নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পবিত্ৰ ভাদ মাহ : সহস্ৰাধিক ভক্তক আদৰিবলৈ সাজু ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰ

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : পবিত্ৰ ভাদ মাহত লক্ষাধিক ভক্তক আদৰিবলৈ ৰং-তুলিকাৰে সজাই তোলা হৈছে গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ। আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ প্ৰশাসনিক কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত পৰিচালনা সমিতিৰ সম্পাদক অসীম বৰাই কয় যে আগন্তুক পবিত্ৰ ভাদ মাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সেৱকী ৰাইজক আদৰিবলৈ  আঠখেলীয়া নামঘৰৰ পৰিচালনা  সমিতি সম্পূৰ্ণ সাজু হৈ উঠিছে। নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ১৬খনকৈ উপ-সমিতি গঠন কৰি দিয়াৰ লগতে গোলাঘাট জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ আগবাঢ়ি আহিছে। জিলা আয়ুক্তগৰাকীয়ে নিজে আহি বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ৫০ জনীয়া এটা আৰক্ষী দলক এমাহৰ কাৰণে নামঘৰত সেৱা আগবঢ়াবৰ বাবে নিয়োজিত কৰিছে।
শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ পূৰ্বৰ নিয়ম অনুসৰি এইবাৰো অন্য বছৰৰ দৰেই দৈনিক চাৰি প্ৰসংগৰ নাম বাহাল থাকিব। বৈদিক নীতি অনুসৰি, নিতৌ পুৱা ৫ বজাত পুৱাৰ নাম-প্ৰসংগ, দুপৰীয়া ১১ বজাত দুপৰৰ নাম-প্ৰসংগ, বিয়লি ২.৩০ বজাত বিয়লি প্ৰসংগ আৰু সন্ধিয়া ৭ বজাত সন্ধ্যা প্ৰসংগ চলিব। উল্লেখযোগ্য যে সম্পূৰ্ণ ভাদ মাহটোত দুজনকৈ সত্ৰাধিকাৰ গুৰু ৰাতুল মহন্ত আৰু নয়ন মহন্তুই নাম-প্ৰসংগ কৰিব বুলি জানিবলৈ দিছে। প্ৰতিগৰাকী সেৱকীয়ে প্ৰসাদ গ্ৰহণৰ পৰা বঞ্চিত নহ’বৰ বাবে আৰু দূৰ-দুৰণিৰ পৰা অহা প্ৰতিগৰাকী ভক্তৰ সুবিধাৰ্থে আঠখেলীয়াৰ প্ৰতিটো খেলে জলপানৰ ব্যৱস্থাও কৰিছে। ইফালে, বিগত বৰ্ষবোৰৰ দৰে এইবাৰো সেৱকী ৰাইজৰ সুবিধাৰ্থে বীৰ লাচিত সেনা, টাই আহোম ছাত্ৰ সন্থা আৰু আহোম সংগঠনসমূহৰ লগতে চুতীয়া ছাত্ৰ সন্থা, আঠখেলীয়া আঞ্চলিক ছাত্ৰ সন্থা আদি সংগঠনে চৰৱত আৰু ঠাণ্ডা পানী যোগান ধৰিবৰ বাবে আগবাঢ়ি আহিছে।
আন বছৰবোৰৰ দৰে এইবাৰো গোলাঘাট, যোৰহাট জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিপণীৰে “আঠখেলীয়া নামঘৰ মেলা” অনুষ্ঠিত কৰি ৰাইজক সেৱা কৰিবলৈ নামঘৰ পৰিচালনা সমিতি সাজু হৈ পৰিছে। আনহাতে, ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰভাগিত কিছু বছৰৰ পূৰ্বে খেলুৱৈ ৰাইজৰ ভুল বুজাবুজিবশতঃ এক অনাকাংক্ষিত বিবাদ হৈছিল যদিও এই বৰ্ষত সেই ভুল বুজাবুজিৰ বিবাদ আঁতৰ কৰি সকলো খেলুৱৈ ৰাইজ মিলা-প্ৰীতিৰে সেৱকী ৰাইজক সেৱা-শুশ্ৰূষা কৰিবলৈ আগবাঢ়ি আহিছে বুলি আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকাই অসমবাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে ৰাজ্যৰ সকলো সেৱকীৰ আগমনেৰে আঠখেলীয়া নামঘৰভাগ আধ্যাত্মিকভাৱে জীপাল কৰি তুলিবলৈ আমন্ত্ৰণ জনাইছে।
You might also like