অভিলেখসংখ্যক ইউৰিয়া উৎপাদনেৰে ৰেকৰ্ড নামৰূপ সাৰ কাৰখানাৰ তৃতীয় গোটৰ
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজৰ কৰ্পৰেচন লিমিটেডৰ তৃতীয়টো উৎপাদন গোটে আওপুৰণি যন্ত্ৰাংশৰে আজিও সগৌৰবে উৎপাদনক্ষম হৈ থকাই নহয় চলিত বৰ্ষত মাত্ৰ চাৰি মাহত (২০২৫ চনৰ এপ্ৰিলৰ পৰা জুলাইলৈ) ১,০২,০০৩ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰি অভিলেখ গঢ়িলে।
উল্লেখ যোগ্য যে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ শেষৰ ফালে প্ৰায় ডেৰমাহ ধৰি হোৱা তৃতীয় গোটটোৰ নিয়মীয়া চাট ডাউনৰ সময়ত তৃতীয় গোটটোৰ বিভিন্ন মেৰামতি কৰা হৈছিল । তাৰ পিছত পৰাই যেন উদ্যোগটোৱে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে।
লক্ষণীয় যে বিগত ৫ বছৰৰ ভিতৰতে চলিত বৰ্ষৰ ৯ জানুৱাৰীত এদিনতে সৰ্বাধিক ৯১৬ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰি বিভিএফচিএলৰ পুনৰ পূৰ্বৰ খ্যাতি ঘূৰাই আনিবলৈ সক্ষম হৈছে। বিগত তিনি বছৰৰ এদিনীয়া সৰ্বাধিক উৎপাদন যদি চোৱা হয় তেন্তে দেখা যায় ২০২৪ বৰ্ষত বছৰটোৰ সৰ্বাধিক উৎপাদন হৈছিল ৮৫৪ মে,টন (১০ ফেব্ৰুৱাৰী ২০২৪) ২০২৩ বৰ্ষত ৭৬৪ মে টন (১৬ জানুৱাৰী) ইউৰিয়া উৎপাদন হৈছিল।
উল্লেখযোগ্য যে ষাঠিৰ দশকতে স্থাপন হোৱা নামৰূপ সাৰ কাৰখানা অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্তিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ দুটা গোট ইতিমধ্যে বন্ধ হ’ল। অভিজ্ঞতা সম্পন্ন বিষয়া আৰু নিপুণ শ্ৰমিক কৰ্মচাৰী সকলৰ নিষ্ঠা , ঐকান্তিক প্ৰচেষ্টাত বি ভি এফ চি এল ৰ তৃতীয়টো উৎপাদন গোটে এনে সু ফল দেখুৱাবলৈ সক্ষম হোৱাত নিতান্তই শ্ৰমিক কৰ্মচাৰী সকল ধন্যবাদৰ পাত্ৰ।
ইফালে চলিত বৰ্ষৰ এপ্ৰিল মাহত উদ্যোগটোৰ নতুন অধ্যক্ষ তথা পৰিচালন সঞ্চালক হিচাপে যোগদান কৰে মোহন ৰাজ ছেট্টিয়ে। এক দক্ষ আৰু অভিজ্ঞতাপুষ্ট নেত্ৰী হিচাপে অধ্যক্ষগৰাকীয়ে উদ্যোগটোৰ সূক্ষ্ম ত্ৰুটি সমূহো গুৰুত্ব সহকাৰে লৈ সমাধান কৰা পৰিলক্ষিত হৈছে।
তাৰ ফলশ্ৰুতিত সম্প্রতি আয়ুস কাল উকলি যোৱা প্ৰকল্পটোৱেও চলিত বছৰটো দেখুওৱা ভাল ফলাফলে উদ্যোগটোৰ কতৃপক্ষ ,কৰ্মচাৰী সকলক সন্তোষীত কৰিছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুলাই মাহত কেৱল নামৰূপ-তৃতীয় গোটটোৱে সৰ্বনিম্ন শক্তি ব্যৱহাৰ কৰি (৯.৫৭ GCl /MT ) এতিয়ালৈকে সৰ্বাধিক ২৮০৩৩ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিবলৈ সক্ষম হয়।
মন কৰিবলগীয়া যে ১৯৮৭ চনতে স্থাপন হোৱা নামৰূপ-তৃতীয় উদ্যোগটোৱে ৩৭ বছৰতকৈও অধিক সময় ধৰি অবিৰতভাৱে চলি থকাৰ পিছটো শক্তিশালীভাৱে কৰ্মক্ষমতা প্ৰদৰ্শন কৰাটো বি ভি এফ চি এলৰ ইতিহাসত বিৰল কাৰ্য্য হিচাপে চিহ্নিত হৈছে। এইয়া হল উদ্যোগটোৰ অগ্ৰগতি, দলীয় কামৰ নিদৰ্শন আৰু প্ৰতিদিনে উদ্যোগটোক উন্নয়নৰ দিশলৈ লৈযোৱা শ শ শ্ৰমিক কৰ্মচাৰীৰ প্ৰচেষ্টা আৰু এই সকলৰ নিৰৱে প্ৰতিশ্ৰুতি।
নিয়মীয়া বাৰ্তা, নামৰূপ, ৭ আগষ্ট, ২০২৫