প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক-ৰ শেষ নিশ্বাস ত্যাগ, দেশজুৰি শোক
জম্মু-কাশ্মীৰ, গোৱা, বিহাৰ আৰু মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক ৰ আজি দেহাৱসান ঘটে। তেওঁ কেইবাদিন ধৰি হাস্পতালত ভৰ্তি হৈ আছিল আৰু তেওঁৰ চিকিৎসা চলি আছিল। সত্যপাল মালিকে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ ব্যক্তিগত সচিব কে এছ ৰাণাই এই তথ্য প্ৰকাশ কৰিছে।
पूर्व गवर्नर चौधरी सत्यपाल सिंह मलिक जी नहीं रहें।#satyapalmalik
— Satyapal Malik (@SatyapalMalik6) August 5, 2025
সত্যপাল মালিকৰ সামাজিক মাধ্যম একাউণ্ট Xত তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰা হৈছে। আনুষ্ঠানিক তথ্য অনুসৰি, সত্যপাল মালিক কিডনিৰ সমস্যাত ভুগি আছিল। তেওঁ কৃষক আন্দোলন, দুৰ্নীতি আৰু কেইবাটাও ৰাষ্ট্ৰীয় বিষয়ত নিজৰ স্পষ্ট মতামতৰ বাবে চৰ্চাত আছিল।
উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫এ বাতিল কৰাৰ সময়ত সত্যপাল মালিকেই ৰাজ্যপাল আছিল। যেতিয়া জম্মু-কাশ্মীৰক সম্পূৰ্ণ ৰাজ্যৰ পৰিৱৰ্তে কেন্দ্ৰশাসিত প্ৰদেশ ঘোষণা কৰা হৈছিল, তেতিয়া সত্যপাল মালিক কেন্দ্ৰশাসিত প্ৰদেশৰ উপৰাজ্যপাল হৈছিল।
Niyomiya Barta Desk, 5 August, 2025