নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ৫৭৬ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধনী-শিলান্যাস মুখ্যমন্ত্ৰীৰ

নলবাৰী জিলা দিৱস উপলক্ষে নলবাৰী সদৰ সমষ্টিত বিকাশৰ এদিন পালনত ৫৭৬ কোটি টকা ব্যয়ৰে আজি  কেবাটাও প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাসৰ কাৰ্যসূচী ৰূপায়ন কৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ১৯৮৫ চনৰ ১৪ আগষ্টৰ দিনা নলবাৰী জিলা হিচাপে স্বীকৃতি লাভ কৰে। সেই অনুসৰি নলবাৰী জিলা প্ৰশাসনে উদযাপন কৰি অহা জিলা দিবসৰ কাৰ্যসূচীৰ অংশ হিচাপে নলবাৰীত আজি উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৫৭৬ কোটি টকা ব্যয়ৰে নলবাৰী সদৰ সমষ্টিত কেবাটাও প্ৰকল্প উদ্বোধন আৰু শিলান্যাসৰ কাৰ্যসূচী ৰূপায়ন কৰি নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আয়োজন কৰা বিশাল জনসভা সম্বোধন কৰি কয় এইদৰে- জিলা দিৱসৰ দিনটোত উপস্থিত হৈ গৌৰৱবোধ কৰিছোঁ। নলবাৰী জিলা এক সমৃদ্ধি ইতিহাসৰ গৰাকী।হৰ দত্ত,বীৰ দত্তৰ দিনত নলবাৰীয়ে এক স্বাধীন ৰাজ্যৰ মৰ্য্যদা লাভ কৰিছিল। কৌটিল্যৰ অৰ্থ শাস্ত্ৰত নলবাৰীৰ শিল্প উদ্যোগৰ কথা উল্লেখ থকা বুলি বিভিন্ন ইতিহাসবিদে লিখি থৈ গৈছে।

নলবাৰীৰ ইতিহাসত কুমাৰ ভাস্কৰ বৰ্মাৰ উপৰিও শালস্তম্ভৰ ৰজা আৰু পেমুৱা ৰজাৰ লগতে বহু কেইগৰাকী ৰজাৰ বিষয়ে উল্লেখ আছে।শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যৰ সুকীয়া পৰিচয় থকা নলবাৰীত ১৯৪৫ চনতেই স্থাপিত হৈছিল নলবাৰী কলেজ,নাৰী শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা নলবাৰীত ১৯৭৯ চনত স্থাপন হৈছিল মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা কলেজকে ধৰি বালিকা বিদ্যালয়।

নলবাৰীক সংস্কৃত শিক্ষাৰ নৱদ্বীপ বোলা হয়।১৯৩৮ চনত নলবাৰী সঞ্জীৱনী সভাৰ নেতৃত্বত আৰু প্ৰচেষ্টাত আচাৰ্য্য মনোৰঞ্জন শৰ্মা শাস্ত্ৰীক অধ্যক্ষ হিচাপেলৈ নলবাৰী সংস্কৃত কলেজৰ জন্ম হৈছিল। সংস্কৃত কলেজ আৰু কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ে নলবাৰীক অধিক সমৃদ্ধ কৰিছে বুলি উল্লেখ কৰি নলবাৰীৰ কেবাগৰাকী সংস্কৃত পণ্ডিতৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰি নলবাৰীৰ ইতিহাস সম্পৰ্কে বিস্তৃতভাৱে উল্লেখ কৰে।

নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আদৰণি ভাষন প্ৰদান কৰা জনাকীৰ্ণ সভাখনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা, সাহিত্য, সংস্কৃতি আদিত নলবাৰীৰ অৱদান থকা বুলি উল্লেখ কৰি সাহিত্য ক্ষেত্ৰখনত নলবাৰীয়ে গুৰুত্বপূৰ্ণ অৰিহনা যোগাই অহা বুলি উল্লেখ কৰি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী, বিহগী কবি ৰঘূনাথ চৌধাৰী,সাহিত্য ৰত্ন হৰিনাৰায়ন দত্ত বৰুৱা, ত্ৰৈলোক্যনাথ গোস্বামী, শশী শৰ্মা, মনোৰঞ্জন শাস্ত্ৰীকে ধৰি অজস্ৰ সাহিত্যিকে কবিতা,গদ্য আদি ৰচনাৰে ভাষা জননীৰ সেৱা কৰি আহিছে।নাট্য আৰু অভিনয় ক্ষেত্ৰতো নলবাৰীত গৌৰৱ উজ্বল ইতিহাস আছে। লোক সংস্কৃতিয়ে নলবাৰীক অধিক সমৃদ্ধিশালী কৰিছে।

