, সেই বিষয়ে সচেতনসকলে সতর্ক দৃষ্টি ৰাখিবই লাগিব৷ এনে কুটিল কৌশলৰ প্রয়োগ আচলতে সংগঠনটোৰ লাখ লাখ সাধাৰণ কর্মকর্তাৰ প্রতি নিষ্ঠুৰ ভেঙুচালি প্রদর্শন ভিন্ন আন একোৱেই হ’ব নোৱাৰে৷ গণতান্ত্রিক কাঠাম এটাৰ মাজত ‘ৰাজপুত্র’, ‘যুৱৰাজ’ ইত্যাদি ৰূপকসমূহৰ ব্যৱহাৰৰ বিষয়টো এই পটভূমিতেই আমি বিবেচনা কৰি চাব লাগিব৷ এতিয়া এবাৰ মাত্র আপুনি কল্পনা কৰকচোন…, লাখ লাখ উপেক্ষিত সাধাৰণ কর্মকর্তাক চকুৰ সন্মুখত ৰাখি কল্পনা শক্তিৰে কেৱল বিবেচনা কৰি চাওকচোন…৷ ধৰি লওক যে এজন ব্যক্তিৰ বর্তমান বয়স ৪৪–৪৫৷ সুদীর্ঘকাল এখন ৰাজ্যত একপ্রকাৰ নিৰংকুশ ক্ষমতা চৰিতার্থ কৰিব পৰা এজন ব্যক্তি তেওঁৰ পিতৃ আছিল৷ পিতৃৰ তেওঁ একমাত্র পুত্র সন্তান৷ প্রায় ৩০ বছৰ বয়সলৈকে নিজৰ ৰাজ্যখনৰ ভাষা, সাহিত্য, সভ্যতা, সংস্কৃতি, সমাজ, ৰাজনীতি, ইতিহাস এইবোৰৰ বিষয়ে তেওঁ একোৱেই নাজানে; কাৰণ ৩০ বছৰ বয়সলৈকে পিতৃয়ে তেওঁক দেশৰ ৰাজধানীত পঢ়ুৱাইছে৷ স্বাভাৱিকভাৱেই নিজৰ আইৰ মুখৰ ভাষাটো একপ্রকাৰে পাহৰি তেওঁ আন আন ভাষাত নিপুণ হৈ উঠিছে৷ বৈভৱশালী অনেক পিতৃয়েই এনেদৰে নিজৰ সন্তানক ওপজা ঠাইৰ বাহিৰত পঢ়ুৱাইছে৷ যেতিয়ালৈকে এনেধৰণৰ এজন ব্যক্তিয়ে ব্যক্তিগত জীৱন যাপন কৰে, তেতিয়ালৈকে এইবোৰ কথা তেওঁ, তেওঁৰ পিতৃ অথবা তেওঁৰ পৰিয়ালটোৰ ব্যক্তিগত কথা বুলিয়েই আধুনিক যুগত স্বাভাৱিকভাৱেই বিবেচিত হ’ব৷ কিন্তু সেই একেজন ব্যক্তিয়েই ৩০ বছৰ বয়সত পিতৃ ৰাজনৈতিকভাৱে সর্বোচ্চ পদত ক্ষমতাধিষ্ঠিত হৈ থকা ৰাজ্যখনত হঠাতে যদি এদিন বীৰদর্পে পদার্পণ কৰে, আৰু মাত্র দুবছৰৰ ভিতৰতে পিতৃয়ে সেৱা আগবঢ়োৱা দলটোৰ পৰা সাংসদ পদৰ প্রার্থী ৰূপে মনোনয়ন বিচাৰি আমাৰ ভাগ্য বিধাতা হ’বলৈ উদ্যত হৈ পৰে আৰু অনায়াসে দলটোৰ পৰা তেওঁ বিচৰা ধৰণেই যদি মনোনয়ন লাভ কৰে, তেতিয়া কিন্তু বিষয়টো আৰু ব্যক্তিগত বিষয় হৈ নাথাকে, তেতিয়া বিষয়টোৱে সম্পূর্ণৰূপে এক বিৰাট ৰাজহুৱা ৰূপ পৰিগ্রহ কৰে৷ আৰু তেতিয়াই ‘ৰাজপুত্র’ অথবা ‘যুৱৰাজ’ ৰূপকৰ প্রয়োগে যথার্থ সার্থকতা লাভ কৰে৷ আইৰ মুখৰ ভাষাটো শুদ্ধকৈ ক’বলৈ নাজানিলে তেতিয়াই জনসাধাৰণে তেওঁক প্রশ্ণ কৰে, কাৰণ তেতিয়া তেওঁ সম্পূর্ণৰূপে ৰাজহুৱা ব্যক্তি! স্বেচ্ছাই তেওঁ জনতাৰ ভাগ্য বিধাতা হ’বলৈ ওলাইছে! তেতিয়াই মানুহে কৌশল অথবা ক্ষমতাৰ অপব্যৱহাৰেৰে গণতান্ত্রিক প্রমূল্যক ভূ–লুণ্ঠিত কৰা হৈছে বুলি অভিযোগ কৰে, যেতিয়াই ৰাজ্যখনৰ জনতাই হূদয়ংগম কৰিব ধৰে যে ক্ষমতাধিষ্ঠিত পিতৃয়ে দশক পূর্বেই এই সংসদীয় আসনখন পুত্রৰ বাবে নিজ ভাতৃৰ দ্বাৰা কৌশলেৰে সংৰক্ষিত কৰি ৰাখিছিল৷
যদি এনেধৰণৰ ঘটনা সঁচাকৈয়ে গণতান্ত্রিক মুলুকত ঘটে, তেতিয়া এই ‘ৰাজপুত্র’ ৰূপকে যথার্থ সার্থকতা লাভ কৰে বুলি আমি সম্পূর্ণৰূপে পতিয়ন যাওঁ৷ যি সময়ত একোটা দলত লাখ লাখ কর্মী দশক দশক ধৰি উপেক্ষিত হৈ থাকে, তেনে সময়ত দলটোৰ মণ্ডল অথবা জিলা পর্যায়ত এদিনো সেৱা আগ নবঢ়োৱাকৈয়ে পিতৃৰ ক্ষমতাৰ বলেৰে নিজৰ সবল বুনিয়াদ গঢ়ি যদি এনে ধৰণৰ ব্যক্তিয়ে ১২–১৪ বছৰৰ ভিতৰতে দলটোৰ ৰাষ্ট্রীয় দায়িত্ব, অথবা ৰাজ্যখনত দলটোৰেই সর্বেসর্বা হৈ উঠে, আমি বিশ্বাস কৰোঁ, তেতিয়াই ‘ৰাজপুত্র’ ৰূপকটোৱে অধিক যথার্থ সার্থকতা লাভ কৰে৷
এতিয়া আন এটা কথা কল্পনা কৰকচোন… ধৰি লওক…, এখন গণতান্ত্রিক দেশত এজন নেতা প্রধানমন্ত্রী পদত এদিন অধিষ্ঠিত হৈছিল৷ দশকজুৰি তেওঁ শাসন কৰিলে৷ তাৰ পাছত তেওঁৰ দুহিতা দশক দশকজুৰি প্রধানমন্ত্রী হৈ থাকিল৷ তাৰ পাছত এদিন আকৌ তেওঁৰ নাতিয়েকো দেশখনৰ প্রধানমন্ত্রী হ’ল… ধৰি লওক…, তেওঁৰ দিনৰে পৰা এতিয়ালৈকে তেওঁ সেৱা আগবঢ়োৱা ৰাজনৈতিক দলটোৰ নেতৃত্বৰ বাঘজৰী তেওঁলোকৰ পৰিয়ালটোৰ লোকেই যদি পৰোক্ষ অথবা প্রত্যক্ষভাৱে নিয়ন্ত্রণ কৰি আহিছে, তেতিয়া বাৰু সৰলভাৱে গণতান্ত্রিক মূল্যবোধে বিজয় লাভ কৰিছে বুলি ভাবিব পাৰিনে? ক্ষমতাৰ অপব্যৱহাৰেৰে গণতান্ত্রিক মূল্যবোধক কুঠাৰাঘাত কৰা বুলি তেতিয়াও বাৰু অলপো ভাবিব নোৱাৰিনে? গণতান্ত্রিক প্রমূল্যৰ প্রতি ৰাইজক অধিক সচেতন কৰাৰ স্বার্থত ‘যুৱৰাজ’ ৰূপকটোক তেতিয়া বাৰু এক সার্থক ৰূপক বুলি অভিহিত কৰিব নোৱাৰিনে?