নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাকুছিত আকাংক্ষা হাট মুকলি, গ্ৰামাঞ্চলৰ পুৰুষ- মহিলাক স্বনিয়োজনৰ সুযোগ

দেশৰ নিটি আয়োগৰ সম্পূৰ্ণতা অভিযানৰ অধীনত আকাংক্ষা হাট মুকলি ৷ গ্ৰামাঞ্চলৰ পুৰুষ মহিলা সকলক স্বনিয়োজনৰ বাবে এখন বজাৰ সৃষ্টিৰ লক্ষ্যৰে নীতি আয়োগে আৰম্ভ কৰা সম্পূৰ্ণতা অভিযানৰ অধিনত ওদালগুৰিৰ ডিমাকুছিত আজি আকাংক্ষা হাট আনুস্থানিকভাবে মুকলি কৰে ওদালগুৰি জিলাৰ উপায়ুক্ত পুলক পাটগিৰিয়ে।

আত্মসহায়ক গোটৰ লগত জড়িত মহিলা সকলৰ লগতে জীৱিকা সখি তথা গ্ৰাম্য অঞ্চলৰ লোকৰ উৎপাদিত সামগ্ৰী সমূহৰ এখন বজাৰ সৃষ্টি কৰি তেওঁলোকক আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্য লৈছে দেশৰ নিটি আয়োগে ৷

ইয়াৰ অংশ হিচাপেই ডিমাকুছিত মুকলি কৰা হ’য় আকাংক্ষা হাট। এইখন বজাৰ ডিমাকুছিত এসপ্তাহ ধৰি চলিব বুলি জানিবলৈ দিছে জিলা উপায়ুক্ত পুলক পাটগিৰিয়ে। ইয়াত স্থানীয় লোক সকলে তেওঁলোকৰ উৎপাদিত থলুৱা সামগ্ৰী সমূহ ৰাইজৰ মাজত উলিয়াই দিয়াৰ সুযোগ লাভ কৰিব । ইয়াৰ দ্বাৰা এইসকল লোক আৰ্থিক ভাবে স্বাৱলম্বী হোৱাৰ লগতে অধিক উৎপাদনক্ষম হৈ উঠিব বুলি আশা কৰে নিটি আয়োগে৷

নিটি আয়োগৰ সম্পূৰ্ণতা অভিযানে স্বাস্থ্য সেৱা, শিক্ষাৰ মানদণ্ড উন্নত কৰা, স্থানীয় কষিজাত আৰু পণ্য সামগ্ৰী উৎপাদনত বিশেষ গুৰুত্ব আৰোপ কৰে। ওদালগুৰিৰ ডিমাকুছিস্থিত বৰঙাজুলি সত্ৰ প্ৰেক্ষাগৃহত নিটি আয়োগৰ সম্পূৰ্ণতা অভিযানৰ শুভাৰম্ভ কৰি জিলা উপায়ুক্ত পুলক পাটগিৰিয়ে ভৱিষ্যতে ডিমাকুছিত স্থানীয় কৃষিজাত আৰু থলুৱা শিল্পৰ এখন স্থায়ী বজাৰ নিৰ্মাণৰ বাবে মাটি আৱন্টনৰ বাবে কৰা চিন্তা চৰ্চাৰ কথা সংবাদ মাধ্যমৰ জড়িয়তে জানিবলৈ দিয়ে ৷

উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত পুলক পাটগিৰি, ভেৰগাঁও মহকুমাৰ মহকুধাধিপতি ৰীংখাং মোছাহাৰী, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া (এছডিপিও) দূৰ্গা কিংকৰ শৰ্মা, ভাৰতীয় জনা পাৰ্তীৰ জিলা সম্পাদক জৌশ্ৰাং বড়োকে ধৰি কিইবা শতাধিক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে৷ উক্ত অনুষ্ঠানতে কেইবাগৰাকীও লোকক সম্বৰ্দ্ধনা দিয়া হয় ৷

নিয়মীয়া বাৰ্তা, ডিমাকুছি, ৮ আগষ্ট, ২০২৫

You might also like