ইপিনে, মূখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী চহৰত ৫৭৬ কোটি টকাৰ আঁচনিয়ে অসমৰ ভিতৰতে নলবাৰী এখন জাকত-জিলিকা চহৰ হিচাপে গঢ়ি উঠিব বুলি উল্লেখ কৰি নলবাৰীৰ পৰিৱৰ্তিত বিকাশৰ প্ৰগতিয়ে নলবাৰীক আজি আগবঢ়াই নিছে।উন্নয়নৰ সূৰুযৰ পোহৰ অসমখনত পৰিবই। প্ৰতিখন জিলাতেই ব্ৰহ্মপুত্ৰৰ ওপৰত একোখনকৈ দলং নিৰ্মাণ কৰিব পাৰিছোঁ। প্ৰতিখন জিলাতেই একোখনকৈ বিশ্ববিদ্যালয় স্থাপনৰ বাবে আগবাঢ়িছোঁ। প্ৰতিখন জিলাতেই মেডিকেল কলেজ স্থাপন কৰিব পাৰিছোঁ। নলবাৰীৰ পৰা গুৱাহাটীলৈ মেট্ৰ’ চলিব বা গুৱাহাটীৰ পৰা জাগীৰোডলৈ মেট্ৰ’ চলাৰ সপোন দেখোঁ। আমি সপোন দেখিব লাগে আকাশ চুবলৈ। আমাৰ ডেকাচামৰ শক্তি ইতিবাচক কামত ব্যৱহাৰ হ’লে বিকাশ কোনেও ৰোধ কৰিব নোৱাৰে।বিগত চাৰে-চাৰিটা বছৰত প্ৰত্যোকটো সপোন আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিছোঁ।

নলবাৰীৰ ৰাইজৰ সামূহিক প্ৰচেষ্টাৰ বাবে নলবাৰীলৈ পৰিৱৰ্তন আহিছে। আজি উন্নয়নৰ কল্পনাৰ পৰিধি পাৰ হৈ গৈছে।ভাৰতৰ ভিতৰতে পাঁচখন ৰাজ্যৰ ভিতৰত অসমখন কৰিব পাৰিম বুলি লক্ষ্য আছে।অসমৰ ৰাইজৰ আশীৰ্বাদত সেই লক্ষ্যত নিশ্চিতভাৱে উপনীত হৱ পাৰিম।অসমৰ প্ৰজ্ঞা নগৰী,শিক্ষা সংস্কৃতিৰ প্ৰান কেন্দ্ৰ নলবাৰীৰ বিকাশে আন আন অঞ্চললৈ আমাক গৌৰৱান্বিত কৰে। আন জিলাকো গৌৰৱান্বিত কৰে। মোৰ ঘৰৰ ভেটি নলবাৰীৰ শিপাৰ লগত জড়িত হৈ আছে।

নলবাৰীয়ে যেতিয়া বিকাশৰ দিশে আগবাঢ়ে তেতিয়া ব্যক্তিগতভাৱে গৌৰৱ অনুভৱ কৰোঁ।তাতকৈ বেছি সুখ অনুভৱ কৰো,নলবাৰীৰ বিকাশ যাত্ৰাত কৰবাত নহয় কৰবাত অলপ হ’লেও বৰঙণি আগবঢ়াব পাৰো।পূৰ্বে মই শিক্ষা মন্ত্ৰী হৈ থাকোতে নলবাৰীত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী হৈ থকাৰ সময়ত নলবাৰীত তাৰকা গৃহ নিৰ্মানত বৰঙণি,মুখ্যমন্ত্ৰী হৈ থকা সময়ত নলবাৰীত মেডিকেল কলেজ নিৰ্ম্মাণত বৰঙণী যোগাব পাৰিছিলো আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হৈ কুমাৰ ভাস্কৰ বৰ্মা উৰনীয়া সেতু, প্ৰজ্ঞা সেতু এই আটাইবিলাক নলবাৰীৰ বিকাশত যোৱা দহটা বছৰে কৰবাত নহয় কৰবাত অলপ হ’লেও বৰঙণি যোগাব পাৰিছোঁ।

