নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Dhing Thief arrested : ধিং আৰক্ষীৰ জালত ৩ কুখ্যাত গাড়ী চোৰ

Dhing Thief arrested : ধিং আৰক্ষীৰ জালত আন্তঃৰাজ্যিক কুখ্যাত গাড়ী চোৰ চক্ৰ। ধিং আৰক্ষীয়ে লাহৰীজানৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিটা গাড়ী চোৰ তিনিটাক। ধৃত গাড়ী চোৰকেইটা হ’ল জুৰীয়া দগাঁৱৰ মেহফাছ আলম শ্বাহ, নয়নজ্যোতি শইকীয়া আৰু জখলাবন্ধাৰ বাস্তৱ শইকীয়া। লগতে গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড ধিঙৰ শালকাটিৰ আছিকুৰ ৰহমান বৰ্তমান পলাতক ।

ধিঙৰ শালকাটিৰ দিলদাৰ হুছেইন নামৰ এজন যুৱকৰ AS O1-SC 9717 নম্বৰৰ বলেৰো পিক আপ গাড়ী খন গাড়ী চুৰি চক্ৰটোৱে চুৰি কৰিছিল। গাড়ীখনৰ গৰাকী দিলদাৰ হুছেইনৰ এজাহাৰ দিয়াৰ পিছতেই ধিং আৰক্ষীয়ে অভিযান চলাই লাহৰীজানৰ পৰা গাড়ীখন উদ্ধাৰ কৰে। গাড়ী চুৰি চক্ৰটোৱে গাড়ীখন ডিমাপুৰলৈ লৈ যোৱাৰ পৰিকল্পনা আছিল ।

উল্লেখ্য যে এই গাড়ী চুৰি চক্ৰটোৱে দীৰ্ঘদিন ধৰি নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা গাড়ী আৰু বাইক চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে।

Niyomiya Barta Desk, 18 August, 2025

You might also like