নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Editorial Today : পৰাক্রমী পূর্বোত্তৰ

Editorial Today : অসম চৰকাৰে শ্রীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রৰ জৰিয়তে ৰূপকোঁৱৰ নাট্য উৎসৱ নামেৰে এটি নাট্য উৎসৱৰ আয়োজন কৰি আহিছে৷ এই বছৰৰ এই উৎসৱ অধিক ফলদায়ক হিচাপে পৰিকল্পনা আৰু উপস্থাপনা কৰা হৈছে৷ এটা বিশেষ আদর্শৰ প্রতিফলন ঘটাব পৰাকৈ এই উৎসৱৰ চৰিত্র নির্ধাৰণ কৰা হৈছে আৰু নাম দিয়া হৈছে পৰাক্রমী পূর্বোত্তৰ৷ স্বাধীনতা আন্দোলনত অসমৰ বহু বীৰ সন্তানে পৰাক্রম প্রদর্শন কৰিছিল, তাৰ কিছু কথা ৰাইজে জানে, কিছু কথা আন্ধাৰত ৰৈ গৈছে৷

এই পৰাক্রমী বীৰসকলৰ কেইগৰাকীমানৰ কাহিনীক নাটককেইখনৰ যোগে পুনৰবাৰ প্রকাশ কৰা হৈছে৷ এহ আয়োজন অকল এটা সাংস্কৃতিক মহোৎসৱ নহয়, ই এনে এটা বৌদ্ধিক প্রচেষ্টা, যাৰ জৰিয়তে আঞ্চলিক হতিহাসক ৰাষ্ট্রীয় স্বাধীনতা আন্দোলনৰ বৃহৎ কাহিনীৰ সৈতে সংযোগ কৰা হৈছে৷ এই বৌদ্ধিক আয়োজনৰ আন এটা দিশ হ’ল এই উৎসৱৰ বাবে সাতগৰাকী নাট্যকাৰৰ হতুৱাই সাতখন নাটক ৰচনা কৰা কামটি৷

সাতখন নতুন নাটকৰ প্রথম প্রদর্শনৰ এই উৎসৱটি অকল নাটকৰে উৎসৱ হৈ থকা নাই, ই সৃজনীশীল সাহিত্যৰো উৎসৱলৈ পৰিৱর্তিত হৈছে৷ নাট্যকাৰ কেইগৰাকীয়ে গভীৰ গৱেষণা কৰি আঞ্চলিক সামাজিক আৰু ৰাজনৈতিক হতিহাস, মৌখিকভাৱে প্রচলিত কাহিনী আৰু আর্কাহভৰ পৰা তথ্য সংগ্রহ কৰি নাটকৰ সমল সংগ্রহ কৰিছে৷ এই প্রণালীবদ্ধ অধ্যয়নে নাটকক হতিহাসৰ গৱেষণা আৰু জনসাধাৰণৰ মাজত ডপস্থাপনৰ এক বিকল্প মঞ্চ হিচাপে প্রতিষ্ঠা কৰিছে৷

এই উৎসৱত নাটক অকল নাটকেই হৈ থকা নাই, ই হৈছে বিদ্যায়তনিক প্রচেষ্টা, য’ত আছে গৱেষণা আৰু ইতিহাসক নতুন দৃষ্টিৰে চোৱাৰ প্রয়াস৷ চৰকাৰী–বেচৰকাৰী প্রচেষ্টাত বিভিন্ন ঠাইত বিভিন্ন আকাৰৰ নাট্য উৎসৱ অনুষ্ঠিত হৈয়েই থাকে৷ কিন্তু এই ধৰণৰ বিদ্যায়তনিক দিশ সমৃদ্ধ কৰিব পৰা প্রণালীবদ্ধ প্রয়াসৰ উদাহৰণ ৰচিত হোৱা নাই৷ নাটৰ প্রযোজনাৰ সফলতাৰ দিশটোক লৈ স্বাভাৱিকভাৱেই মতভেদ থাকিব৷ কিন্তু এটি উৎসৱে একেলগে সাতখন নতুন নাটকৰ জন্ম দিলে, এই প্রাপ্তি সংস্কৃতিজগতৰ বাবে এটি ডাঙৰ কথা৷