এই নলবাৰীত আমাৰ জাতি সত্তাৰ নৱ জাগৰণ নৱ প্ৰজন্মই বিচাৰি লৱ বুলি আমাৰ বিশ্বাস। আমাৰ জাতি, সংস্কৃতি, মাটি আজি সংকটত।আমাৰ চৰকাৰখনে জাতি-মাটি-ভেটি,আমাৰ ঐতিহ্য,আমাৰ সনাতনী সংস্কৃতি ধৰি ৰাখিবলৈ কাম কৰিছোঁ। জাতি-মাটি-ভেটি,আমাৰ ঐতিহ্য, আমাৰ সনাতনী সংস্কৃতিৰ লগত যিয়ে ধেমালি কৰিব তাক আমাৰ চৰকাৰে ৱাক অভাৰ দিবলৈ প্ৰস্তুত নহয়।যদি জাতি-মাটি-ভেটিক ৰক্ষা কৰিব লাগে তেন্তে আমি আকৌ এবাৰ জননী জন্ম ভূমিক উৎসৰ্গা কৰিব লাগিব। জাতি আৰু মাটিৰ মূল শিপাডালো লাগিব।

নলবাৰীৰ উন্নয়নৰ যাত্ৰা আজি আৰম্ভণিহে,শেষ নহয়।উল্লেখ্যযে, এনেদৰে উদাত্ত ভাষন দি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মুঠ ৫৭৬ কোটি টকাৰ নলবাৰী সমষ্টিৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু শিলান্যাস কৰে।ইয়াৰ ভিতৰত  শিলান্যাস-১৯টা প্ৰকল্প,উদ্বোধন-৮টা আছে।মুখ্যমন্ত্ৰীগৰাকীয়ে ১.১৪ কোটি টকা ব্যয়ৰে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত নিৰ্মান কৰিব লগা নগৰীয়া পানী যোগান (২৪x৭) আৰু টেপৰ দ্বাৰা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ শিলান্যাস, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৩.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিব লগা মিৱাকি নগৰীয়া বনানীকৰন,গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিব লগা নলবাৰী হৰিজন কলনীৰ পুনৰনিৰ্মানৰ শিলান্যাস,১৭.৯৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মান কৰিব লগা অত্যাধুনিক সা-সুবিধা সম্পন্ন ‘নলবাৰী জিলা সন্মিলন কেন্দ্ৰ’ৰ শিলান্যাস,৮ কোটি টকীয়া স্ট্রীট লাইট প্রকল্পৰ শিলান্যাস, ৫ কোটি টকীয়া পয়ঃপ্রণালী প্রকল্পৰ শিলান্যাস, ১ কোটি টকীয়া ক্লক টাৱাৰৰ শিলান্যাস, ১৯ কোটি টকীয়া আবর্ত ভবনৰ শিলান্যাস,৩১ কোটি টকীয়া ধমধমা দক্ষতা প্রশিক্ষণ প্রতিষ্ঠানৰ শিলান্যাস,২৩ কোটি টকা ব্যয় সাপেক্ষে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অত্যাধুনিক ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ শিলান্যাস,২ কোটি টকীয়া হৰি মন্দিৰত নলযুক্ত নতুন পানী যোগান আঁচনিৰ শিলান্যাস,৩ কোটি টকীয়া জিলা ক্রীড়া প্রকল্পত নলযুক্ত পানী যোগান আঁচনিৰ শিলান্যাস,২ কোটি টকীয়া কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত নলযুক্ত পানী যোগান আঁচনিৰ শিলান্যাস,৩০ কোটি টকীয়া পাগলাদিয়া আৰু নোনা নদীৰ পাৰত খহনীয়া প্ৰতিৰোধ ব্যবস্থাৰ শিলান্যাস,৭৭ কোটি টকীয়া ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত ঘগ্ৰাপাৰ পথ উৰণ সেঁতুৰ শিলান্যাস,৫৯ কোটি টকীয়াঅসম ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰীজ প্ৰʼগ্ৰেমৰ অধীনত অসম স্থিতিস্থাপক গ্রাম্য সেঁতু কাৰ্যসূচী ২০২৪-২৫ৰ অধীনত ৬৩০.