ডায়েবেটিছ, হৃদৰোগ আৰু মানসিক ৰোগকে ধৰি বিভিন্ন ৰোগৰ ৩৫বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম হ্রাস কৰিছে কেন্দ্রীয় চৰকাৰে৷ ৰাসায়নিক আৰু সাৰ মন্ত্রালয়ৰ এক অধিসূচনা অনুসৰি এচিক্লফেনাক, পেৰাচিটামল, ট্রিপছিম, ছাইম’ ট্রিপছিম, এম’ক্সিলিন আৰু পটাছিয়াম ক্লেভুলেনেট, এট’ৰভাষ্টেনিটিন আদি ঔষধৰ দাম হ্রাস কৰা হৈছে৷
একেদৰে ডায়েবেটিছ প্রতিৰোধী ঔষধৰ ভিতৰত এম্পাগ্লিফ্লজিন, চিটাগ্লিপটিন আৰু মেটফ’র্মিনৰ দাম হ্রাস কৰা বুলি জনাইছে৷ ইফালে, হৃদৰোগত ব্যৱহূত এট’ৰভাষ্টেনিটিন আৰু ক্লপিড’গেলৰ দাম হ্রাসেৰে মধ্যবিত্ত শ্রেণীক সকাহ দিছে চৰকাৰে৷ অধিসূচনাত এই কথাও কোৱা হৈছে যে প্রতিখন বিপণীয়ে নতুনকৈ নির্ধাৰণ কৰা মূল্য তালিকা ওলমাই ৰাখিব লাগিব৷
পুৰণি দৰত কোনো বিক্রেটাই বিক্রী কৰিলে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে চলিত বর্ষৰ বাজেটৰ সময়ত দেশত ৭৪৮বিধ ঔষধৰ মূল্য বৃদ্ধি কৰিছিল কেন্দ্রীয় চৰকাৰে৷ জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ পিছতে দেশবাসীৰ ওপৰত দাঙৰ বোজা পৰিছিল৷ বিৰোধীয়েও এই সিদ্ধান্তৰ সমালোচনা কৰিছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত কেন্দ্রই ৩৫বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য হ্রাস কৰাৰ সিদ্ধান্তই বিশেষ তাৎপর্য বহন কৰিছে৷
Niyomiya Barta Desk, 5 August, 2025