নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা ফেচবুক একাউণ্টত বিজেপি নেত্ৰীৰ অশ্লীল ফটো ভাইৰেল

🔹 মৰিয়নিত মহিলাসহ দুজনক জে’ললৈ

বিশেষ বাৰ্তা, ১১ আগষ্ট : মৰিয়নিৰ এগৰাকী বিজেপি নেত্ৰীৰ অশালীন ফটো সামাজিক মাধ্যম ফেচবুকত ভাইৰেল হোৱা ঘটনাই ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পূৰ্বৰ মৰিয়নি সমষ্টি আৰু বৰ্তমানৰ তিতাবৰ সমষ্টিৰ এগৰাকী বিজেপি নেত্ৰীৰ ক্ষেত্ৰত এই ঘটনা সংঘটিত হৈছে । এই সন্দৰ্ভত জানিব পৰা মতে, বিজেপি নেত্ৰীগৰাকীৰ নামত কোনো দুষ্টচক্ৰই ভুৱা ফেচবুক একাউন্ট খুলি অশ্লীল ফটো ভাইৰেল কৰে । দুষ্ট চক্ৰটোৱে পৰিকল্পিতভাৱে এই কাম কৰাৰ সন্দেহ কৰা হৈছে । ফেচবুকত ‘নিতুমনি নিতুমনি’ নামেৰে এটা ভুৱা একাউণ্ট খুলি তাত বিজেপি নেত্ৰীগৰাকীৰ আপত্তিজনক ফটো আপলোড কৰাৰ লগতে অশালীন মন্তব্য প্ৰকাশ কৰে ।

সন্দেহ কৰা মতে, চক্ৰটোৱে এই ক্ষেত্ৰত ‘এ আই’ৰ সহায় লৈছিল । বিজেপি নেত্ৰীগৰাকীৰ ইতিমধ্যে ভাইৰেল হৈ পৰা ফটোৱে ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । এই বিষয়ে জানিব পাৰি বিজেপিৰ নেত্ৰীগৰাকী হতভম্ব হৈ পৰে । তাৰ পিছতেই সমগ্ৰ বিষয়টোক লৈ মৰিয়নি আৰক্ষীৰ কাষ চাপে নেত্ৰীগৰাকী। এই সন্দৰ্ভত বিজেপি নেত্ৰীগৰাকীয়ে আৰক্ষীক এখন এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে বিষয়টোৰ তাৎক্ষণিক অনুসন্ধান চলাই বাঁহনি চাহ বাগিচাৰ বিৰজু সিং আৰু শিলিখা চাহ বাগিচাৰ পূজা দেৱ নামৰ এগৰাকী মহিলাক আটক কৰি সোধা-পোছা কৰে । তাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। বিতৰ্কিত বিৰজু সিং আৰু পূজা দেৱে এই কাৰ্য সংঘটিত কৰা বুলি স্বীকাৰ কৰে ।
লক্ষণীয় যে বিৰজু সিং বিজেপি দলৰ এজন সক্ৰিয় কৰ্মকৰ্তা । এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিতও হৈছে বিৰজু সিং । ব্যক্তিগত আক্ৰোশ আৰু হতাশাত ভুগিয়েই এই কাম কৰা বুলি সন্দেহ কৰা হৈছে । ইফালে, ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে, ৰাজনৈতিকভাৱে হত্যা কৰাৰ উদ্দেশ্যৰ লগতে ব্যক্তিগত মানসিক নিৰ্যাতনৰ বাবে দুয়ো অভিযুক্ত মিলি এই কাম কৰিছে । অভিযুক্ত বিৰজু সিঙৰ ভনীয়েক এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভুক্তভোগীৰ প্ৰতিদ্বন্দ্বী আছিল আৰু নিৰ্বাচনত পৰাজিত হৈছিল । তাৰ পোতক তোলাৰ উদ্দেশ্যৰে এইবোৰ কাম কৰিছে বুলিও অভিযোগ তোলে । সমাজত হেয় প্ৰতিপন্ন কৰাৰ লগতে বিজেপি নেত্ৰীগৰাকীৰ বদনাম কৰিবৰ বাবেই এই কু-অভিসন্ধি কৰা বুলিও লগতে উল্লেখ কৰে ।
সংবাদ মাধ্যমৰ আগত বিজেপি নেত্ৰীগৰাকীয়ে কয়- এই মানসিক অত্যাচাৰৰ ফলত তেওঁ মানসিক আৰু সামাজিকভাৱে যথেষ্ট আঘাত পাইছে । তদুপৰি ৰাজনৈতিক কেৰিয়াৰতো ইয়াৰ প্ৰভাৱ পৰা বুলিও লগতে ভুক্তভোগী নেত্ৰীগৰাকীয়ে উল্লেখ কৰে । উল্লেখযোগ্য যে স্থানীয় ৰাইজৰ মতে বিৰজু সিং নামৰ অভিযুক্তজন এজন বিতৰ্কিত ব্যক্তি। একাধিক বিতৰ্কৰ সৈতে তেওঁ জড়িত বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ কৰে । আনহাতে, অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধেও পূৰ্বতে অভিযোগৰ আঙুলি উঠিছে বুলি স্থানীয় এক সূত্ৰই জানিবলৈ দিছে । মৰিয়নি আৰক্ষীয়ে ইতিমধ্যে ১১২/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ৩১৯ (২)/ ৭৯ ধাৰা, আৰ ডব্লিউ ছেকচন- ৬৭ আই টি এক্টৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে । ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । তদুপৰি দুয়োগৰাকী অভিযুক্তৰ সম্পৰ্কক লৈও এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে । 

দিব্যজ্যোতি শইকীয়া

You might also like