১৮ মিটাৰ দৈর্ঘ্য সামৰি ৮খন দলংৰ শিলান্যাস,২০ কোটি টকীয়া ২০২৫-২৬ বৰ্ষৰ বাবে মুখ্যমন্ত্ৰীৰ পকী পথ নির্মাণ আঁচনিৰ অধীনত ২৫.৯১ কিলোমিটাৰ দৈর্ঘ্য সামৰি ১৮টা পথৰ শিলান্যাস,৬ কোটি টকীয়া ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত ২০২৪-২৫ বৰ্ষৰ বাবে মুখ্যমন্ত্রীৰ উন্নত পকী পথ নির্মাণ আঁচনি (আৰ আই ডি এফ-xxx)ৰ অধীনত ৬ কিলোমিটাৰ পথৰ শিলান্যাস,৩ কোটি টকীয়া ২০২৪-২৫ বর্ষৰ বাবে প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ৫.৪৩ কিলোমিটাৰ পথৰ শিলান্যাস আৰু ৩ কোটি টকীয়া পল্লা ৰোডৰ পৰা বিবেকানন্দ কেন্দ্রীয় বিদ্যালয় হৈ ঢেঁকীয়াবাৰীলৈ যোৱা পথৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে,১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা মলজাতীয় আৱৰ্জনাৰ পৰিশোধন প্রকল্প উদ্বোধন,৫০ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰা এপিডিচিএলৰ গোপাল বজাৰ উপ আস্থান, চতমা উপ আস্থান, বালিতাৰা উপ আস্থান আৰু মিলন বজাৰ উপ আস্থান উদ্বোধন, ৬৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা বৰকুৰা পথ উৰণ সেতুৰ উদ্বোধন,১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২০২২-২৩ বর্ষৰ বাবে মুখ্যমন্ত্রীৰ উন্নত পকী পথ নির্মাণ আচনি (আৰ আই ডি এফ-xxvmৰ অধীনত ১০.৩ কিঃমিঃ দৈৰ্ঘ্যৰ পথ উদ্বোধন,৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২০২৪ বৰ্ষৰ বাবে মুখ্যমন্ত্রীৰ উন্নত পকী পথ নির্মাণ আঁচনি (আৰ আই ডি এফ-xxx)ৰ অধীনত ৪.৩ কিঃমিঃ দৈৰ্ঘ্যৰ পথৰ উদ্বোধন,৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২০২২-২৩ বর্ষব বাবে মুখ্যমন্ত্রীৰ পকী পথ নির্মাণ আঁচনিৰ অধীনত ৪.০২ কিঃমিঃ দৈর্ঘ্য সামৰি ২টা পকী পথৰ উদ্বোধন,৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা২০২৩-২৪ বৰ্ষৰ বাবে মুখ্যমন্ত্ৰীৰ নগৰীয়া পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ৯.৩৬ কিঃমিঃ দৈর্ঘ্য সামৰি ৩৭টা পকী পথ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।

নুষ্ঠানত ৰাজ্যৰ আন এগৰাকী জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,জিএমডিএৰ অধ্যক্ষ নাৰায়ন ডেকা,ৰাজ্য চৰকাৰৰ কেবাগৰাকী শীৰ্ষ আমোলা বিষয়া,জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসনৰ মুৰব্বী উপস্থিত থাকে।

বিশেষ বাৰ্তা, নলবাৰী, ১৪ আগষ্ট, ২০২৫

You might also like