Accident News : দুলীয়াজান-ত ভয়ংকৰ পথ দুৰ্ঘটনা : হতাহত ২
Accident News : নিশা দুলীয়াজান ত ভয়ংকৰ পথ দুৰ্ঘটনা। দুলীয়াজানৰ ভাদৈ আৰক্ষী চকীৰ অন্তৰ্গত বকুলনী চাৰিআলিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে এজন নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।
AS-06A-M2618 নম্বৰৰ এখন পালছাৰ বাইক আৰু AS-23AK-3072 নম্বৰৰ এখন হিৰো গ্লেমাৰ বাইক দুর্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাত নিহত যুৱকজন লাংকাছীৰ ভেৰভেৰি গাঁৱৰ ৰোচন চুৰিন বুলি জানিব পৰা গৈছে।
আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লাংকাছীৰ গুটিবাৰী অঞ্চলৰ বিশ্বাস ৰাজপুতক আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা সংকটজনক অৱস্থাত উদ্ধাৰ কৰি দুলীয়াজান অইল ইণ্ডিয়া হাস্পতাললৈ অনা হয় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে বিশ্বাস ৰাজপুতক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।
Niyomiya Barta Desk, 18 August, 2025