উৎসৱৰ নাটক সাতখনৰ ছয়খনৰ মঞ্চায়ন কৰাৰ দায়িত্ব অর্পণ কৰা হৈছিল অসমৰ ছয়টি নাট্যদলক আৰু এখন কৰিছে কলাক্ষেত্র সমাজে৷ এই ছয়টা নাট্যদল অসমৰ বিভিন্ন ঠাইৰ৷ এই নাট্যদলকেইটিক গুৱাহাটীৰ এখন ডাঙৰ মঞ্চত নাটক কৰিবলৈ দিয়া সুবিধাই সেই অঞ্চলবোৰতো বিশেষ প্রভাৱ পেলাব৷ বর্তমান সময়ত নাট্যদলবোৰে বহু অভিনেতা থকা নাটক কৰিবলৈ সাহস নকৰা হৈছে৷ এই সাহসহীনতাৰ বহু কাৰণ আছে আৰু সেই কাৰণবোৰৰ এটা হ’ল আর্থিক অক্ষমতা৷

এই উৎসৱে নাট্যদলবোৰক বিশাল আকাৰৰ নাটক কৰিবলৈ আর্থিক সহায় আগবঢ়াইছে৷ এই সহায় কিমান মূল্যৱান আৰু তাৰ গভীৰতাই নাট্যদবোৰক বহুদিনলৈ অনুপ্রাণিত কৰি থাকিব৷ এখন ডাঙৰ নাটকত বহুসংখ্যক লোক বিভিন্ন ধৰণে জডিত হয় আৰু ফলত ঠাইখনৰ সাংস্কৃতিক পৰিমণ্ডলত এটা বিশেষ ধনাত্মক ছাপ পৰে৷ গুৱাহাটীত মঞ্চস্থ হ’বলগীয়া নাটক এখনে গুৱাহাটীৰ পৰা বহু দূৰৈৰ সীমিত সুবিধা থকা ঠাই এখনৰ সাংস্কৃতিক পৰিৱেশ উজ্জীৱিত কৰিব পাৰিছে, এয়া এই উৎসৱৰ এটা বৃহৎ সাফল্য৷

সামগ্রিকভাৱে এই নাট্য উৎসৱে অসমৰ অপেছাদাৰী নাট্যজগতৰ দেহত নতুন তেজৰ সংযোজন ঘটাইছে৷ একোখন নাটক বহুজনৰ বহু শ্রমৰ অন্তত থিয় হৈ উঠে৷ এটা মাত্র দর্শনীতে নাটকখনৰ গতি স্থবিৰ হৈ যোৱা উচিত নহয়৷ কিন্তু এনে বিশাল আয়োজনৰ নাটক একোখন অপেছাদাৰী দলবোৰে কৰাও সম্ভৱ নহয়৷ এইক্ষেত্রত চৰকাৰেই সহায় কৰিব লাগিব৷ চৰকাৰে সদায়েই নাট্য উৎসৱ পাতি থকাটো সম্ভৱ নহয়, কিন্তু বিভিন্ন জিলাৰ বিভিন্ন বিভাগে বিভিন্ন সময়ত আয়োজন কৰি অহা সাংস্কৃতিক অনুষ্ঠানৰ অংশ হিচাপে এনে নাটককেইখন ঠায়ে ঠায়ে মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰিব পাৰে৷

লগতে নির্বাচিত কেইখনমান নাটক ভাৰতৰ অন্য ৰাজ্যতো মঞ্চস্থ কৰাৰ পৰিকল্পনা কৰিব পাৰে, যাৰ ফলত অসমৰ পৰাক্রমী বীৰসকলক ৰাষ্ট্রীয় মঞ্চত চিনাকি কৰোৱা হ’ব৷ অসম চৰকাৰৰ এহ আয়োজনক হতিহাসৰ পুনৰুদ্ধাৰ আৰু বিদ্যায়তনিক পৰীক্ষাৰ এটা অংশ হিচাপে ধৰা ডচিত৷ এই নাট্যোৎসৱে প্রমাণ কৰে যে নাট্যশিল্প একে সময়তে সাংস্কৃতিক অভিব্যক্তি, ঐতিহাসিক দলিল আৰু সামাজিক চেতনাৰ দাপোণ হিচাপে কার্যকৰী হৈ উঠিব পাৰে৷

You might also like