নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনেকৈ এতিয়াও GMCH-ৰ অধ্যক্ষৰ দায়িত্বত আছে অচ্যুত বৈশ্য?

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ৰ এনআইচিইউত বিছনাৰ পৰা পৰি এটি শিশুৰ মৃত্যুৰ ঘটনাই জোকাৰিছে স্বাস্থ্য বিভাগ৷ চৰম অৱহেলা আৰু গুৰুত্বহীনতাৰ ফলতেই সংঘটিত এই ঘটনাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও চৰম লজ্জানত হ’ব লগা হৈছে৷ কার্যতঃ এনে ঘটনাৰ বাবেই মূলতঃ অভিযোগৰ আঙুলি উঠিছে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ ওপৰত৷

জিএমচিএইচত যোৱা দীর্ঘ সময় ধৰি অধ্যক্ষৰ দায়িত্বত থকা অচ্যুত বৈশ্যৰ যে চিকিৎসালয়খনৰ কর্মচাৰীৰ ওপৰত নিয়ন্ত্রণ নাই, সেয়া স্পষ্ট হৈ পৰিছে নৱজাতকৰ মৃত্যুৰ ঘটনাত৷ ইতিমধ্যে সমগ্র ঘটনাক লৈ মুখ্যমন্ত্রীয়ে খেদ প্রকাশ কৰাৰ লগতে জিএমচিএইচৰ অধ্যক্ষকো দিছে এজাউৰি৷

জানিব পৰা মতে, প্রশাসনিক দক্ষতা নথকা অধ্যক্ষ অচ্যুত বৈশ্যৰ কার্যকলাপক লৈ কেইবাবাৰো অভিযোগ উত্থাপিত হৈছে৷ এনে অভিযোগৰ পিছত শেহতীয়াকৈ নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ অধ্যক্ষ সলনিৰো চিন্তা–চর্চা কৰিছে স্বাস্থ্য বিভাগে৷ দিছপুৰৰ সূত্র অনুসৰি অচ্যুত বৈশ্যৰ ঠাইত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰমেন তালুকদাৰ অথবা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ বাবুল বেজবৰুৱাক GMCH লৈ অধ্যক্ষ ৰূপে অনাৰ চিন্তা–চর্চা চলিছে৷

মন কৰিবলগীয়া যে এনএইচএমৰ কার্যবাহী সঞ্চালক হিচাপে দায়িত্বত থকা অৱস্থাতেই ক’ভিড পৰিস্থিতিৰ সময়ত জিএমচিএইচৰ অধ্যক্ষ ৰূপে দায়িত্ব লাভ কৰা অচ্যুত বৈশ্যৰ প্রশাসনিক অদক্ষতাৰ বাবেই জিএমচিএইচত অৰাজকতা চলা বুলিও অভিযোগ উত্থাপন হৈছে৷ কর্মচাৰীৰ ওপৰত কর্তৃপক্ষৰ নিয়ন্ত্রণ নথকাৰ লগতে চিকিৎসালয়খনত উৎকোচ বিচৰাটো অতি সুলভ দৃশ্য ৰূপেও পৰিগণিত হৈ আহিছে৷

সেয়াই নহয়, চিকিৎসাকর্মীৰ পৰা ৰোগী–ভিভাৱকে ভাল মাত নাপায় বুলিও অভিযোগ উঠি আছে৷ এনে অভিযোগক লৈয়ে কালি মুখ্যমন্ত্রী ড০ শর্মা যথেষ্ট নাৰাজ হোৱাই নহয়, অধ্যক্ষ অচ্যুত বৈশ্যক সন্মুখত ৰাখিয়েই এজাউৰি দিয়া পৰিলক্ষিত হ’ল৷

