টি-২০ দলৰ নেতৃত্ব হেৰুৱাব পাৰে সূর্য কুমাৰ যাদৱে
🔹 ক্রিকেটৰ তিনিওটা সংস্কৰণতে এগৰাকী অধিনায়ক বিচাৰিছে প্রশিক্ষক গম্ভীৰে
নিউজ ডেস্ক, ১৮ আগষ্ট : গৌতম গম্ভীৰে ভাৰতীয় টেষ্ট দলৰ প্রশিক্ষকৰ দায়িত্ব গ্রহণ কৰাৰ পিছতেই এই ফৰমেটৰ পৰা অৱসৰ লৈছিল ৰবীচন্দ্রন অশ্বিন, বিৰাট কোহলি আৰু ৰোহিত শর্মাই৷ ভাৰতৰ তিনিওগৰাকী ছিনিয়ৰ ক্রিকেটাৰৰ অৱসৰৰ বাবে প্রশিক্ষক গম্ভীৰকে বহুতে দায়ী কৰিব বিচাৰিছিল৷
সম্প্রতি টেষ্ট দলৰ নেতৃত্ব গ্রহণ কৰিছে শুভমন গিলে৷ পুৰণা ক্রিকেটাৰৰ সলনি দলত নতুন মুখ দেখা গৈছে৷ টেষ্ট দলৰ পিছত এইবাৰ ভাৰতীয় টি–২০ দলৰো পৰিৱর্তন বিচাৰিছে প্রশিক্ষকগৰাকীয়ে৷
ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি গম্ভীৰে তিনিওটা সংস্কৰণতে এজনেই অধিনায়ক বিচাৰিছে৷ বর্তমান ভাৰতৰ তিনিটা সংস্কৰণত তিনিজন অধিনায়ক৷ টেষ্টত শুভমন গিল, এদিনীয়াত ৰোহিত শর্মা আৰু টি–২০ত সূর্য কুমাৰ যাদৱ৷ কিন্তু সেয়া বিচৰা নাই গম্ভীৰে৷ ইয়াৰ পৰাই বুজা গৈছে যে এদিনীয়া ক্রিকেটতো হয়তো ৰোহিত শর্মা বেছিদিন নাথাকিব৷ অষ্ট্রেলিয়া শৃংখলাৰ পিছতে অৱসৰ ল’ব পাৰে তেওঁ৷ শুভমনক অধিনায়কৰ দায়িত্ব দিলে সূর্য কুমাৰে নেতৃত্ব হেৰুৱাব৷ অৱশ্যে সেয়া হয়তো এছিয়া কাপৰ পিছতহে সম্ভৱ হ’ব৷ এছিয়া কাপত সূর্য কুমাৰৰ ওপৰতে ভৰসা ৰাখিব বিচাৰে ব’র্ডে৷
ভাৰতৰ টি–২০ দলত এতিয়া শুভমনৰ স্থান স্থায়ী নহয়৷ কিন্তু যদি গম্ভীৰে তেওঁক অধিনায়কৰ দায়িত্ব দিয়াৰ কথা ভাবিছে, তেনেহ’লে এছিয়া কাপৰ দললৈ প্রত্যাৱর্তন ঘটিব পাৰে শুভমনৰ৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি টি–২০ৰ বাবে বিশেষজ্ঞ খেলুৱৈ সৃষ্টি কৰিব বিচাৰিছে গম্ভীৰে৷ তেওঁলোকে কেৱল টি–২০ ফৰমেটতহে খেলিব৷ প্রত্যেককে নিজৰ দায়িত্ব বুজাই দিয়া হ’ব৷ সুকীয়াকৈ ফিনিছাৰ হিচাপে তেওঁ কাকো বিচৰা নাই৷ ব’ৰ্ডৰ এগৰাকী কর্মকর্তাৰ মতে, ক্রিকেটাৰসকলৰ দক্ষতা অনুসৰি তেওঁলোকৰ দায়িত্ব ভগাই দিয়া হ’ব৷ কাৰো স্থান নির্দিষ্ট নহয়৷ উদাহৰণস্বৰূপে কোৱা হৈছে যে শিৱম ডুবে যিদৰে তলৰ ফালে খেলিব পাৰে, তেনেদৰে প্রয়োজন অনুসৰি শীর্ষ ক্রমতো নামিব পাৰে৷ এনে ক্রিকেটাৰে বিচাৰিছে গম্ভীৰে৷ তেওঁৰ পৰিকল্পনাৰ ৰেঙনি দেখা যাব পাৰে এছিয়া কাপত৷ পূর্বেও গম্ভীৰে বাৰে বাৰে কৈছে যে আইপিএলৰ প্রদর্শনৰ ওপৰত নির্ভৰ কৰি টি–২০ দল গঠন কৰা উচিত৷ তেওঁৰ দল নির্বাচনত সেই ছবি দেখা যাব পাৰে৷