নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ড্ৰাগছ মাফিয়াৰ ঘৰত ৰাইজৰ লংকাকাণ্ড : পলাল মইনুল

বিশেষ বাৰ্তা, ১৭ আগষ্ট : আজি পুৱাৰ ভাগতে নগাঁও চহৰৰ ম’হখুলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কুখ্যাত ড্ৰাগছ মাফিয়া ম’হখুলিৰ মইনুল হকৰ ঘৰ-দুৱাৰ ভাঙি স্থানীয় ৰাইজে লণ্ডভণ্ড কৰে।
উল্লেখ যে কুখ্যাত ড্ৰাগছ মাফিয়া মইনুল হকে দীৰ্ঘদিন ধৰি ম’হখুলিৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। ম’হখুলিৰ পৰাই নিয়ন্ত্ৰিত হৈছিল ড্ৰাগছৰ বজাৰখন। স্থানীয় ৰাইজে এই সন্দৰ্ভত বিভিন্ন সময়ত আৰক্ষী আৰু জিলা প্ৰশাসনক ম’হখুলিত চলি থকা ড্ৰাগছৰ অবৈধ বেহা বন্ধ কৰিবলৈ দাবী জনাই আহিছিল যদিও প্ৰশাসনে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ৰাইজে। সেয়ে ক্ষুব্ধ ৰাইজে আজি পুৱাৰ ভাগতে ড্ৰাগছ মাফিয়া মইনুল হকৰ ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰাৰ লগতে মইনুল হকৰ দুখনকৈ দোকান ভাঙি পেলায়।
পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অৱশ্যে ড্ৰাগছ মাফিয়া মইনুল হকে পলাই যাবলৈ সক্ষম হয়। স্থানীয় ৰাইজে অঞ্চলটোৰ পৰা সমূলঞ্চে ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ বন্ধ কৰিবৰ বাবে নগাঁও আৰক্ষী প্ৰশাসনক দাবী জনাইছে।
প্ৰেৰক কনক হাজৰিকা
You might also like