চিকিৎসালয়খনত একাংশ দালাল শ্রেণীৰ লোকে ৰোগী আৰু অভিভাৱকক বিভিন্ন ধৰণে অসুবিধাত পেলোৱাৰ পোনপটীয়া অভিযোগ লাভ কৰিছিল মুখ্যমন্ত্রীয়ে৷ এনে অভিযোগৰ পাছতেই অধ্যক্ষ অচ্যুত বৈশ্যক উদ্দেশ্যি মুখ্যমন্ত্রীৰ মন্তব্য– জিএমচিএইচত এইবিলাক নচলিব৷ দালালবিলাকক ভালকৈ ধৰক, আপোনালোকে অকল ট্রিটমেণ্ট কৰি নথ’ব৷ দালালক ধৰি লগে লগে আৰক্ষীক চমজাই দিব৷ সমান্তৰালভাৱে মুখ্যমন্ত্রীয়ে এইবুলিও নির্দেশ দিয়ে– আপোনালোকে এজন উপ–অধীক্ষক দিয়ক যাতে মানুহবোৰৰ অভিযোগ শুনিব পাৰে৷ দুখীয়া মানুহৰ কথা নুশুনো বুলি এৰি দিলে এনেকুৱাই হ’ব৷ আনহাতে, নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ অধ্যক্ষ অচ্যুত বৈশ্যই জিএমচিএইচত ৰোগীৰ যথেষ্ট ভিৰ বুলি মন্তব্য কৰিছিল৷

অধ্যক্ষৰ এনে মন্তব্যক লৈও মুখ্যমন্ত্রী ড০ শর্মাই প্রতিক্রিয়া প্রকাশ কৰি কৈছিল– তেওঁলোকে এইটো কথা ক’ব নাপায়৷ মই দুখ পাইছোঁ৷ প্রয়োজনতকৈ জিএমচিএইচত চিকিৎসক, নার্ছ, ৱার্ড বয় অধিক আছে৷ ষ্টাফৰ কোনো সমস্যা নাই৷ তেওঁলোকে এয়া দায়সৰা মন্তব্য কৰিছে৷ ভুলক ভুল বুলি স্বীকাৰ কৰাৰ সাহস থাকিব লাগে৷ নৱজাতকৰ মৃত্যুৰ ঘটনাৰ বাবে অধ্যক্ষই ক্ষমা খুজিব লাগে৷ মন কৰিবলগীয়া যে নৱজাতকৰ মৃত্যুৰ ঘটনাক লৈ কালি অধ্যক্ষ অচ্যুত বৈশ্যই মর্মান্তিক ঘটনাটো বিমান দুর্ঘটনাৰ সৈতে ৰিজাইছিল৷

অধ্যক্ষগৰাকীৰ মন্তব্য আছিল– এয়া এক সাধাৰণ দুর্ঘটনা৷ এৰোপ্লেন দুর্ঘটনা হোৱাৰ পিছত আন এখন বিমান উৰি যায়৷ গাড়ী দুর্ঘটনাগ্রস্ত হয়৷ সেই বুলি ৰাস্তা বন্ধ কৰি দিম নেকি৷ গতিকে এইটো এটা এক্সিডেণ্ট৷ এনেধৰণৰ টুলুঙা মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ মুখ্যমন্ত্রীয়ে জিএমচিৰ অধ্যক্ষগৰাকীৰ প্রশাসনিক অদক্ষতাক লৈ এনেদৰে লাজ পাবলগা হোৱা ঘটনাক লৈ স্বাস্থ্য বিভাগতো যথেষ্ট চর্চা চলিছে৷

আনহাতে অধ্যক্ষ অচ্যুত বৈশ্যই জিএমচিএইচত এহেজাৰলৈ নৱজাতকক চিকিৎসা কৰিবলগা হয় বুলি মন্তব্য কৰি কৈছিল যে এনআইচিইউত ৭৬খনহে বেড আছে৷ তেনেস্থলত বেবী আহিলে আমি ঘূৰাই পঠিয়াব নোৱাৰোঁ৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্রীয়ে অধ্যক্ষ বৈশ্যক কাষত ৰাখি স্পষ্ট কৰে যে ৰোগী বেছি হোৱা বুলি কৈ ঘটনাৰ পৰা দায় সাৰিব নোৱাৰে৷ এয়া মানৱীয় ভুল৷ ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব৷ কিন্তু ভুলটোক ভুল বুলি ক’ব লাগিব৷ বেলেগ কথা কৈ ভুলটো নহয় বুলি ক’বলৈ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ৷ এয়া এক ভুল আৰু অক্ষমণীয় অপৰাধ৷ এইগৰাকী অচ্যুত বৈশ্যৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে লজ্জানত হ’বলগা ঘটনাক লৈও স্বাস্থ্য বিভাগত জোকাৰণিৰ সৃষ্টি হৈছে৷

এইক্ষেত্রত চৰকাৰে জিএমচিএইচৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কিধৰণৰ পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

Niyomiya Barta desk, 20 August

You might also like