নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰত SDRF-এ কৰিব নোৱাৰা কাম কৰি দেখুৱালে দুজন মাছমৰীয়াই, উদ্ধাৰ তিনি মৃতদেহ

চাপৰত SDRF-ৰ অভিযানঃ  অৱশেষত চাপৰৰ চম্পাৱতী নৈত মাছমৰীয়া আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় তিনিজনকৈ যুৱকৰ মৃতদেহ। স্থানীয় ৰাইজৰ সহযোগত মাছমৰীয়াৰ প্ৰচেষ্টাত টুলুঙা নাও আৰু জালেৰে নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ থকা তিনি বন্ধুৰ মৃতদেহ উদ্ধাৰ কৰে। SDRF বাহিনীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে দুজন মাছমৰীয়াই।

উল্লেখ্য যে চাপৰৰ বহলপুৰ পাতালপুৰস্থিত চম্পাৱতী নৈত ঘটে এই অঘটন। চম্পাৱতী নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল তিনি বন্ধুৰ। আৰু স্থানীয় ৰাইজৰ সহযোগত দুজন মাছমৰীয়াৰ প্ৰচেষ্টাত টুলুঙা নাও আৰু জালেৰে চলিছিল উদ্ধাৰ অভিযান। অৱশেষত মাছমৰীয়া দুজনৰ উদ্ধাৰ অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুজনকৈ যুৱকৰ মৃতদেহ।

মৃত যুৱকদ্বয় ক্ৰমে হীৰকজ্যোতি সিংহ আৰু জিতু ৰায় বুলি জানিব পৰা গৈছে। সন্ধানহীন হৈ আছিল নৱজিৎ সিংহ। বহু পলমকৈ হ’লেও ঘটনাস্থলীত উপস্থিত হৈ SDRF বাহিনীয়ে নৱজিৎ সিংহক বিচাৰি চলাইছে উদ্ধাৰ অভিযান। দুঘন্টাতকৈ অধিক সময় উদ্ধাৰ অভিযান চলোৱাৰ পিছতো ব্যৰ্থ হয় SDRF বাহিনী।

পিছত স্থানীয় ৰাইজৰ অনুৰোধত পুনৰ মাছমৰীয়া দুজনে উদ্ধাৰ অভিযান চলাই নিখোজ হৈ থকা নৱজিৎ সিংহৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে জিতু ৰায় প্ৰথম ষান্মাসিকৰ ছাত্ৰ। আনহাতে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ নৱজিৎ সিংহ আৰু হীৰকজ্যোতি সিংহ। তিনিওৰে ঘৰ বহলপুৰৰ বৰপাৰাৰ প্ৰথম খণ্ডত। নৱিজৎ সিংহ আৰু হীৰকজ্যোতি সিংহ একে পৰিয়ালৰ ভাই ককাই বুলি জানিব পৰা গৈছে।

আনপিনে ৰাইজৰ ককৰ্থনাত পানী পথেৰে পলায়ন কৰিবলৈ বাদ্য হয় SDRF বাহিনী। আধুনিক হ’ল SDRF, আধুনিক যন্ত্ৰ ব্যৱহাৰ ঠিকে কৰে কিন্তু স্মাৰ্ট হ’ব নোৱাৰিল SDRF বাহিনী বুলি কটাক্ষ কৰে স্থানীয় ৰাইজে। অৱশেষত উদ্ধাৰ হোৱা মৃতদেহ আৰক্ষীয়ে চাপৰ থানালৈ লৈ আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে।

Niyomiya Barta Desk, 18 August, 2025

You might also like